ETV Bharat / lifestyle

ৰাশি অনুযায়ী জানি লওক আপুনি কেনেকুৱা স্বভাৱৰ - ZODIAC SIGNS PERSONALITY TRAITS

খুবেই চতুৰ হয় এই ৰাশিৰ লোক, প্ৰতিভাশালী হয় এই ৰাশিৰ লোক, আপুনিও ৰাশি অনুযায়ী নিজৰ ব্যক্তিত্ব আৰু স্বভাৱ আজিয়েই জানি লওক-

Astrology: The Twelve Zodiac Signs and Their Personalities working on it
ৰাশি অনুযায়ী জানি লওক আপুনি কেনেকুৱা স্বভাৱৰ (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : Nov 8, 2024, 1:00 PM IST

বৈদিক জ্যোতিষ শাস্ত্ৰত ১২টা ৰাশি আছে আৰু এই ৰাশি অনুযায়ী লোকসকলৰ ভৱিষ্যত, ব্যক্তিত্ব আৰু স্বভাৱৰ কথা বিবেচনা কৰা হয় ৷ এই সকলোবোৰ ৰাশিৰ গুৰু গ্ৰহ, যিয়ে মানুহৰ জীৱনতো প্ৰভাৱ পেলায় ৷ ইয়াৰ দ্বাৰা আপোনাৰ ব্যক্তিত্ব কেনেকুৱা হ’ব সেই কথাও জানিব পৰা যায় সেয়ে আজি ৰাশি অনুযায়ী আপোনাৰ স্বভাৱ কেনেকুৱা হয় জানি লওক-

মেষ ৰাশি

মেষ ৰাশিৰ লোক স্বাধীন চিন্তাবিদ ৷ এই ৰাশিৰ লোক পৰাক্ৰমী আৰু সাহসী স্বভাৱৰ থাকে ৷ এনে লোকে নিজৰ মতামত মুকলিকৈ প্ৰকাশ কৰে ৷ অৱশ্যে এই ৰাশিৰ লোক কেতিয়াবা খঙাল আৰু আক্ৰমণাত্মক স্বভাৱৰো হৈ পৰে ৷ সোনকালে উগ্ৰ হৈ উঠে ৷

বৃষ ৰাশি

বৃষ ৰাশিৰ লোক শান্ত প্ৰকৃতিৰ ৷ এই ৰাশিৰ লোকসকলে ধন-সম্পত্তি আৰু খ্যাতিৰ লালসা খুব বেছি থাকে ৷ নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি সম্পূৰ্ণৰূপে সচেতন ৷ এনেলোক অন্তৰ্মুখী আৰু বিশ্বাসৰ পাত্ৰ হয় ৷

মিথুন ৰাশি

এই ৰাশিৰ লোক বহুভাষিক আৰু চতুৰ প্ৰকৃতিৰ থাকে ৷ এনে লোকে নিজৰ যোগাযোগৰ দক্ষতাৰে জ্ঞানী মানুহকো অতি সহজে হৰুৱাব পাৰে ৷ যিহেতু এনে লোক দ্বৈত প্ৰকৃতিৰ ৷ সেয়েহে এই ৰাশিৰ লোকক বুজাটো অলপ কঠিন ৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ লোকসকল মনৰ পৰা খুবেই নিৰ্মল হয় ৷ এই ৰাশিৰ লোক দেখাত খুবেই ধুনীয়া আৰু আকৰ্ষণীয় থাকে ৷ এনেলোক নিপুণ কূটনীতিবিদ আৰু নিজৰ মানুহক ভাল পায় ৷ অৱশ্যে এনেলোক অলপ অহংকাৰী আৰু এয়াই তেওঁলোকৰ নেতিবাচক দিশ ৷

সিংহ ৰাশি

সিংহ ৰাশি হৈছে সূৰ্য গ্ৰহৰ ৰাশি ৷ সিংহ ৰাশিৰ লোকৰ ভিতৰত এগৰাকী ভাল নেতাৰ গুণ আছে ৷ জন্মতে নেতৃত্বৰ ক্ষমতাৰে জন্ম লয় ৷ সিংহ ৰাশিৰ লোক ৰজাৰ দৰে জীৱন কটায় ৷ তেওঁলোকৰ আচৰিত সাহস আৰু শক্তি দেখিবলৈ পোৱা যায় ৷ অৱশ্যে ইগো আৰু খং এওঁলোকৰ নেতিবাচক দিশ ৷

কন্যা ৰাশি

কন্যা ৰাশিৰ লোকে সৰু সৰু কথাতে তিলৰ তালটো কৰা স্বভাৱৰ থাকে ৷ স্বভাৱত এওঁলোক অলপ মুখ ফুলোৱা, সমালোচনাত্মক আৰু ৰক্ষণশীল ৷ নিজৰ আৱেগক দমন কৰে ৷ আমি যি সিদ্ধান্ত লওঁ, আমি সেইটো সম্পূৰ্ণ কৰাৰ পিচতহে অনুসৰণ কৰোঁ ৷

তুলা ৰাশি

তুলা ৰাশিৰ লোক আকৰ্ষণী আৰু অন্তৰ্মুখী স্বভাৱৰ হয় ৷ এওঁলোক ভাল কূটনীতিবিদ ৷ এওঁলোকে সদায় দামী আৰু ভাল মানৰ বস্তু ভাল পায় ৷ প্ৰায়ে বিতৰ্ক আৰু ধাৰণা সংঘাতত পৰাজিত হয় ৷ প্ৰেম আৰু ৰোমাঞ্চৰ বিষয়ত সক্ৰিয় হৈ থাকি ভাল পায় ৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ লোকৰ ব্যক্তিত্ব আকৰ্ষণীয় হয় যিকোনো লোককে নিজৰ আপোন কৰি ল’ব জানে এই ৰাশিৰ লোকে ৷ নিজৰ অনুভৱবোৰ লুকুৱাই ৰাখে, গতিকে বুজিবলৈ অলপ টান ৷ খঙাল, উৎসাহী আৰু সাহসী স্বভাৱৰ হয় এই লোক ৷

ধনু ৰাশি

ধনু ৰাশিৰ লোক জ্ঞানী ৷ এই ৰাশিৰ লোকসকল সৎ, সত্যবাদী, বিশ্বাসযোগ্য আৰু বুজাবুজিৰ যদিও তেওঁলোক চুটি স্বভাৱৰ আৰু আক্ৰমণাত্মকও হ’ব পাৰে ৷ পেছাদাৰী ক্ষেত্ৰত তেওঁলোক ভাল শিক্ষক আৰু দাৰ্শনিক ৷

মকৰ ৰাশি

এই ৰাশিৰ মানুহ গভীৰ চিন্তাশীল ৷ কথা কোৱা স্বভাৱৰ বাবেই আলোচনালৈ আহে ৷ তেওঁলোকৰ দায়িত্ববোৰ খুব ভালদৰে বুজিব ৷ ইয়াৰ বাহিৰেও এই ৰাশিৰ লোকসকল দৃঢ়প্ৰতিজ্ঞ আৰু অভিলাষী ৷ সন্দেহ তেওঁলোকৰ নেতিবাচক দিশ ৷

কুম্ভ ৰাশি

এই ৰাশিৰ লোকে লাহে লাহে নিজৰ জীৱনত আগবাঢ়ে ৷ কিন্তু এনেলোক যুক্তিবাদী, বুদ্ধিমান আৰু চতুৰ প্ৰকৃতিৰ হয় ৷ স্বভাৱত সংকোচশীল হ’ব পাৰে, কিন্তু সহজেই বন্ধুত্ব গঢ়ি তোলে ৷ কুম্ভ ৰাশিৰ লোকসকল সমাজ কল্যাণৰ বাবে সদায় আগবাঢ়ি থাকে ৷ অন্তৰৰ পৰা দয়ালু প্ৰকৃতিৰ হয় এই ৰাশিৰ লোক ৷

মীন ৰাশি

মীন ৰাশিৰ লোকসকল সৎ আৰু দয়ালু স্বভাৱৰ হয় ৷ বহুমুখী প্ৰতিভাৰে চহকী ৷ এই ৰাশিৰ লোকৰ চিন্তাত স্পষ্টতা আৰু যুক্তি থাকে ৷ এই ৰাশিৰ লোকক আশে-পাশে থকা লোকসকলে সম্পূৰ্ণ যত্ন লয় ৷

লগতে পঢ়ক: প্ৰতি শুকুৰবাৰে কৰক এই ৫টা কাম আৰু লাভ কৰক মা লক্ষ্মীৰ কৃপা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.