ETV Bharat / lifestyle

শনি মাৰ্গী হোৱাৰ ফলত ৰাশিফল অনুসৰি কি কি প্ৰভাৱ পৰিব ? - SHANI MARGI 2024

১৫ নৱেম্বৰৰ পৰা শনি মাৰ্গী হৈছে । ইয়াৰ ফলত প্ৰভাৱিত হৈছে বহুকেইটা ৰাশি ৷ ইয়াৰ ফলত কোন কেইটা ৰাশিয়ে লাভ কৰিব শুভ- অশুভ ?

Astro tips
শনি মাৰ্গী হোৱাৰ ফলত ৰাশিফল অনুসৰি কি কি প্ৰভাৱ পৰিব ? (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : Nov 29, 2024, 5:16 PM IST

মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ ১৫ নৱেম্বৰৰ পৰা ২৯ মার্চলৈ এই সময়ছোৱাত তেওঁলোকৰ উপাৰ্জন বৃদ্ধি হ'ব ৷ লগতে তেওঁলোকে যিবোৰ ব্যৱসায় কৰে সেই ব্যৱসায়তো ভাল ফল লাভ কৰিব ৷ এই সময়ছোৱা বিশেষকৈ এই ৰাশিৰ জাতক-জাতিকা সকলৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ কাৰণে খুব ভাল ৷ কৰবাত যদি কিবা পইচা পাবলগীয়া আছে বা ফচি আছে তেন্তে সেই পইচা লাহে লাহে আহিবলৈ আৰম্ভ কৰিব ৷ লগতে পৰিয়াললৈ নতুন সদস্য আহিব পাৰে ৷ সম্পত্তি ক্ৰয় বা লাভৰো যোগ আছে এই ৰাশিৰ জাতক-জাতিকাসকলৰ ৷ এই সময়খিনি এই ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে খুবেই ভাল কিন্তু শাৰীৰিকভাৱে চোৱা যায় তেন্তে তেওঁলোকৰ বতৰৰ ৰোগ হ'ব পাৰে ৷ এই ৰাশিৰ জাতক-জাতিকাসকলে এই সময়খিনিত বহুত বেছি গুৰুত্বপূৰ্ণ সিদ্ধান্ত নলোৱাটো ভাল ৷ ইফালে এই ৰাশিৰ জাতক-জাতিকাসকলে শনিবাৰটো পালন কৰিব পাৰিলে বহুত বেছি পজিটিভ ফলাফল লাভ কৰিব ৷

বৃষ ৰাশি: বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ এই সময়ছোৱাত জীৱনলৈ বহুত বেছি সুযোগ আহিব ৷ তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি হোৱাৰ লগতে তেওঁলোকৰৰ যিবোৰ সপোন বা ইচ্ছা আছে সেইবোৰ এটা এটাকৈ প্ৰাপ্তি হ'ব ৷ লগতে তেওঁলোকে যদি এই সময়ছোৱাত নতুন কিবা বস্তু শিকে বা নতুবা কিবা কামত মনোনিবেশ কৰে সেয়া তেওঁলোকৰ বাবে ভাল ৷ খাদ্যাভ্যাস সলনি কৰা ভাল ৷ লগতে যদি কোনো ধাৰ আছে এই সময়ছোৱাতে সেই ধাৰ পৰিশোধ কৰিব পাৰিব ৷ পদোন্নতিত যদি কিবা অসুবিধা আছে তেন্তে সেই সমস্যাও দূৰ হ'ব ৷

মিথুন ৰাশি: মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে এইখিনি সময় খুবেই ভাল সময় ৷ যদিহে এই সময়ত নতুনকৈ ঘৰ বনাবলৈ বিচাৰিছে তেন্তে খুবেই ভাল সময় ৷ কিন্তু যদি পুৰণি ঘৰ আছে সেই ঘৰ সমূহৰ মেৰামতি কৰাৰ বাবে কিন্তু এইখিনি ভাল সময় নহয় ৷ লগতে এই সময়খিনিত এই ৰাশিৰ জাতক-জাতিকাসকলৰ চুলি আৰু ছালৰ সমস্যা হ'ব পাৰে ৷ এইখিনি সময়ত তেওঁলোকৰ এচিডিটিৰ পৰিমাণ বৃদ্ধি হ'ব পাৰে সেয়ে শিৱ মন্দিৰত গৈ যদি শিৱ পূজা কৰে তেন্তে তেওঁলোকৰ বাবে ভাল ৷

কৰ্কট ৰাশি: কৰ্কট ৰাশিৰ যদি কোনো জাতক-জাতিকাৰ সম্পৰ্ক বা বিত্তীয় আদিত আগতকৈ বহুত বেছি ভাল ফলাফল লাভ কৰিব ৷ তেওঁলোকে বহুত বেছি কষ্ট কৰিব নলাগে ৷ পাৰিলে তেওঁলোকে সপ্তাহটোৰ দেওবাৰটো বাদ দি বাকী কেইটাবাৰত আঁহত গছৰ তলত যদি পানী দিয়ে তেন্তে তেওঁলোকৰ বাবে ভাল ৷

সিংহ ৰাশি: সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায় খুবেই বেছি ভাল হ'ব ৷ Over Confidenceৰ ফলত ধন ব্যয়, খৰচ বা বিনিয়োগ নকৰিলে তেওঁলোকৰ বাবে ভাল ৷ টোপনি ভালদৰে মাৰিব ৷ যদি টোপনি ভালদৰে নামাৰে তেন্তে বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে ৷ এই সময়ছোৱাত যিমান পাৰে কুকুৰ-কাউৰী-গাই গৰুক খুৱাই থাকিব পাৰিলে ভাল ৷

কন্যা ৰাশি: কন্যা ৰাশিৰ জাতক-জাতিকাসকলে এই সময়খিনিত যদি ব্যৱসায় বা কিবা কাম কৰি আছে তেন্তে আগতকৈ বেছি তেওঁলোকৰ উন্নতি হ'ব ৷ সম্পর্কত যদি কিবা সমস্যা আছে তেন্তে সেইবোৰো নাইকীয়া হ'ব ৷ বিত্তীয় ক্ষেত্ৰত জানুৱাৰী মাহৰ পৰা খুব বেছি ভাল হ'ব ৷

তুলা ৰাশি: তুলা ৰাশি জাতক-জাতিকাসকলৰ বাবে এই সময়ত ভিন্ন ধৰণৰ মানসিক সমস্যা আহিব পাৰে ৷ গতিকে বহুত বেছি ভয় নখাব ৷ লগতে ঘৰৰ মানুহৰ লগত কাজিয়া নকৰিব ৷ জানুৱাৰী ১৪ তাৰিখৰ পৰা লাহে লাহে পজিটিভ ফলাফল লাভ কৰিব ৷ এই সময়ছোৱাত এই ৰাশিৰ জাতক-জাতিকাসকলৰ চুলি সৰা, মানসিক দুঃচিন্তা আৰু ওজন হ্ৰাস আদিৰ সমস্যা হ'ব পাৰে ৷ উপায় হিচাপে বাকলি থকা বাদাম ১১টা শনিবাৰে একাধিক্ৰমে শনিবাৰত দানত দান দিব পাৰে ৷

বৃশ্চিক ৰাশি: বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ বৰ্তমান সময়ত শনিৰ কিছু প্ৰভাৱ চলি আছে ৷ কিন্তু পূৰ্বতকৈ বৰ্তমান সময়ত শনিৰ ফলাফল কিছু পজিটিভ হ'ব ৷ যদিহে কোনো লোকে সম্পত্তি ক্ৰয় কৰিব বিচাৰিছে তেওঁলোকৰ বাবে এইখিনি খুবেই ভাল সময় ৷ এই সময়ছোৱাত বন্ধু-বান্ধৱী সহায় লাভ কৰিব যদিও বাই-ভনীৰ পৰা অসুবিধা পাব পাৰে ৷ এইসময়ছোৱাত নতুনকৈ অৰ্থাৎ ২৯ মাৰ্চলৈ এই ৰাশিৰ জাতক-জাতিকাসকলে কোনো ধৰণৰ নতুন কাম আৰম্ভ নকৰিলে ভাল ৷ উপায় হিচাপে চৰাইক খুৱাব পাৰিলে ভাল ৷

ধনু ৰাশি: ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ এই সময়ছোৱাত স্বাস্থ্যৰ সমস্যাহোৱাৰ প্ৰৱল সম্ভৱনা আছে ৷ সেয়ে যদি পুৰণি কিবা শৰীৰিক সমস্যা আছে তেন্তে তাৎক্ষণিকভাৱে চিকিৎসকক দেখুৱাই লওক, নহ’লে যদি এইখিনি সময়ত কিবা শাৰীৰিক সমস্যা হয় তেন্তে লগে লগে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব ৷লগতে এই ৰাশিৰ লোক সকলে খাদ্যভ্যাস সম্পূৰ্ণ সলনি কৰাটো ভাল ৷ কাৰণ খাদ্যভ্যাসৰ কাৰণে শৰীৰিক বিভিন্ন সমস্যা হ'ব পাৰে ৷ লগতে ব্যয়ৰ ক্ষেত্ৰত চিন্তা-চৰ্চা কৰি আগবঢ়াটো ভাল ৷ উপায় হিচাপে এই ৰাশিৰ লোকসকলে শুকুৰবাৰে গৰুক খাদ্য খুৱাব পাৰে ৷

মকৰ ৰাশি: মকৰ ৰাশিৰ লোকসকলৰ বাবে এই সময়ছোৱাত খুবেই ভাল সময় ৷ এই সময়ছোৱাত টকা, ব্যৱসায়, চাকৰি আদিৰ বাবে নতুন নতুন সুযোগ আহিব ৷ কেৱল এই সময়ছোৱাত এই ৰাশিৰ লোক সকলে গাড়ী মটৰ চলোৱাত অকমান সাৱধান হ'ব ৷ নহলে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে ৷ উপায় হিচাপে ৰাতি হোৱাৰ সময়ত এটা গিলাচত পানী ভৰাই গাৰুৰ ওচৰত থৈ দিব আৰু সেই পানীখিনি পুৱা যিকোনো গছ-গছনিৰ গুৰিত ঢালিব পাৰিলে ভাল ৷

কুম্ভ ৰাশি: কুম্ভ ৰাশিৰ লোকসকলৰ বাবে এই সময়খিনি খুবেই পজিটিভ ৷ পূৰ্বতকৈ ধৈৰ্য বাঢ়িব ৷ সম্পর্কবোৰ উন্নত হ'ব ৷ নতুন সম্পত্তি ক্ৰয় আদিৰ সুযোগ আহিব ৷ এই সময়খিনিত উপায় হিচাপে অন্ধ মানুহক অন্ন দান কৰিব পাৰিলে ভাল ৷

মীন ৰাশি: মীন ৰাশিৰ জাতক-জাতিকাসকলৰ পূৰ্বতকৈ খৰচ কমিব ৷ যিবোৰ কাম আগতে পেণ্ডিং হৈ আছিলে সেইবোৰ কাম এতিয়া হ'ব ৷ নতুন সুযোগ আহিব ৷ কাজিয়া বোৰ কমিব ৷ তেওঁলোকৰ বিষৰ সমস্যা হ'ব পাৰে ৷ উপায় হিচাপে নিম পুলি ৰুব পাৰিলে ভাল ৷

লগতে পঢ়ক: চাণক্য নীতি: জীৱনত সফল হ’বলৈ মানি চলক এইসমূহ কথা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.