ETV Bharat / international

বিশ্ব জনসংখ্যা দিৱস : তাৎপৰ্য আৰু জনসংখ্যা বৃদ্ধিৰ তথ্য - World Population Day 2024

Significances of World Population Day : 11 জুলাইত পালন কৰা হয় বিশ্ব জনসংখ্যা দিৱস ৷ জনবিস্ফোৰণ সমস্যাৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ বাবে এই দিৱসে গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰি আহিছে ৷

author img

By ETV Bharat Assamese Team

Published : Jul 10, 2024, 11:57 PM IST

World Population Day
বিশ্ব জনসংখ্যা দিৱস (ETV Bharat)

প্ৰতি বছৰে 11 জুলাইত পালন কৰা হয় বিশ্ব জনসংখ্যা দিৱস ৷ জনসংখ্যা বৃদ্ধি সম্পৰ্কীয় গুৰুতৰ সমস্যাৰ সন্দৰ্ভত সজাগতা বৃদ্ধি কৰাৰ লক্ষ্য আগত ৰাখি এই দিৱস পালন কৰা হয় ৷

ইতিহাস :

১৯৮৯ চনত ৰাষ্ট্ৰসংঘই আৰম্ভ কৰিছিল বিশ্ব জনসংখ্যা দিৱস ৷ ১৯৮৭ চনৰ জুলাই মাহত বিশ্বৰ জনসংখ্যাই পাঁচ বিলিয়ন অতিক্ৰম কৰিছিল ৷ ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে এই বিশেষ দিনটো পালনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷ ড৹ কে.চি. জাকাৰিয়াই বিশ্ব জনসংখ্যা দিৱস পালনৰ কৰাৰ পৰামৰ্শ আগবঢ়াইছিল ৷ জনসংখ্যা বৃদ্ধিয়ে দৰিদ্ৰতাৰ মাত্ৰা বৃদ্ধি কৰাৰ লগতে মাতৃস্বাস্থ্য, অৰ্থনৈতিক অৱস্থাৰ অৱনতি ঘটোৱাৰ লগতে বহুতো সমস্যাৰ সৃষ্টি কৰে ৷

বিশ্বৰ জনসংখ্যা :

বিংশ শতিকাৰ মাজভাগৰ পৰা পৃথিৱীৰ জনসংখ্যা তিনিগুণতকৈও অধিক বৃদ্ধি পাইছে ৷ ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি ২০২২ চনৰ নৱেম্বৰৰ মাজভাগলৈকে পৃথিৱীৰ জনসংখ্যা আছিল ৮ বিলিয়ন ৷ ইয়াৰ পূৰ্বে ৯৫০ চনত এই সংখ্যা আছিল ২.৫ বিলিয়ন ৷

এই সংখ্যা ২০১০ চনত ১ বিলিয়ন আৰু ১৯৯৮ চনৰ পৰা ২ বিলিয়ন বৃদ্ধি পাইছে ৷ পৰৱৰ্তী 30 বছৰৰ ভিতৰত পৃথিৱীৰ জনসংখ্যা প্ৰায় 2 বিলিয়ন বৃদ্ধি পাব ৷ ফলত 2080-ৰ দশকৰ মাজভাগত জনসংখ্যা হ’বগৈ 10.4 বিলিয়ন ৷ 2050 চনত 9.7 বিলিয়নত জনসংখ্যা হ’ব বুলি ভৱিষ্যদ্বাণী কৰা হৈছে ৷

চীন আৰু ভাৰত হৈছে বিশ্বৰ দুখন আটাইতকৈ জনবহুল দেশ ৷ দুয়োখন দেশৰ জনসংখ্যা 1 বিলিয়নতকৈ অধিক আৰু এই জনসংখ্যা বিশ্বৰ জনসংখ্যাৰ প্ৰায় 18 শতাংশ ৷

অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত জনসংখ্যা বৃদ্ধিৰ ইতিবাচক আৰু নেতিবাচক প্ৰভাৱ :

ইতিবাচক প্ৰভাৱ :

  • উদ্যোগৰ প্ৰতি বৰ্ধিত আগ্ৰহ
  • বৰ্ধিত সমৃদ্ধি আৰু সংস্কৃতিৰ বৈচিত্ৰ
  • যুৱ শ্ৰমিক শক্তিৰ জৰিয়তে সামাজিক সুৰক্ষা প্ৰণালী শক্তিশালী কৰা
  • উৎপাদন অৰ্থনীতিৰ চাহিদা বৃদ্ধি
  • নগৰায়ন-চালিত আন্তঃগাঁথনি উন্নয়ন, ৰাজনৈতিক শক্তি বৃদ্ধি
  • বিশেষজ্ঞতা আৰু শ্ৰম বিভাজনৰ সম্ভাৱনা বৃদ্ধি
  • দ্ৰুত আৱিষ্কাৰ আৰু উদ্ভাৱনী শক্তিৰ প্ৰসাৰ
  • প্ৰতিভাসমূহক ঐক্যবদ্ধভাৱে আগুৱাই নিয়া

নেতিবাচক প্ৰভাৱ:

  • আন্তঃগাঁথনি আৰু গৃহনিৰ্মাণৰ ওপৰত বৰ্ধিত চাপ
  • সমাজত অপৰাধ আৰু অস্থিৰতা বৃদ্ধিৰ সম্ভাৱনা
  • ৰোগ বিয়পাৰ সম্ভাৱনা
  • খাদ্য আৰু পানীৰ অভাৱ
  • প্ৰদূষণ আৰু আৱৰ্জনা বৃদ্ধি
  • নগৰ পৰিচালনা আৰু ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত প্ৰত্যাহ্বান
  • উপাৰ্জনৰ ব্যৱধান বৃদ্ধিৰ সম্ভাৱনা
  • সাৰ্বজনীন শিক্ষা প্ৰাপ্তিত বাধা
  • শক্তি সম্পদৰ চাহিদা বৃদ্ধি, যি গোলকীয় উষ্ণতা বৃদ্ধিত ইন্ধন যোগায়

ভাৰতৰ জনসংখ্যা :

ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজিৰ এক প্ৰতিবেদন অনুসৰি আগন্তুক 77 বছৰত ভাৰতৰ জনসংখ্যা দুগুন হ’ব বুলি অনুমান কৰা হৈছে ৷ ষ্টেট অফ ৱৰ্ল্ড পপুলেচন - 2024ৰ ‘‘ ইণ্টাৰৱুনলাইভচ, থ্ৰেডছ অফ হোপ: এণ্ডিং ইন চেক্সুৱেল এণ্ড ৰিপ্ৰডাক্টিভ হেল্থ এণ্ড ৰাইটছ’’ শীৰ্ষক প্ৰতিবেদনত এই তথ্য উন্মোচিত হৈছে ৷ প্ৰতিবেদন অনুসৰি, আনুমানিক 144.17 কোটি জনসংখ্যাৰ সৈতে ভাৰত বিশ্বৰ শীৰ্ষ স্থানত আছে ৷ ইয়াৰ পিচত আছে চীন ৷ যাৰ জনসংখ্য 142.5 কোটি ৷

২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যা ১.২১ বিলিয়ন৷ ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনখনে সূচায় যে ভাৰতৰ জনসংখ্যাৰ প্ৰায় 24 শতাংশ 0-14 বছৰ বয়সৰ ভিতৰত ৷ আনহাতে 17 শতাংশ জনসংখ্যা 10 ৰ পৰা 19 বছৰ বয়সৰ ভিতৰত ৷

10-24 বছৰ বয়সৰ ভিতৰত জনসংখ্যাৰ 26 শতাংশ থকা বুলি অনুমান কৰা হৈছে ৷ 15-64 বছৰ বয়সৰ লোক আছে দেশৰ মুঠ জনসংখ্যা 68 শতাংশ ৷ ইয়াৰ উপৰিও ভাৰতৰ জনসংখ্যাৰ 7 শতাংশ 65 বছৰৰ অধিক ৷ গড় হিচাপত পুৰুষ 71 বছৰ আৰু মহিলা 74 বছৰ জীয়াই থকা বুলি ধাৰণা কৰা হয় ৷

ভাৰতৰ অত্যধিক জনসংখ্যা :

ভাৰত হৈছে বিশ্বৰ আটাইতকৈ বেছি জনবসতিপূৰ্ণ দেশ ৷ য’ত 1.3 বিলিয়নৰো অধিক লোকে বাস কৰে । চীনক অতিক্ৰম কৰি বিশ্বৰ আটাইতকৈ জনবহুল ৰাষ্ট্ৰৰ স্বীকৃতি লাভ কৰে ভাৰতে ৷ দেশৰ জনসংখ্যা অবহনযোগ্য হাৰত বৃদ্ধি হোৱাৰ ফলত সমস্যাৰ সন্মুখীন হৈছে দেশখন ৷

২০৩০ চনৰ ভিতৰত ভাৰতৰ জনসংখ্যা আনুমানিক ১.৫ বিলিয়ন আৰু ২০৫০ চনৰ ভিতৰত ২ বিলিয়ন অতিক্ৰম কৰাৰ সম্ভাৱনা আছে ৷ যাৰ ফলত দেশৰ সম্পদৰ চাহিদা যথেষ্ট বৃদ্ধি পোৱাৰ লগতে সামাজিক অস্থিৰতা, দৰিদ্ৰতা বৃদ্ধিৰ লগতে পাৰিপাৰ্শ্বিক অৱক্ষয় ঘটাৰ সম্ভাৱনা আছে ৷

যদিও চৰকাৰে এই সমস্যা সমাধানৰ ক্ষেত্ৰত কেতবোৰ পদক্ষেপ লৈছে, তথাপি অধিক পদক্ষেপৰ প্ৰয়োজনীয়তা স্পষ্ট হৈ পৰিছে ৷

অত্যধিক জনসংখ্যাৰ সমাধান :

  • বিবাহৰ বয়স বৃদ্ধি
  • সন্তুলিত অনুপাত
  • ৰাজহুৱা স্বাস্থ্য সেৱাৰ উন্নতি
  • উপযুক্ত ঔদ্যোগিকৰণ, ভূমি সঠিক ব্যৱহাৰ আৰু শিক্ষাৰ প্ৰয়োজনীয়তা
  • সঠিক ৰাজহুৱা নীতি
  • আধুনিক পৰিয়াল পৰিকল্পনা
  • মহিলা সৱলীকৰণ
  • জ্ঞান বৃদ্ধি কৰা

লগতে পঢ়ক: ৰাষ্ট্ৰীয় মীন পালক দিৱস-২০২৪ : তাৎপৰ্য আৰু এই বৰ্ষৰ বিষয়বস্তু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.