ETV Bharat / technology

স্মাৰ্টফোনৰ ৰপ্তানিৰ জৰিয়তে ভাৰতে গঢ়িলে নতুন অভিলেখ; শীৰ্ষত এপল - INDIA’S SMARTPHONE EXPORTS

বৃদ্ধি হৈছে ভাৰতৰ স্মাৰ্টফোনৰ ৰপ্তানি ৷ নৱেম্বৰ মাহত 20,300 কোটি টকাৰ ৰপ্তানিৰ অভিলেখ সৃষ্টি কৰিছে ৷ ইয়াৰ শীৰ্ষত আছিল এপল ।

India's Smartphone Exports Hit Record Rs 20,300 Crore In November, Led By Apple
স্মাৰ্টফোনৰ ৰপ্তানিৰ জৰিয়তে ভাৰতে গঢ়িলে নতুন অভিলেখ; শীৰ্ষত এপল (IANS)
author img

By ETV Bharat Tech Team

Published : Dec 17, 2024, 2:25 PM IST

হায়দৰাবাদ: ভাৰতে চলিত বৰ্ষৰ নৱেম্বৰ মাহত স্মাৰ্টফোনৰ ৰপ্তানিৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰিছে ৷ সৰ্বাধিক চাহিদা লাভ কৰিছে এপলে ৷ বিগত এমাহৰ ভিতৰত প্ৰথমবাৰৰ বাবে 20 হাজাৰ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে স্মাৰ্টফোনৰ ৰপ্তানিয়ে । উদ্যোগৰ তথ্য অনুসৰি স্মাৰ্টফোনৰ ৰপ্তানিয়ে 20,300 কোটি টকা অতিক্ৰম কৰিলে, যিটো যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত 90 শতাংশতকৈ অধিক বৃদ্ধি ।

যোৱা মাহত ৰপ্তানিৰ ক্ষেত্ৰত এপলে আগবাঢ়িছিল ৷ তাৰ পিছতে আছিল ছেমছাং । উদ্যোগৰ তথ্য অনুসৰি যোৱা বছৰৰ নৱেম্বৰ মাহত দেশৰ পৰা স্মাৰ্টফোন ৰপ্তানি হৈছিল 10,600 কোটি টকাৰো ওপৰত ।

চৰকাৰৰ প্ৰডাকচন লিংকড ইনচেণ্টিভ (পিএলআই) আঁচনিৰ সহায়ত চলিত বিত্তীয় বৰ্ষৰ সাত মাহত দেশত এপলৰ আইফোন উৎপাদন 10 বিলিয়ন ডলাৰত উপনীত হৈছে ৷ 7 বিলিয়ন ডলাৰৰ ৰপ্তানি হৈছে - যিটো এক অভিলেখ ।

এপলে যোৱা বিত্তীয় বৰ্ষত (24 বিত্তীয় বৰ্ষ) ভাৰতত 14 বিলিয়ন ডলাৰৰ আইফোন নিৰ্মাণ/সংকলন কৰিছিল ৷ 10 বিলিয়ন ডলাৰতকৈ অধিক মূল্যৰ আইফোন ৰপ্তানি কৰিছিল ।

কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু আই টি মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ মতে, "7 মাহত স্মাৰ্টফোন পিএলআই আঁচনিৰ বাবে এইটো আন এক মাইলৰ খুঁটি ।" যোৱা মাহত X ত পোষ্ট কৰিছিল মন্ত্ৰীগৰাকীয়ে ।

প্ৰিমিয়াম, 5G আৰু এআই স্মাৰ্টফোনৰ প্ৰবল চাহিদাৰ বাবে ভাৰতৰ স্মাৰ্টফোন বজাৰ এই বছৰ 7-8 শতাংশ বৃদ্ধি পাব বুলি আশা কৰা হৈছে । ভাৰতৰ মোবাইল হেণ্ডছেটৰ বজাৰখনে অবিৰত বৃদ্ধি বজাই ৰাখিব বুলিও আশা কৰা হৈছে । উদ্যোগ বিশেষজ্ঞসকলৰ মতে, বিত্তীয় বৰ্ষ 30ৰ ভিতৰত স্থানীয় ইলেক্ট্ৰনিকছ উৎপাদনৰ 500 বিলিয়ন ডলাৰৰ লক্ষ্যত উপনীত হ’বলৈ হ’লে উদ্যোগটোৱে 2030 চনৰ ভিতৰত এই ক্ষেত্ৰত শীৰ্ষ তিনিটা বিশ্বব্যাপী ৰপ্তানি কাৰকৰ ভিতৰত অন্যতম হিচাপে আত্মপ্ৰকাশ কৰিবলৈ ৰপ্তানি বৃদ্ধিত অগ্ৰাধিকাৰ দিব লাগিব ৷

ইণ্ডিয়া চেলুলাৰ এণ্ড ইলেক্ট্ৰনিকছ এছ’চিয়েশ্যনৰ তথ্য অনুসৰি 2014-15 চনত মোবাইল ফোন উৎপাদন 18,900 কোটি টকাৰ পৰা 24 বিত্তীয় বৰ্ষত আনুমানিক 4.10 লাখ কোটি টকালৈ বৃদ্ধি পাই পিএলআই আঁচনিৰ দ্বাৰা 2000 শতাংশ বৃহৎ বৃদ্ধি পঞ্জীয়ন কৰা হৈছে ৷

লগতে পঢ়ক: ভাৰতত Apple এ স্মাৰ্টফোন বিক্ৰীৰে গঢ়িলে ন অভিলেখ

ছেমছাং গেলেক্সি এছ 24 আল্ট্ৰা আৰু গেলাক্সি এছ 24 এণ্টাৰপ্ৰাইজ এডিচন মুকলি

আজি ভাৰতত মুকলি হ’ল Redmi Note 14 series

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.