ETV Bharat / international

বিদেশ ভ্ৰমণ সামৰি দিল্লী অভিমুখে ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী - PM Modi departs for Delhi

author img

By ANI

Published : Jul 11, 2024, 7:50 AM IST

PM Modi bilateral visit: তিনিদিনীয়া বিদেশ ভ্ৰমণৰ সামৰণি মাৰি প্ৰধানমন্ত্ৰী মোদী উভতিছে ভাৰতলৈ ৷ নিজৰ অষ্ট্ৰিয়া ভ্ৰমণক ঐতিহাসিক আখ্য়াৰে X হেণ্ডেলত ধন্যবাদসূচক পোষ্ট মোদীৰ ৷

PM Modi departs for Delhi
PM Modi bilateral visit (PM Modi X handle)

নিউজ ডেস্ক, 11 জুলাই: তিনিদিনীয়া ৰাছিয়া-অষ্ট্ৰিয়া ভ্ৰমণ সামৰি দিল্লী অভিমুখে ৰাওনা হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰীৰ আসনত বহাৰ পিচত এয়া হৈছে নৰেন্দ্ৰ মোদীৰ প্ৰথমটো বিদেশ ভ্ৰমণ ৷ নিজৰ ভ্ৰমণৰ সামৰণি মাৰি প্ৰধানমন্ত্ৰী মোদীয়ে X হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰি অষ্ট্ৰিয়াৰ চৰকাৰ, চেঞ্চেলৰ আৰু দেশখনৰ জনতাক তেওঁলোকৰ উষ্ম আদৰণি আৰু আতিথ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷ তেওঁ লগতে এই ভ্ৰমণক অতি ফলপ্ৰসূ হিচাপে অভিহিত কৰাৰ লগতে ঐতিহাসিক আখ্যা দিয়ে ৷

‘‘মোৰ অষ্ট্ৰিয়া ভ্ৰমণ ঐতিহাসিক আৰু অতি ফলপ্ৰসূ হৈছে ৷ আমাৰ দেশসমূহৰ মাজৰ বন্ধুত্বত নতুন শক্তি সংযোজন হৈছে । ভিয়েনাত থকাৰ সময়ত বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰি আনন্দিত হৈছোঁ । চেঞ্চেলৰ @karlnehammer, অষ্ট্ৰিয়া চৰকাৰ আৰু জনসাধাৰণৰ আতিথ্য আৰু মৰমৰ বাবে কৃতজ্ঞতা জনাইছোঁ ৷’’ মোদীয়ে নিজৰ পোষ্টত লিখিছে ৷

লগতে পঢ়ক: অষ্ট্ৰিয়াৰ শিল্পীৰ 'বন্দে মাতৰম'ত মুগ্ধ প্ৰধানমন্ত্ৰী; অষ্ট্ৰিয়াৰ সাংগীতিক সংস্কৃতিৰ প্ৰশংসা মোদীৰ - PM Modi Austria Visit

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ভিয়েনাত অনুষ্ঠিত এক সামূহিক অনুষ্ঠানতো অংশগ্ৰহণ কৰি কয় যে তেওঁলোকৰ বন্ধুত্বৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ ঐতিহাসিক অনুষ্ঠানত দীঘলীয়া অপেক্ষাৰ অন্ত পৰিছে ৷ তদুপৰি, ৪১ বছৰৰ ব্যৱধানৰ অন্তত এজন ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে অষ্ট্ৰিয়া ভ্ৰমণ কৰাৰ বাবে ই এক ঐতিহাসিক মুহূৰ্ত বুলি স্বীকাৰ কৰি উষ্ম আদৰণিৰ বাবেও তেওঁ কৃতজ্ঞতা আৰু আনন্দ প্ৰকাশ কৰে । এটা সামূহিক অনুষ্ঠানৰ মঞ্চত উপস্থিত হোৱাৰ লগে লগে মানুহে তেওঁক ‘মোদী মোদী’ ধ্বনিৰে আদৰণি জনায় ।

ইফালে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালেও X ত এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে ভিয়েনাত ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰিছিল । প্ৰবাসী ভাৰতীয়সকলে প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনায় আৰু এই অনুষ্ঠানত ভাৰত আৰু ইয়াৰ প্ৰবাসীসকলৰ মাজত শক্তিশালী সংযোগ প্ৰদৰ্শন কৰা হয় ।

লগতে পঢ়ক: অষ্ট্ৰিয়াত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি; ৰাজনৈতিক আৰু অৰ্থনৈতিক আলোচনাৰ পোষকতা কাৰ্ল নেহামাৰৰ - Modi visit to Austria

"প্ৰবাসীসকলৰ সৈতে গভীৰ বন্ধন গঢ়ি উঠিছে । আজি ভিয়েনাত প্ৰবাসী ভাৰতীয়সকলৰ সৈতে প্ৰধানমন্ত্ৰী @narendramodi য়ে মত বিনিময় কৰে । প্ৰবাসীসকলে প্ৰধানমন্ত্ৰীক অতি আনন্দৰে উষ্ম আদৰণি জনায় ।" ৰণধীৰ জয়ছোৱালে পোষ্টটোত লিখে ৷

"প্ৰধানমন্ত্ৰী বিগত ১০ বছৰত দেশত হোৱা অগ্ৰগতিৰ ওপৰত আলোকপাত কৰি ভৱিষ্যতৰ বাবে তেওঁৰ দৃষ্টিভংগী সম্পৰ্কে মত বিনিময় কৰে । ভাৰতক 'বিশ্ববন্ধু' হোৱা আৰু বিশ্বৰ প্ৰগতি আৰু মংগলৰ বাবে অৰিহণা যোগোৱাৰ বিষয়তো তেওঁ গুৰুত্ব আৰোপ কৰে । ভাৰতক শক্তিশালী কৰাত প্ৰবাসী ভাৰতীয়সকলৰ ভূমিকা তথা অংশীদাৰিত্বৰ বাবে তেওঁ ধন্যবাদ জ্ঞাপন কৰে ।" ৰণধীৰ জয়ছোৱালে পোষ্টটোত লগতে কয় ৷

লগতে পঢ়ক: অষ্ট্ৰিয়াৰ কোম্পানীসমূহক ভাৰতত বিনিয়োগ কৰিবলৈ আমন্ত্ৰণ প্ৰধানমন্ত্ৰী মোদীৰ - PM Modi Austria Visit

ইয়াৰ পিচতে অষ্ট্ৰিয়াৰ চেঞ্চেলৰ কাৰ্ল নেহামাৰে প্ৰধানমন্ত্ৰী মোদীৰ অষ্ট্ৰিয়ালৈ সফল ভ্ৰমণৰ আয়োজনৰ লগত জড়িত দলসমূহৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে । ইয়াৰ উপৰিও X এটা পোষ্টত চেঞ্চেলৰ নেহামাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, ফেডাৰেল আৰ্মী, আৰক্ষী, প্ৰট’কল বিষয়া আৰু পৰ্দাৰ আঁৰত থকাসকলকে ধৰি সকলো ব্যক্তি, দলৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমক স্বীকাৰ কৰে । তেওঁ তেওঁলোকক পেছাদাৰী পৰিকল্পনা, সংগঠন, আৰু ভ্ৰমণৰ নিষ্পাদনৰ বাবে ধন্যবাদ জনায় ।

নেহামাৰে কয় যে, "@narendramodi ৰ অষ্ট্ৰিয়া ভ্ৰমণৰ দৰে ডাঙৰ কাম কৰিবলৈ হ'লে কেইবা ডজন কৰ্মচাৰীয়ে কেইবা সপ্তাহ ধৰি তীব্ৰভাৱে ব্যস্ত হৈ থাকে । ভ্ৰমণৰ দিনটোত আৰু শ শ কৰ্মচাৰী জড়িত হৈ থাকে ।"

"@MFA_Austria , @bkagvat ৰ দলসমূহৰ লগতে ফেডাৰেল আৰ্মী, আৰক্ষী, প্ৰট'কল আৰু পেছাদাৰী পৰিকল্পনা, সাৱধানে সংগঠন আৰু নিখুঁত নিষ্পাদনৰ বাবে সহায়ৰ হাত বঢ়োৱা সকললৈ বহুত বহুত ধন্যবাদ !" তেওঁ লগতে কয় ৷

লগতে পঢ়ক: মোদীৰ ৰাছিয়া ভ্ৰমণে চিন্তাত পেলাইছে আমেৰিকাক ! - america on India Russia Ties

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.