ETV Bharat / international

ভাৰতৰ প্ৰতি দৃষ্টিভংগী সলনি মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ - Maldives Expectedly Changes Tune - MALDIVES EXPECTEDLY CHANGES TUNE

Maldives Expectedly Changes Tune: ভাৰত আৰু মালদ্বীপৰ মাজত কূটনৈতিক অস্থিৰতা অব্যাহত আছে । তাৰ মাজতে প্ৰত্যাশিতভাৱে সুৰ সলনি কৰিছে মালদ্বীপ চৰকাৰে । ভাৰত আৰু মালদ্বীপৰ মাজৰ সম্পৰ্কৰ ওপৰত মালদ্বীপৰ প্ৰাক্তন কূটনীতিবিদ আইএফএছ জে কে ত্ৰিপাঠীৰ এক বিশেষ প্ৰতিবেদন ।

Maldives Expectedly Changes Tune
ভাৰতৰ প্ৰতি দৃষ্টিভংগী সলনি মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ (ETV BHARAT ASSAM)
author img

By J K Tripathi

Published : Mar 31, 2024, 10:41 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ৩১ মাৰ্চ : ৰাজনৈতিক বিশ্লেষকসকলৰ মতে মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজজুৱে ভাৰতৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী সলনি কৰিবলৈ চেষ্টা কৰিছে । স্থানীয় সংবাদ মাধ্যমত এক সাক্ষাৎকাৰৰ সময়ত, মুইজজুৱে দ্বীপৰাষ্ট্ৰখনলৈ ভাৰতীয় ঋণ ঘূৰাই দিয়াৰ বিষয়টোত অধিক নৰম হ'বলৈ ভাৰতক অনুৰোধ জনাইছে ।

মন কৰিবলগীয়া যে বছৰটোৰ শেষৰ ফালে মালদ্বীপে ভাৰতক পৰিশোধ কৰিব লাগিব ৪০০.৯ নিযুত আমেৰিকান ডলাৰ । মাত্ৰ ৬.১৯০ বিলিয়ন ডলাৰৰ জিডিপিৰ এখন দেশৰ বাবে এই ঋণ পৰিশোধ কৰাটো অতি কঠিন । মালদ্বীপৰ ইতিমধ্যে ৩.৫৭৭ বিলিয়ন আমেৰিকান ডলাৰৰ মুঠ বাহ্যিক ঋণ আছে । যাৰ ৪২ শতাংশতকৈও অধিক কেৱল চীনকে দিব লাগিব ।

মালদ্বীপৰ ভাৰতত মুঠ ৫১৭ নিযুত আমেৰিকান ডলাৰ ঋণ আছে । কেৱল যোৱা বিত্তীয় বৰ্ষত, ভাৰতে মালদ্বীপত উন্নয়নমূলক প্ৰকল্পৰ বাবে ৯৩ নিযুত আমেৰিকান ডলাৰ ব্যয় কৰিছিল । ভাৰতৰ বিৰুদ্ধে মুইজজুৰ সমালোচনাৰ স্বত্বেও এয়া বাজেটৰ সংখ্যাৰ প্ৰায় দুগুণ আছিল ।

ভাৰতে সদায় কঠিন সময়ত মালদ্বীপৰ কাষত থিয় দি আহিছে । যেতিয়া ১৯৮৮ চনৰ নৱেম্বৰত দেশখনে অভ্যুত্থানৰ প্ৰচেষ্টাৰ সন্মুখীন হৈছিল, ভাৰতেই মালদ্বীপলৈ সৈন্য প্ৰেৰণ কৰিছিল । ১৯৮০ আৰু ৯০ৰ দশকত, ভাৰতে মালদ্বীপক ২০০ বিচনাযুক্ত চিকিৎসালয় আৰু এখন পলিটেকনিক উপহাৰ দিছিল । যেতিয়া ২০০৪ চনত মালদ্বীপত ছুনামি আহিছিল, ভাৰত আছিল তাত সহায় আগবঢ়োৱা প্ৰথম দেশ ।

২০০৮ চনৰ পৰা ভাৰতে মালদ্বীপক সহায়ৰ বাবে বিভিন্ন আঁচনিৰ অধীনত ২৪৫৪.৫৯ কোটি টকাৰ অধিক ব্যয় কৰিছে, যাৰ ভিতৰত আছে ৫০০ টা বিশেষ ঘৰ নিৰ্মাণ, এটা প্ৰযুক্তি গ্ৰহণ কেন্দ্ৰ, এখন ৰাষ্ট্ৰীয় আৰক্ষী আৰু আইন প্ৰৱৰ্তন মহাবিদ্যালয়, মালেত এটা জল আৰু অনাময় প্ৰকল্প । মালদ্বীপ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বাহিনীৰ ২০,০০০ৰো অধিক কৰ্মচাৰীক প্ৰশিক্ষণ । ভাৰতৰ নৌসেনা আৰু উপকূলৰক্ষী বাহিনীয়েও সময়ে সময়ে এমএনডিএফক বিভিন্ন যুটীয়া অনুশীলনত নিয়োজিত কৰিছে ।

২২ মাৰ্চত স্থানীয় সংবাদ মাধ্যমত মুইজজুৱে প্ৰথমবাৰৰ বাবে ভাৰতৰ প্ৰতি নমনীয় ইংগিত প্ৰদৰ্শন কৰিছে । মালদ্বীপক সাহায্য প্ৰদান কৰাত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আৰু মালদ্বীপত সৰ্বাধিক সংখ্যক প্ৰকল্প ৰূপায়ণ কৰিছে বুলি স্বীকাৰ কৰি মুইজজুৱে আশা ব্যক্ত কৰে যে ভাৰতে ঋণ পৰিশোধৰ ক্ষেত্ৰত ঋণ-সকাহ ব্যৱস্থাৰ সুবিধা প্ৰদান কৰিব আৰু আবু ধাবিত চিঅ'পিৰ সময়ত তেওঁ ভাৰতীয় অৱদানৰ বাবে ভাৰতীয় প্ৰধানমন্ত্ৰীক প্ৰশংসাও কৰে ।

তেওঁ লগতে জোৰ দি কয় যে তেওঁ ভাৰতৰ দ্বাৰা উন্নয়নমূলক প্ৰকল্পসমূহ বন্ধ কৰিব নিবিচাৰে বৰঞ্চ প্ৰধানমন্ত্ৰী মোদীক এই প্ৰকল্পবোৰ শক্তিশালী আৰু ত্বৰান্বিত কৰিবলৈ অনুৰোধ জনাইছে । তেওঁৰ দেশৰ পৰা প্ৰতিৰক্ষা কৰ্মীৰ ক্ষুদ্ৰ দলটোক অপসাৰণ কৰাৰ বিতৰ্কিত বিষয়টোত মুইজজুৱে এই নীতি কেৱল ভাৰতকেন্দ্ৰিক নহয় বুলি দাবী কৰে । লগতে সকলো বিদেশী ৰাষ্ট্ৰৰ বাবে এই নিয়ম প্ৰয়োগ কৰা হ'ব বুলিও তেওঁ নিজৰ স্থিতিক ন্যায়সঙ্গত হিচাপে প্ৰতিষ্ঠা কৰে ।

এতিয়া প্ৰশ্ন হৈছে তেওঁ কিয় ভাৰতৰ ওপৰত ইউ-টাৰ্ণ ল'বলৈ চেষ্টা কৰি আছে । তেওঁৰ এই বিপৰীত স্থিতিৰ আঁৰত চাৰিটা শক্তিশালী কাৰণ থাকিব পাৰে । প্ৰথমতে, মালদ্বীপৰ ক্ষুদ্ৰ অৰ্থনীতিৰ বাবে ৯ মাহৰ ভিতৰত ৪০০ নিযুত আমেৰিকান ডলাৰৰ অধিক ধন পৰিশোধ কৰাটো এক অসহনীয় বোজা হ'ব ।

দ্বিতীয়তে, চীনে ২০ খন চুক্তি স্বাক্ষৰ কৰিছিল আৰু ১৩০ নিযুত আমেৰিকান ডলাৰ অনুদান ঘোষণা কৰিছিল । মুইজজুৰ বেইজিং ভ্ৰমণৰ সময়ত এনে লাগিছে যে চীনে অদূৰ ভৱিষ্যতে দ্বীপপুঞ্জৰ পৰা পৰিশোধৰ কোনো স্পষ্ট চিহ্ন অবিহনে মালদ্বীপলৈ ধন যোগান অব্যাহত ৰখাৰ মুডত নাই । সকলোৱে জানে যে চীনা ঋণৰ ক্ষেত্ৰত, প্ৰকৃত ঋণৰ পৰিমাণ প্ৰায়ে ৰাজহুৱা ক্ষেত্ৰত দেখুওৱা ঋণতকৈ অধিক হয় ।

তৃতীয়তে, আইএমএফয়ে দ্বীপৰাষ্ট্ৰখনক ইয়াৰ অনিশ্চিত অৰ্থনৈতিক অৱস্থাৰ বিৰুদ্ধে জাৰি কৰা শেহতীয়া সতৰ্কবাণীয়ে মুইজজুক ভাৰতলৈ নৰম হ'বলৈ বাধ্য কৰিছে ।

বিৰোধীয়ে মুইজজুক সলনি হ'বলৈ কৰিবলৈ বাধ্য কৰিছে । তেওঁৰ পূৰ্বসূৰী মহম্মদ ছলিহে তেওঁক দিয়া পৰামৰ্শৰ দ্বাৰা প্ৰমাণিত হৈছে যে ৰাষ্ট্ৰপতিয়ে ভাৰতৰ সৈতে লেনদেনত জেদী হোৱা উচিত নহয় । কিন্তু মুইজজুৱে উত্তৰ চুবুৰীয়াৰ সৈতে তেওঁৰ দেশৰ হিতৰ বাবে কিমান ব্যৱহাৰিক আৰু যুক্তিসঙ্গত দৃষ্টিভংগী প্ৰদৰ্শন কৰিব পাৰে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক :মালদ্বীপৰ বিৰুদ্ধে চীনৰ জয়: ভাৰতৰ কৌশলগত সঁহাৰি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.