ETV Bharat / international

থাইলেণ্ডৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত 37 বছৰীয়া পেটংটাৰ্ণ শ্বিনাৱাট্ৰাক - PM Paetongtarn Shinawatra

author img

By ETV Bharat Assamese Team

Published : Aug 16, 2024, 1:38 PM IST

Thailand's new PM : থাইলেণ্ডৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত পেটংটাৰ্ণ শ্বিনাৱাট্ৰাক । বিভাজনকাৰী প্ৰাক্তন নেতা থাকচিন শ্বিনাৱাট্ৰাৰ কনিষ্ঠ কন্যা পেটংটাৰ্ণ ৷ 319 টা ভোট লাভ কৰে পেটংটাৰ্ণে ৷

Thailand Parliament Elects Thaksin's Daughter Paetongtarn Shinawatra As Prime Minister
থাইলেণ্ডৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত 37 বছৰীয়া পেটংটাৰ্ণ শ্বিনাৱাট্ৰাক (AP)

ইণ্টাৰনেশ্যনেল ডেস্ক, 16 আগষ্ট: থাইলেণ্ডৰ সংসদে শুকুৰবাৰে দেশখনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰে বিভাজনকাৰী প্ৰাক্তন নেতা থাকচিন শ্বিনাৱাট্ৰাৰ কনিষ্ঠ কন্যা পেটংটাৰ্ণ শ্বিনাৱাট্ৰাক ।

শ্বিনাৱাট্ৰা পৰিয়ালৰ পৰা থাইলেণ্ডৰ তৃতীয়গৰাকী নেতা হিচাপে পৰিগণিত হৈছে পেটংটাৰ্ণ । ইয়াৰ পূৰ্বে তেওঁৰ পিতৃ আৰু পেহীয়েক ইংলাক শ্বিনাৱাট্ৰা নিৰ্বাচিত হৈছিল প্ৰধানমন্ত্ৰী হিচাপে ৷ পেহীয়েকৰ পিছতে থাইলেণ্ডৰ দ্বিতীয়গৰাকী মহিলা প্ৰধানমন্ত্ৰী আৰু 37 বছৰ বয়সত দেশখনৰ আটাইতকৈ কম বয়সীয়া নেতা হিচাপেও পৰিগণিত হয় পেটংটাৰ্ণ ।

পেটংটাৰ্ণ 319 টা ভোট লাভ কৰাৰ বিপৰীতে 145 টা ভোট তেওঁৰ বিৰুদ্ধে আৰু 27 গৰাকী ভোটদানৰ পৰা বিৰত থাকে ।

পেটংটাৰ্ণ শাসকীয় ফেউ থাই দলৰ নেত্ৰী যদিও নিৰ্বাচিত সাংসদ নাছিল ৷ অৱশ্যে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হোৱাৰ বাবে এয়া প্ৰয়োজনীয় নহয় । পেটংটাৰ্ণ একমাত্ৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী আছিল আৰু ভোটদান চলি থকাৰ লগে লগে সংসদত সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল । নৈতিকতা উলংঘা কৰাৰ বাবে দুদিন পূৰ্বে সাংবিধানিক আদালতে অপসাৰণ কৰিছিল ইয়াৰ পূৰ্বৰ প্ৰধানমন্ত্ৰীজনক ।

থাকচিন থাইলেণ্ডৰ অন্যতম জনপ্ৰিয় কিন্তু বিভাজনকাৰী ৰাজনৈতিক ব্যক্তি আৰু 2006 চনত সামৰিক অভ্যুত্থানৰ ফলত তেওঁক ক্ষমতাচ্যুত কৰা হৈছিল । তেওঁক ফেউ থাইৰ প্ৰধান নেতা হিচাপে বহুতে গণ্য কৰে । তেওঁৰ অৱশিষ্ট জনপ্ৰিয়তা আৰু প্ৰভাৱ পেটংটাৰ্ণৰ প্ৰতি ৰাজনৈতিক সমৰ্থনৰ আঁৰৰ এটা কাৰক ।

2021 চনত পেটংটাৰ্ণৰ ৰাজনীতিত আনুষ্ঠানিক প্ৰৱেশ ঘটিছিল যেতিয়া ফেউ থাই দলে ঘোষণা কৰিছিল যে তেওঁক অন্তৰ্ভুক্তি পৰামৰ্শদাতা সমিতিৰ নেতৃত্ব দিয়া হ’ব বুলি । নিৰ্বাচনৰ পূৰ্বে ফেউ থাইৰ তিনিজন প্ৰধানমন্ত্ৰী প্ৰাৰ্থীৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত হোৱাৰ পিছত যোৱা বছৰ ফেউ থাইৰ নেত্ৰী হিচাপে নিযুক্তি লাভ কৰিছিল পেটংটাৰ্ণে ।

যেতিয়া পেটংটাৰ্নে ফেউ থাইৰ প্ৰচাৰ কাৰ্যত ব্যস্ত আছিল, তেতিয়া তেওঁ পিতৃৰ পৰিচয়ক স্বীকৃতি দিছিল যদিও "এয়া মোৰ দেউতাৰ ছাঁ নহয় । মই মোৰ দেউতাৰ ছোৱালী, সদায় আৰু চিৰদিনৰ বাবে, কিন্তু মোৰ নিজৰ সিদ্ধান্ত আছে " বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছিল ৷

উল্লেখ্য যে, এবছৰ নৌহওঁতেই বুধবাৰে প্ৰধানমন্ত্ৰী শ্ৰেথা থাভিচিনক অপসাৰণ কৰাৰ পিছতে পেটংটাৰ্নে মনোনয়ন লাভ কৰে । সাংবিধানিক আদালতে তেওঁক উৎকোচৰ লোৱাৰ অভিযোগত কাৰাগাৰত বন্দী হোৱা কেবিনেট সদস্যক নিযুক্তি দিয়াৰ অভিযোগত গুৰুতৰ নৈতিক উলংঘা সংঘটিত কৰা বুলি দোষী সাব্যস্ত কৰে ।

এসপ্তাহৰ ভিতৰত এইটোৱেই আছিল থাইলেণ্ডৰ ৰাজনীতিক জোকাৰি যোৱা দ্বিতীয়টো বৃহৎ ৰায়দান । যোৱা বৰ্ষৰ সাধাৰণ নিৰ্বাচনত জয়ী হ’লেও ক্ষমতা দখল কৰাত বাধা দিয়া প্ৰগতিশীল মুভ ফৰৱাৰ্ড দলটোক যোৱা সপ্তাহত একেখন আদালতে ভংগ ঘোষণা কৰে । ইতিমধ্যে দলটোৱে পিপলছ পাৰ্টি হিচাপে পুনৰ গোট খাইছে ।

লগতে পঢ়ক: ভাৰতীয় সেনা আৰু থাই সেনাৰ যুটীয়া সামৰিক অনুশীলন - MAITREE 2024

থাইলেণ্ডৰ টাক প্ৰদেশত ভাৰত আৰু থাইলেণ্ড সেনাৰ যৌথ অনুশীলন মৈত্ৰী ২০২৪ ৰ সামৰণি - MAITREE 2024

ম্যানমাৰৰ অস্থিৰতাই বৃদ্ধি কৰিছে অপৰাধীৰ কাৰ্যকলাপ: ভাৰতীয় ৰাষ্ট্ৰদূত - Myanmar Crisis

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.