ETV Bharat / international

আকৰ্ষণীয় পৰ্যায়ত ট্ৰাম্প-হেৰিছৰ নিৰ্বাচনী বিতৰ্ক: অনুপ্ৰৱেশ, অৰ্থনীতি, গৰ্ভপাত, বৰ্ণবাদৰ ওপৰত তুমুল বিতৰ্ক - US President Elections 2024

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2024, 2:08 PM IST

US Elections Debate 2024 : আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাষ্ট্ৰপতি পদপ্ৰত্যাশী দুয়োগৰাকী প্ৰাৰ্থীৰ মাজৰ বিতৰ্কই আকৰ্ষণীয় ৰূপ লৈছে । কমলা হেৰিছে যদি ড'নাল্ড ট্ৰাম্পৰ অৰ্থনীতি পৰিচালনা, ২০২০ চনৰ নিৰ্বাচনৰ ফলাফল অস্বীকাৰ আৰু গৰ্ভপাতৰ ওপৰত তেওঁৰ নীতিক লক্ষ্য কৰি লৈছে, ইয়াৰ প্ৰত্যুত্তৰত ট্ৰাম্পে মুদ্ৰাস্ফীতি, প্ৰব্ৰজন আদি বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে । আনহাতে, বৰ্ণবাদ বিষয়ত ট্ৰাম্পৰ অতীতৰ বিতৰ্ক আৰু গৰ্ভপাতৰ ওপৰত হেৰিছে আলোকপাত কৰে ।

US Elections Debate 2024
ড'নাল্ড ট্ৰাম্প আৰু কমলা হেৰিছ (AP Photo)

নিউজ ডেস্ক, ১১ ছেপ্টেম্বৰ : আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ড'নাল্ড ট্ৰাম্প আৰু কমলা হেৰিছে মঙলবাৰে নিশা প্ৰথমবাৰৰ বাবে আৰু সম্ভৱতঃ অন্তিমবাৰৰ বাবে বিতৰ্কৰ মঞ্চত ইজনে সিজনৰ মুখামুখি হয় । "কমলা হেৰিছ ।" প্ৰথমবাৰৰ বাবে এই যুটিটো লগ হোৱাৰ সময়ত নিজৰ পৰিচয় দাঙি ধৰি হেৰিছে কয়, "আহক আমি এক ভাল বিতৰ্কত অংশগ্ৰহণ কৰোঁ ।"

আনহাতে, ইয়াৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰাক্তন ৰিপাব্লিকান ৰাষ্ট্ৰপতি ট্ৰাম্পে কয়, "আপোনাক দেখি ভাল লাগিছে । আনন্দ উপভোগ কৰক ।"

এই মত বিনিময়ে প্ৰকাশ কৰিছিল যে আগন্তুক ৯০ মিনিটৰ বিতৰ্কৰ সুৰ কেনে হ'ব । কিয়নো হেৰিছে সময়ে সময়ে কথোপকথন নিয়ন্ত্ৰণ কৰিছিল, ট্ৰাম্পক তেওঁৰ অৰ্থনৈতিক নীতিৰ ওপৰত আক্ৰমণ কৰিছিল, ২০২০ চনৰ নিৰ্বাচনত পৰাজয় স্বীকাৰ কৰিবলৈ অস্বীকাৰ কৰাৰ ওপৰত আঙুলি টোঁৱাইছিল আৰু আনকি ৰেলীত তেওঁৰ প্ৰদৰ্শনৰ কথাও উল্লেখ কৰিছিল ।

আনহাতে, ট্ৰাম্পে যদিও আৰম্ভণিতে যথেষ্ট উচ্ছসিত হৈছিল, কিন্তু সময় আগবঢ়াৰ লগে লগে তেওঁ অধিক বিৰক্ত হৈছিল ।

এক ঐতিহাসিক বিতৰ্কৰ কেইটামান উপলব্ধি

আৰম্ভণিৰ কৰমৰ্দনৰ পৰা হেৰিছে বিতৰ্কৰ যুঁজখন ট্ৰাম্পলৈ এনেদৰে লৈ গৈছিল, যিটো হয়তো বাইডেনে কৰিব নোৱাৰিলেহেঁতেন ।

তেওঁৰ প্ৰথম উত্তৰত কৈছিল যে ট্ৰাম্পৰ শুল্ক নীতিয়ে কাৰ্যকৰীভাৱে মধ্যবিত্ত শ্ৰেণীৰ ওপৰত বিক্ৰী কৰ সৃষ্টি কৰিব । তেওঁ ট্ৰাম্পক গৃহযুদ্ধৰ পিচত আমেৰিকান গণতন্ত্ৰৰ ওপৰত হোৱা আটাইতকৈ বেয়া আক্ৰমণৰ নেতৃত্ব প্ৰদানৰ অভিযোগ উত্থাপন কৰে, যিটো হৈছে 2021 চনৰ 6 জানুৱাৰী তাৰিখে কেপিটল সংঘৰ্ষ ।

হেৰিছে এনে ধৰণৰ আক্ৰমণৰ সৈতে বেছিভাগ বিতৰ্ক কাৰ্যকৰীভাৱে নিয়ন্ত্ৰণ কৰিছিল আৰু ট্ৰাম্পক প্ৰতিক্ৰিয়া প্ৰকাশৰ জালত বন্দী কৰিছিল । কিয়নো ট্ৰাম্পে কেতিয়াবা কেতিয়াবা মুক্তভাৱে কথা কৈছিল আৰু কেতিয়াবা তেওঁৰ আসুৰিক বাক্যবাণ আৰু অতীতৰ ওপৰত ধ্যান কেন্দ্ৰীভূত কৰিবলৈ মনত পেলাই দিছিল ।

ডেমক্ৰেট জ' বাইডেনৰ হাতত ২০২০ চনৰ নিৰ্বাচনী দৌৰত ট্ৰাম্প পৰাজিত হোৱাৰ বিষয়ে হেৰিছে কয়, "আপুনি প্ৰকৃততে উক্ত নিৰ্বাচনত পৰাজিত হৈছিল । কিন্তু তথাপিও জয়ী হোৱা বুলি জোৰ দি আছিল ।" তেওঁ বাইডেনৰ বিজয়ী ভোটৰ ব্যৱধানৰ কথা উল্লেখ কৰি কয়, "ড'নাল্ড ট্ৰাম্পক ৮১ নিযুত লোকে নাকচ কৰিছিল ।"

কিন্তু হেৰিছে হয়তো তেওঁৰ প্ৰতিদ্বন্দ্বীক আঘাত কৰাৰ আটাইতকৈ গভীৰ স্থানটুকুৰা আৱিষ্কাৰ কৰিছিল, যেতিয়া তেওঁ কৈছিল যে ট্ৰাম্পৰ ৰেলীবোৰক মানুহে প্ৰত্যাখ্যান কৰিছে আৰু মানুহে প্ৰায়ে তাৰ পৰা সোনকালে গুচি গৈছে ।

এই কথাত ট্ৰাম্পৰ বিৰক্তকৰ মুখখন স্পষ্টভাৱে ধৰা পৰিছিল আৰু সেই কথা লুকুৱাবলৈ ট্ৰাম্পে জোৰ দি কৈছিল যে তেওঁৰ ৰেলীবোৰ হেৰিছতকৈ ডাঙৰ আছিল ।

আনহাতে, ট্ৰাম্পে হেৰিছৰ ওপৰত এটা লেবেল লগাইছিল : 'তেওঁ হৈছে বাইডেন' ৷

সমগ্ৰ বিতৰ্কটোত ট্ৰাম্প প্ৰায়ে নিজক প্ৰতিৰক্ষা কৰাত ব্যস্ত আছিল । কিন্তু তাৰ মাজতে তেওঁৰ প্ৰচাৰৰ মূল বাৰ্তাটো আছিল : মুদ্ৰাস্ফীতি আৰু প্ৰব্ৰজনে আমেৰিকানসকলক আঘাত কৰিছে ।

ট্ৰাম্পে কৈছিল, "অনুপ্ৰৱেশকাৰীসকলে আমাৰ দেশৰ বৰণ ধ্বংস কৰিছে ।"

তেওঁ বাৰে বাৰে হেৰিছক বাইডেনৰ সৈতে সংযুক্ত কৰি ৰাখিছিল ।

"তেওঁ হৈছে বাইডেন ।" ট্ৰাম্পে বাৰে বাৰে উচ্চাৰণ কৰিছিল ।

ট্ৰাম্পে লগতে কয়, "আমি এতিয়ালৈকে লাভ কৰা আটাইতকৈ বেয়া মুদ্ৰাস্ফীতি । এক ভয়ংকৰ অৰ্থনীতি, কিয়নো মুদ্ৰাস্ফীতিয়ে আমেৰিকাক ইমান বেয়া কৰি তুলিছে যে তেওঁ ইয়াৰ পৰা নিজকে আঁতৰাই নিব নোৱাৰে ।"

কিন্তু ইয়াৰ উত্তৰত হেৰিছে কৈছিল, "স্পষ্টকৈ কওঁ, মই জো বাইডেন নহয় আৰু মই নিশ্চিতভাৱে ড'নাল্ড ট্ৰাম্পো নহয় । আৰু মই যি আগবঢ়াইছোঁ সেয়া হৈছে আমাৰ দেশৰ বাবে এক নতুন প্ৰজন্মৰ নেতৃত্ব ।"

অৱশ্যে ইয়াৰ মাজতে হেৰিছে ট্ৰাম্পৰ বৰ্ণবাদী বিতৰ্কৰ এক দীঘলীয়া তালিকা সোঁৱৰাই দিছিল । সেয়া হৈছে 1970 ৰ দশকত তেওঁৰ নিউয়ৰ্কৰ এপাৰ্টমেণ্টত কৃষ্ণাংগ ভাৰাতীয়াসকলৰ বিৰুদ্ধে বৈষম্যৰ বাবে তেওঁৰ আইনী নিষ্পত্তি; ১৯৮০ ৰ দশকত চেণ্ট্ৰেল পাৰ্কজগাৰ গোচৰত ভুলকৈ গ্ৰেপ্তাৰ কৰা ক'লা আৰু লেটিনো কিশোৰসকলক মৃত্যুদণ্ড দিয়াৰ বাবে তেওঁৰ বিজ্ঞাপন; আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ'বামা আমেৰিকাত জন্ম হোৱা নাছিল বুলি তেওঁৰ মিছা দাবী ।

ইফালে ট্ৰাম্পে হেৰিছক মানুহৰ মাজত বিভাজন সৃষ্টি কৰিবলৈ চেষ্টা কৰাৰ অভিযোগবোৰ ম্যাদ উকলি যোৱা আৰু অপ্ৰাসংগিক বুলি খাৰিজ কৰিছিল ।

তেওঁ কয়, "হেৰিছ এনে এগৰাকী ব্যক্তি, যিয়ে ৪০-৫০ বছৰ পূৰ্বলৈ উভতি গৈছে । কিয়নো বৰ্তমান ক'বলগীয়া একো নাই ।"

গৰ্ভপাতৰ ওপৰতো দুয়ো প্ৰাৰ্থীৰ আক্ৰমণ-প্ৰত্যাক্ৰমণ

ট্ৰাম্পৰ মনোনীত ব্যক্তিসকলে গৰ্ভপাতৰ সাংবিধানিক অধিকাৰ কৰ্তন কৰিবলৈ উচ্চতম ন্যায়ালয়ত সংখ্যাগৰিষ্ঠতা সৃষ্টি কৰাৰ পিচত হেৰিছে গৰ্ভপাতৰ অধিকাৰৰ প্ৰতিৰক্ষাত মুকলিকৈ ওলাই আহিছিল । এইটো ডেম'ক্ৰেটসকলৰ বাবে সম্ভৱত আটাইতকৈ শক্তিশালী বিষয় । তেওঁৰ তীক্ষ্ণ যুক্তিবোৰে ট্ৰাম্পৰ সৈতে জুনত হোৱা বিতৰ্কৰ সময়ত ৰাষ্ট্ৰপতি জো বাইডেনে বিষয়টোৰ ওপৰত কৰা মন্তব্যৰ এক স্পষ্ট বৈপৰিত্য প্ৰদান কৰিছিল ।

লগতে পঢ়ক :অৰ্থনীতি আৰু গৰ্ভপাতক লৈ ট্ৰাম্প-হেৰিছৰ মাজত উত্তেজনাপূৰ্ণ বিতৰ্ক - US PRESIDENTIAL POLL 2024
লগতে পঢ়ক :The Apprentice : নিৰ্বাচনৰ পূৰ্বে আমেৰিকাৰ ছবিগৃহত ট্ৰাম্পৰ বিতৰ্কিত বায়'পিক - Trump Biopic The Apprentice

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.