ইণ্টাৰনেশ্যনেল ডেস্ক, ২৩ মাৰ্চ : ৰাছিয়াৰ ৰাজধানী মস্কোৰ কনচাৰ্ট হলত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ পাচত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ৰাষ্ট্ৰীয় শোক ঘোষণা কৰি এই সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে ইউক্ৰেইনক জগৰীয়া কৰে । জাতিটোক উদ্দেশ্যি দিয়া ভাষণত পুটিনে দৃঢ়তাৰে কয় যে সন্ত্ৰাসবাদীসকলে বিপুল সংখ্যক মৃত্যুৰ বাবে গুৰুতৰ পৰিণতি আৰু প্ৰতিশোধৰ সন্মুখীন হ’ব লাগিব । তেওঁ কয় যে ৰাছিয়ানসকলক নাজী শৈলীৰ নিষ্ঠুৰ আক্ৰমণত গুলীয়াই হত্যা কৰা হৈছিল ।
- " class="align-text-top noRightClick twitterSection" data="">
মস্কোৰ কনচাৰ্ট হলত শুকুৰবাৰে সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা ১৪৩ জনলৈ বৃদ্ধি পাইছে ৷ মৃতকৰ ভিতৰত তিনিটা শিশুও আছে ৷ ইফালে এই আক্ৰমণৰ সৈতে ‘প্ৰত্যক্ষভাৱে’ জড়িত বুলি দাবী কৰা চাৰিজন ‘সন্ত্রাসবাদী’কে ধৰি ১১ জন লোকক ৰাছিয়াৰ চোৰাংচোৱা সংস্থাই আটক কৰিছে ৷ সন্ত্ৰাসবাদী সহযোগীক চিনাক্ত কৰি আক্ৰমণৰ সকলো পৰিস্থিতি প্ৰতিষ্ঠা কৰাৰ বাবে কাম চলি আছে ৷ ৰাছিয়াৰ ফেডাৰেল ছিকিউৰিটি ছাৰ্ভিচৰ (এফএছবি) বিবৃতিৰ উদ্ধৃতি দি টাছে শনিবাৰে প্ৰকাশ কৰে এই কথা । ইফালে ইছলামিক ষ্টেটে এই গুলীচালনাৰ দায়িত্ব স্বীকাৰ কৰিছে ।
শনিবাৰে ৰাছিয়াৰ চৰকাৰী সংবাদ মাধ্যমে শ্বেয়াৰ কৰা ছবিত দেখা গৈছে যে মস্কোৰ পশ্চিম প্ৰান্তত থকা ক্ৰাছনোগৰ্স্কৰ ৬ হাজাৰতকৈ অধিক লোকৰ ক্ষমতা থকা শ্বপিং মল আৰু সংগীত স্থান ক্ৰকাছ চিটি হলৰ ধ্বংসাৱশেষৰ বাহিৰত এতিয়াও জৰুৰীকালীন বাহনৰ এটা বহৰ গোট খাই আছে ৷ ৰাছিয়াৰ নিৰাপত্তা সেৱাৰ মুৰব্বী আলেকজেণ্ডাৰ বৰ্টনিকোভে ৰিয়াছৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক জনাইছে যে এই আক্ৰমণৰ সৈতে জড়িত এঘাৰজন লোকক আটক কৰা হৈছে । ক্ৰেমলিনে কয় যে আটক কৰাসকলৰ ভিতৰত আছে “ক্ৰ’কাছত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত চাৰিওজন সন্ত্ৰাসবাদী” ।
ইফালে ৰাষ্ট্ৰসংঘৰ সচিব জেনেৰেল এণ্টনিঅ’ গুটেৰেছেও ক্ৰকাছ চিটি হলত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিছে আৰু ৰাছিয়ান ফেডাৰেচনৰ জনসাধাৰণ আৰু চৰকাৰলৈ সমবেদনা জ্ঞাপন কৰিছে বুলি সচিব প্ৰধান ফাৰহান হকে প্ৰকাশ কৰা এক বিবৃতিত প্ৰকাশ পাইছে ।
মস্কোৰ মেয়ৰ চাৰ্গেই ছ’বিয়ানিনে পৰৱৰ্তী দুদিনত ৰাজধানীখনৰ সকলো গণ অনুষ্ঠান বাতিল কৰে আৰু ৰাছিয়াৰ আন কেইবাটাও অঞ্চলে ইয়াৰ অনুসৰণ কৰে বুলি টাছে প্ৰকাশ কৰিছে । প্ৰাথমিক তথ্য অনুসৰি, মৃত্যুৰ কাৰণ আছিল বন্দুকৰ গুলী আৰু বিষক্ৰিয়া ৷ কনচাৰ্ট হলৰ চৌহদ পৰিদৰ্শনৰ প্ৰাৰম্ভিক ফলাফলত দেখা গৈছে যে আক্ৰমণৰ সময়ত সন্ত্ৰাসবাদীসকলে স্বয়ংক্ৰিয় অস্ত্ৰ ব্যৱহাৰ কৰিছিল ৷ তদন্তকাৰী দলে আক্ৰমণৰ পাচত এৰি থৈ যোৱা গোলাবাৰুদৰ সৈতে অস্ত্ৰসমূহ জব্দ কৰিছে ৷
তদন্তকাৰী দলে বস্তুগত প্ৰমাণৰ ভিত্তিত বৰ্তমান বেলিষ্টিক, জেনেটিক আৰু আঙুলিৰ ছাপ পৰীক্ষণ কৰি আছে ৷ চিএনএনৰ বাতৰি অনুসৰি জৰুৰীকালীন সেৱাই এতিয়াও ধ্বংসাৱশেষত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷ চিচিটিভিৰ ফুটেজৰ ওপৰত অধ্যয়ন চলি আছিল আৰু ভুক্তভোগীৰ সৈতে কাম আৰম্ভ হৈছে ।
লগতে পঢ়ক: মস্কোৰ কনচাৰ্ট হলত দুৰ্বৃত্তৰ আক্ৰমণ, 93ৰো অধিক লোক নিহত - Open fire in Moscow