ETV Bharat / international

ড'নাল্ড ট্ৰাম্প নে কমলা হেৰিছ: কোন হ'ব আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি ? - US President election 2024

author img

By Rajkamal Rao

Published : Aug 22, 2024, 11:12 AM IST

US General Elections 2024: চলিত বছৰৰ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন বিশ্বৰ বহুপ্ৰত্যাশিত ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতাসমূহৰ ভিতৰত এটা । এইবাৰ হোৱাইট হাউছৰ দৌৰত আছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ৰিপাব্লিকান মনোনীত ড'নাল্ড ট্ৰাম্প আৰু ডেম'ক্ৰেটিক পাৰ্টীৰ মনোনীত তথা বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ । এই নিৰ্বাচনৰ পৰিৱেশ-পৰিস্থিতি, আমেৰিকাৰ নিৰ্বাচনী মানচিত্ৰ আৰু এই নিৰ্বাচন প্ৰকৃততে কোন দিশে গৈ আছে এই সন্দৰ্ভত ৰাজকমল ৰাওৰ বিশেষ প্ৰতিবেদন ।

US General Elections 2024
ড'নাল্ড ট্ৰাম্প আৰু কমলা হেৰিছ (AP Photo)

বিশেষ প্ৰতিবেদন, ২২ আগষ্ট : আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে দেশখনৰ ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ বাবে ডেম'ক্ৰেটিক পাৰ্টীৰ মনোনীত প্ৰাৰ্থী হিচাপে উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক ৰিপাব্লিকান মনোনীত প্ৰাৰ্থী তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে ঘোষণা কৰাৰ লগে লগে বিশ্ব সম্প্ৰদায়ৰ মনোযোগ আমেৰিকাৰ দিশে আকৰ্ষিত হয় । কিন্তু নিৰ্বাচনত কোনে জয়লাভৰ সম্ভাৱনা আছে সেই দিশটো গুৰুত্বপূৰ্ণ হৈ পৰিছে ।

অৱশ্যে ইয়াৰ নিশ্চিত উত্তৰ ৫ নৱেম্বৰত ফলাফল ঘোষণাৰ পিচতহে লাভ কৰিব পৰা যাব । কিন্তু তেতিয়ালৈকে অপেক্ষা নকৰি সমগ্ৰ বিশ্বই বিভিন্ন পেছাদাৰী নিৰ্বাচন কৌশলী সংগঠনৰ দ্বাৰা বিভিন্ন সমীক্ষা চলাই নিজৰ নিজৰ পূৰ্বানুমান প্ৰকাশ কৰিছে । ইয়াৰ দ্বাৰা প্ৰত্যেকেই পৰিসাংখ্যিকভাৱে অনুমান কৰিবলৈ চেষ্টা কৰি আছে যে যদি আজিৰ তাৰিখত নিৰ্বাচন অনুষ্ঠিত হয়, তেন্তে কোনজন প্ৰাৰ্থীৰ সম্ভাৱ্য অগ্ৰগতি থাকিব ।

US General Elections 2024
আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন (ETV Bharat Graphics)

ভোটদানৰ ব্যাখ্যা

পৰিসংখ্যাৰ নিয়মে আমাক কয় যে জনসংখ্যাৰ পৰা নিখুঁত যাদৃচ্ছিকভাৱে সংগ্ৰহ কৰা নমুনাই (perfect random sample) সমগ্ৰ জনসংখ্যাৰ আচৰণ সঠিকভাৱে প্ৰতিফলিত কৰিব পাৰে । কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু যন্ত্ৰৱৎ শিক্ষণৰ (machine learning) পৰা স্বাস্থ্য সেৱা আৰু উৎপাদনলৈকে সকলো মানৱ প্ৰচেষ্টাত এই নীতিটো ব্যৱহাৰ কৰা হয় ।

ঘণ্টাত 10,000 বল্টু বনোৱা কাৰখানা এটাৰ কথা বিবেচনা কৰক । আদৰ্শতভাৱে গুণগত মানদণ্ডৰ বাবে প্ৰতিটো বল্টু পৰীক্ষা কৰিব লাগিলে সেয়া অতি ব্যয়বহুল হ'ব । যাৰ ফলত সঁচাকৈয়ে পৰিদৰ্শনৰ ব্যয় উৎপাদন ব্যয়তকৈ অধিক হ'ব পাৰে ।

পৰিসাংখ্যিক বিজ্ঞানে আমাক কয় যে যদি এটা সৰু নমুনা, যেনে 1% বল্টু অৰ্থাৎ প্ৰায় 100 টা বল্টু যদি সম্পূৰ্ণ যাদৃচ্ছিকভাৱে পৰিদৰ্শন কৰা হয় আৰু প্ৰতিটোৱে এই পৰিদৰ্শনত উত্তীৰ্ণ হয়, তেনেহ'লে 10,000 বল্টুৰ আটাইকেইটায়ে গ্ৰহণযোগ্য মানদণ্ডৰ হোৱাৰ সম্ভাৱনা আছে । যদি 100 টাৰ ভিতৰত দুটা বল্টুও ত্ৰুটিপূৰ্ণ পোৱা যায়, তেন্তে অধিক অনুসন্ধানৰ প্ৰয়োজন থাকিব । তাৰ পিচত কাৰখানাটোৱে সিদ্ধান্ত ল'ব লাগিব যে 10,000 বল্টুৰ সম্পূৰ্ণ লটটো পেলাই দিব নে তাৰ মাজৰ পৰা ভালখিনি বাছনি কৰিব । দুয়োটা ক্ষেত্ৰতে প্ৰক্ৰিয়াটো অতি ব্যয়বহুল ।

ৰাজনৈতিক ভোটদান

ৰাজনৈতিক ভোটদানৰ ক্ষেত্ৰতো একেই নীতি প্ৰযোজ্য । কিন্তু আমি শেহতীয়াকৈ ভাৰতত সামৰণি পৰা সাধাৰণ নিৰ্বাচনত প্ৰত্যক্ষ কৰাৰ দৰে জনমত সমীক্ষা ভাবিব নোৱৰা ধৰণে অপ্ৰত্যাশিত হ'ব পাৰে । কিয়নো কিছুমান সংগঠনে ভৱিষ্যদ্বাণী কৰিছিল যে বিজেপিয়ে সংসদত ৩২০ খনতকৈ অধিক আসনত জয়ী হ'ব । কিন্তু নিৰ্বাচন আয়োগে ফলাফল ঘোষণাৰ পিচত দেখা গ'ল যে বিজেপিয়ে মাত্ৰ 240 খন আসনহে লাভ কৰিবলৈ সক্ষম হয় । যিটো একক সংখ্যাগৰিষ্ঠতাৰ পৰা বহু কম ।

তেন্তে তাত কি ভুল হৈছিল ? সম্ভৱত জনসাধাৰণৰ মনোভাব মূল্যাঙ্কন কৰিবলৈ সমীক্ষাৰ প্ৰশ্নবোৰ বিভ্ৰান্তিকৰ আছিল । বা সমীক্ষাবোৰে এটা গোটৰহে (বিজেপি-প্ৰৱণ ৰাজ্যবোৰত অত্যধিক ভোটাৰ) অতিৰিক্ত নমুনা লৈছিল । নাইবা সমীক্ষাবোৰে একাধিক পদ্ধতিতকৈ মাত্ৰ এটা ডাটা সংগ্ৰহ পদ্ধতিৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিছিল (যেনে লেণ্ডলাইন কল বা অনলাইনৰ সলনি মোবাইল ফোনত ফোন কৰা)। বা যেতিয়া সমীক্ষাৰ ফলাফলবোৰ ইতিহাসৰ প্ৰৱণতা (যেনে 2019 চনৰ মোদী ঢৌ) সন্দৰ্ভত ব্যাখ্যা কৰা হৈছিল, তেতিয়া ত্ৰুটি আছিল ।

যদি প্ৰাক-নিৰ্বাচনী সমীক্ষা আৰু নিৰ্বাচনৰ দিনৰ ফলাফলৰ মাজৰ ভুলবোৰ গুৰুত্বপূৰ্ণ হয়, ৰাইজে ভোটদানৰ ওপৰত সম্পূৰ্ণৰূপে বিশ্বাস হেৰুৱাব পাৰে । এইটো গণতন্ত্ৰত এক ধ্বংসাত্মক পৰিণাম হ'ব ।

লগতে পঢ়ক :আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰ হেক ইৰাণৰ: চোৰাংচোৱা সংস্থাৰ দাবী - Trump election campaign hack

আমেৰিকাত নিৰ্বাচন

আমেৰিকাত সঠিক ভোটদান অবিশ্বাস্যভাৱে জটিল । ভোটদানৰ নমুনাৰ এটা উপায়ে দেখুৱাব পাৰে যে কমলা হেৰিছ জয়ী হৈছে; এইটোৱে আকৌ অন্য ধৰণে দেখুৱাব পাৰে যে ট্ৰাম্প জিকি আছে । ভোট দিয়াৰ সম্ভাৱনা থকাসকলৰ বিপৰীতে পঞ্জীয়নভুক্ত ভোটাৰৰ (চৰকাৰী ভোটাৰ তালিকাত থকা) প্ৰশ্নও আছে- যিসকলক সমীক্ষাকাৰীসকলে তেওঁলোকৰ সমীক্ষাত অন্তৰ্ভুক্ত কৰে । এক বৃহৎ গণতন্ত্ৰ হিচাপে কিন্তু আমেৰিকাত ভোটাৰৰ অংশগ্ৰহণ অতি কম । 2016 চনত সকলো যোগ্য ভোটাৰৰ মাত্ৰ 55% ভোটাৰেহে নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল । আনহাতে, ভাৰতত 2024 চনত এই সংখ্যা আছিল 66% । যেতিয়া ভোটদানৰ তথ্য লাভ কৰা হয়, এই কাৰকবোৰৰ বাবে তথ্য সংশোধন কৰিবলৈ সুবিধা হয় । এইবোৰৰ ত্ৰুটিবোৰে ভোটদানৰ ফলাফলক প্ৰভাৱিত কৰিব পাৰে ।

এগৰাকী ভাৰতীয়ক হতবাক কৰিব পৰা আমেৰিকাৰ নিৰ্বাচনৰ এক অনন্য কাৰক হৈছে যে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগৰ দৰে কোনো কেন্দ্ৰীয় কৰ্তৃত্ব নাই । নিৰ্বাচন হৈছে ৰাজ্য-ভিত্তিক বিষয় । আমেৰিকাত 50 খন ৰাজ্য আছে । লগতে ডিষ্ট্ৰিক্ট অব কলম্বিয়া আছে, য'ত ৱাশ্বিংটন অৱস্থিত । প্ৰতিখন ৰাজ্যৰ নিজা নিজা নিয়ম আছে । যেনে আগতীয়া ভোটদান, নিৰ্বাচনৰ দিনা ভোটকেন্দ্ৰ খোলা থকাৰ সময়, মেইল-ইন বেলটৰ নিয়ম, ভোটাৰ পৰিচয়-পত্ৰৰ নিয়ম আৰু ভোট কেনেদৰে গণনা কৰা হয়, তালিকাভুক্ত কৰা হয় আৰু তাৰ প্ৰতিবেদন দিয়া হয় এই বিষয়বোৰত ।

ভাৰতত সংখ্যাগৰিষ্ঠ দলৰ সাংসদসকলে প্ৰধানমন্ত্ৰী বাছনি কৰাৰ বিপৰীতে এগৰাকী আমেৰিকান ৰাষ্ট্ৰপতিক ভোটাৰে পোনপটীয়াকৈ বাছনি কৰে । আনহাতে, ভাৰতৰ বিপৰীতে পপুলাৰ ভোট (popular vote) অৰ্থাৎ কমলা হেৰিছ বা ড'নাল্ড ট্ৰাম্পে লাভ কৰা মুঠ ৰাষ্ট্ৰীয় ভোটৰ সংখ্যা কম গুৰুত্বপূৰ্ণ । গুৰুত্বপূৰ্ণ কথাটো হ'ল, আমেৰিকান নিৰ্বাচনৰ আন এক অনন্য বৈশিষ্ট্য ইলেক্ট'ৰেল কলেজত (electoral college) জয়ী হোৱা ।

ইলেক্ট'ৰেল কলেজ

আমেৰিকাৰ সংবিধানে নিৰ্দেশিত কৰিছে যে পিপ'লছ হাউছ অব ৰিপ্ৰেজেণ্টেটিভছত (লোকসভাৰ সমতুল্য) 438 গৰাকী সদস্য আৰু আমেৰিকান ছিনেটত (ৰাজ্যসভাৰ সমতুল্য) 100 গৰাকী সদস্য থাকিব লাগিব । এই ৫৩৮ টা ভোটে ইলেক্ট'ৰেল কলেজ গঠন কৰে ।

৪৩৮ টা ভোট জনসংখ্যা অনুসৰি প্ৰতিখন ৰাজ্যক আৱণ্টন কৰা হয় । ইয়াৰে ভিতৰত বৃহৎ জনসংখ্যাৰ বাবে কেলিফ'ৰ্ণিয়াক হাউছৰ বাবে 52 জন ইলেক্ট'ৰ দিয়া হয়; টেক্সাছক ৩৮ আৰু তুলনামূলকভাৱে অতি সৰু ৱায়মিঙক 1 ইলেক্ট'ৰ দিয়া হয় । জনসংখ্যা নিৰ্বিশেষে প্ৰতিখন ৰাজ্যত 100 গৰাকী ছিনেটৰৰ দুগৰাকীকৈ বিতৰণ কৰা হয় । ডিষ্ট্ৰিক্ট অব কলম্বিয়াত ছিনেটৰ প্ৰতিনিধিত্ব নাই । সেয়েহে কেলিফ'ৰ্ণিয়াত 54 টা ইলেক্ট'ৰেল ভোট আছে (52 হাউছ + 2 ছিনেট), টেক্সাছত 40 টা ইলেক্ট'ৰেল ভোট আছে (38 হাউছ + 2 ছিনেট) আৰু ৱায়মিঙত 3 টা ইলেক্ট'ৰেল ভোট আছে (1 হাউছ + 2 ছিনেট) ।

এই 538 গৰাকী ইলেক্ট'ৰৰ মাজৰ পৰা ৰাষ্ট্ৰপতি হ'বলৈ এগৰাকী প্ৰাৰ্থীয়ে ইলেক্ট'ৰেল কলেজৰ সাধাৰণ সংখ্যাগৰিষ্ঠতা লাভ কৰিব লাগে, অৰ্থাৎ 270 টা ইলেক্ট'ৰেল ভোট । যদি দুগৰাকী প্ৰাৰ্থীয়ে 269 টা ইলেক্ট'ৰেল কলেজৰ ভোট লাভ কৰে, তেন্তে সেয়া টাই হ'ব আৰু প্ৰতিনিধি সভাই তেতিয়া বিজয়ী বাছনি কৰিব । আমেৰিকাৰ ইতিহাসত অৱশ্যে ইলেক্ট'ৰেল কলেজত কেতিয়াও টাই হোৱা নাই ।

যদি কমলা হেৰিছে কেলিফ'ৰ্ণিয়াত হোৱা লাখ লাখ ভোটৰ মাজত এটাও পপুলাৰ ভোটত জয়লাভ কৰে, তেন্তে তেওঁ কেলিফ'ৰ্ণিয়াৰ 54 টা ইলেক্ট'ৰেল ভোটৰ সকলোবোৰ লাভ কৰিব । ইয়াত গুৰুত্বপূৰ্ণ পাৰ্থক্যটো হ'ল যে হেৰিছে 54 টা ভোট লাভ কৰিব, যদি তেওঁ 1 টা ভোট বা 3 নিযুত ভোটৰ ব্যৱধানতে জয়ী নহওক কিয় । ইলেক্ট'ৰেল কলেজত অতিৰিক্ত ভোট অৰ্থহীন । ৰাষ্ট্ৰপতি হোৱাৰ কৌশলটো হ'ল প্ৰতিগৰাকী প্ৰাৰ্থীয়ে কেনেকৈ ২৭০ সংখ্যাত উপনীত হ'বলৈ পৰ্যাপ্ত ৰাজ্যবোৰত জয়লাভ কৰিব ।

লগতে পঢ়ক :হেৰিছ এগৰাকী ভয়ংকৰ ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হ'ব: ট্ৰাম্প - US presidential election 2024

যুদ্ধক্ষেত্ৰৰ ৰাজ্যসমূহ

এক ব্যৱহাৰিক বিষয় হিচাপে হেৰিছে সম্ভৱত কেলিফ'ৰ্ণিয়া জয়লাভ কৰিব । কিয়নো তেওঁৰ নীতিবোৰ তাত আকৰ্ষণীয় । ট্ৰাম্পে সম্ভৱত টেক্সাছ আৰু ফ্ল'ৰিডাত জিকিব । সেয়েহে চূড়ান্ত ফলাফল নিৰ্ভৰ কৰিব কেইখনমান 'যুদ্ধক্ষেত্ৰৰ ৰাজ্য' কোনে জয় কৰিব তাৰ ওপৰত । সেইকেইখন হৈছে পেনছিলভেনিয়া, মিচিগান, উইচকনছিন, জৰ্জিয়া, এৰিজোনা, নৰ্থ কেৰোলিনা আৰু নেভাডা । এই ৰাজ্যকেইখন শেহতীয়া নিৰ্বাচনত যথেষ্ট প্ৰতিদ্বন্দ্বিতামূলক প্ৰমাণিত হৈছে । ইয়াত বিজয়ীৰ সিদ্ধান্ত প্ৰায়ে মাত্ৰ কেইহাজাৰমান ভোটৰ দ্বাৰা লোৱা হয় ।

2020 চনত দেশজুৰি 155 নিযুততকৈও অধিক ভোট দিয়া হৈছিল । ইয়াৰে ভিতৰত ট্ৰাম্পে 74 নিযুত আৰু বাইডেনে 81 নিযুত ভোট লাভ কৰিছিল । অৱশ্যে মূল কথাটো হ'ল যে বাইডেনে জৰ্জিয়া, এৰিজোনা আৰু উইচকনছিনত ট্ৰাম্পৰ বিৰুদ্ধে অতি সংকীৰ্ণ ব্যৱধানত জয়লাভ কৰিছিল, ৪৪,০০০ তকৈও কম ভোটত । অৱশ্যে সেয়া উক্ত ৰাজ্যসমূহৰ ইলেক্ট'ৰেল কলেজৰ ভোট বহন কৰিবলৈ আৰু ২৭০ অতিক্ৰম কৰিবলৈ পৰ্যাপ্ত আছিল । কেলিফ'ৰ্ণিয়া আৰু নিউয়ৰ্কৰ দৰে আন ৰাজ্যবোৰত বাইডেনৰ অতিৰিক্ত বেলট জয় প্ৰায় মূল্যহীন আছিল ।

ভোটদানৰ ত্ৰুটিসমূহ

আমেৰিকান ভোটদাতাসকলো ভোটদানৰ ত্ৰুটিৰ পৰা মুক্ত নহয় । 2020 চনত নিৰ্বাচনৰ দিনৰ ওচৰত উইচকনছিনৰ বাবে ৰিয়েলক্লিয়াৰপলিটিক্সৰ গড় (RealClearPolitics average) আছিল বাইডেনৰ +6.7 । অৱশ্যে ট্ৰাম্প মাত্ৰ 0.77%, প্ৰায় 20,682 টা ভোটত পৰাজিত হৈছিল । সেয়েহে নিৰ্বাচনৰ ভৱিষ্যদ্বাণীতকৈ নিৰ্বাচন যথেষ্ট ওচৰত আছিল । 2016 চনত সকলো মুখ্য নিৰ্বাচন সমীক্ষক সংগঠনে হিলাৰী ক্লিণ্টনৰ জয়ৰ ভৱিষ্যদ্বাণী কৰিছিল । কিন্তু শেষত ট্ৰাম্প জয়ী হৈছিল ।

তেনেহ'লে 2024 চনত কোনে শেষ হাঁহি মাৰিব ?

শেহতীয়া ৰিয়েলক্লিয়াৰপলিটিক্স গড় নিৰ্বাচন অনুসৰি, হেৰিছৰ ৰাষ্ট্ৰীয়ভাৱে ট্ৰাম্পতকৈ 1.5% ব্যৱধানৰ অগ্ৰগতি আছে । অৱশ্যে সেয়া এতিয়াও ত্ৰুটিৰ পৰিসাংখ্যিক মাৰ্জিনৰ ভিতৰত আছে । কিন্তু আমি দেখিছোঁ, ৰাষ্ট্ৰীয় পপুলাৰ ভোটৰ অগ্ৰগতি বেছি নহয় । ইলেক্ট'ৰেল কলেজত তেওঁলোকৰ প্ৰভাৱৰ বাবে গুৰুত্বপূৰ্ণ সাতখন যুদ্ধক্ষেত্ৰৰ ৰাজ্যৰ ভিতৰত পাঁচখনত ট্ৰাম্পে পুনৰ ত্ৰুটিৰ পৰিসাংখ্যিক মাৰ্জিনৰ ভিতৰত অলপ আগবাঢ়ি আছে । যদি ট্ৰাম্পে এই পাঁচোখনত তেওঁৰ অগ্ৰগতি ধৰি ৰাখিব পাৰে, তেন্তে তেওঁ হোৱাইট হাউছলৈ পুনৰ ঘূৰি আহিব ।

সেয়ে আমেৰিকাৰ 2024 চনৰ নিৰ্বাচন ভাৰত-অষ্ট্ৰেলিয়া এদিনীয়া ফাইনেলৰ দৰে নখ কামুৰিবলগা যুঁজ হ'ব ।

(ঘোষণা : এই নিবন্ধত প্ৰকাশিত মতামতবোৰ লেখকৰ সম্পূৰ্ণ নিজস্ব । ইয়াত প্ৰকাশ কৰা তথ্য আৰু মতামতে ইটিভি ভাৰতৰ মতামত প্ৰতিফলিত নকৰে)

লগতে পঢ়ক :আজিৰে পৰা আৰম্ভ ডেম’ক্ৰেটিক নেশ্যনেল কনভেনশ্যন - Democratic National Convention 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.