ETV Bharat / international

সৰ্বোচ্চ পৰ্যায়ৰ দেশপ্ৰেমী: ৰাষ্ট্ৰপতিৰ দৌৰৰ পৰা আঁতৰি অহা বাবে বাইডেনক প্ৰশংসা প্ৰাক্তন ৰাষ্ট্ৰপতি ওবামাৰ - US Presidential Election 2024

author img

By ANI

Published : Jul 22, 2024, 7:59 AM IST

Barack Obama praises Biden: 2024 চনৰ নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন ৷ এই নিৰ্বাচনত জো বাইডেনে প্ৰতিদ্বন্দিতা আগনবঢ়োৱাৰ বাবে বাইডেনক প্ৰশংসাৰে উপচালে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই ৷ বৰ্তমানৰ ৰাষ্ট্ৰপতি ট্ৰাম্পক পৰাভূত কৰাৰ বাবে সকলোকে ঐক্যৱদ্ধ হোৱাৰ আহ্বান বাইডেনৰ ৷

"Patriot of highest order": Barack Obama praises Biden after he drops out of presidential race
একেখন মঞ্চত বাইডেন-ওবামা (ANI)

ইণ্টাৰনেশ্যনেল ডেস্ক, 22 জুলাই: জো বাইডেনক ‘আমেৰিকাৰ অন্যতম উপযুক্ত ৰাষ্ট্ৰপতি’ আৰু ‘শীৰ্ষ পৰ্যায়ৰ দেশপ্ৰেমিক’ বুলি অভিহিত কৰি আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই 2024 চনৰ নৱেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগনবঢ়োৱাৰ সিদ্ধান্তৰ বাবে ওবামাৰ সতীৰ্থ তথা ডেম’ক্ৰেটিক নেতাজনক প্ৰশংসা কৰিছে ।

এক বিবৃতিযোগে ওবামাই কয়, "জো বাইডেন আমেৰিকাৰ এগৰাকী অন্যতম ৰাষ্ট্ৰপতি, লগতে মোৰ এজন প্ৰিয় বন্ধু আৰু সতীৰ্থ । আমি এইটো কথা মনত ৰাখিব লাগিব যে তেওঁ এগৰাকী প্ৰকৃত দেশপ্ৰেমিক ।"

বাইডেনে পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত ঘোষণা কৰাৰ লগতে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক ডেম’ক্ৰেটিক দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে সমৰ্থন কৰাৰ পিছতে ওবামাই এই মন্তব্য প্ৰকাশ কৰে । অৱশ্যে ডেম’ক্ৰেটিক দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে হেৰিছক সমৰ্থন জনাব নে নজনাই সেয়া স্পষ্টকৈ উল্লেখ কৰা নাই ওবামাই ।

বাইডেনক আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি হিচাপে বাছি লোৱাৰ সিদ্ধান্তৰ কথা মনত পেলাই ওবামাই কয়, "ষোল্ল বছৰ পূৰ্বে যেতিয়া মই উপ-ৰাষ্ট্ৰপতিৰ বাবে সন্ধান আৰম্ভ কৰিছিলো, তেতিয়া মই জনসেৱাৰ ক্ষেত্ৰত বাইডেনৰ উল্লেখযোগ্য কেৰিয়াৰৰ বিষয়ে জানিছিলো । কিন্তু তেওঁৰ চাৰিত্ৰিক বৈশিষ্ট্য আছিল অধিক প্ৰশংসাৰ যোগ্য ।"

কৰ্মক্ষেত্ৰত বাইডেনৰ এই চাৰিত্ৰিক বৈশিষ্ট্য প্ৰতিফলিত হৈছিল ।

ওবামাই কয়, "তেওঁ মহামাৰীৰ অন্ত পেলোৱাত সহায় কৰিছিল, লাখ লাখ চাকৰিৰ সৃষ্টি কৰিছিল, প্ৰেছক্ৰিপশ্যন ঔষধৰ ব্যয় হ্ৰাস কৰিছিল, 30 বছৰৰ ভিতৰত অস্ত্ৰ সুৰক্ষা আইনৰ প্ৰথমটো ডাঙৰ প্ৰস্তাৱ গৃহীত কৰিছিল, ইতিহাসত জলবায়ু পৰিৱৰ্তনৰ মোকাবিলা কৰিবলৈ সৰ্ববৃহৎ বিনিয়োগ কৰিছিল আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ আমেৰিকাৰ স্থান পুনৰুদ্ধাৰ কৰিবলৈ যুঁজিছিল, নাটোক পুনৰ সজীৱ কৰি তুলিছিল আৰু ইউক্ৰেইনত ৰাছিয়াৰ আগ্ৰাসনৰ বিৰুদ্ধে থিয় দিবলৈ বিশ্বক সংগঠিত কৰিছিল ।"

X যোগে বাইডেনে কয়, “মোৰ সতীৰ্থ ডেম’ক্ৰেটসকল, মই সিদ্ধান্ত লৈছো যে মই মনোনয়ন গ্ৰহণ নকৰো আৰু মোৰ বাকী কাৰ্যকালৰ বাবে ৰাষ্ট্ৰপতি হিচাপে মোৰ কৰ্তব্যত মোৰ সকলো শক্তি কেন্দ্ৰীভূত কৰিম । 2020 চনত দলৰ পৰা মনোনীত হিচাপে মোৰ প্ৰথম সিদ্ধান্ত আছিল কমলা হেৰিছক মোৰ উপ-সভাপতি হিচাপে বাছি লোৱা, আৰু মোৰ সিদ্ধান্তটোৱেই হৈছে সৰ্বোত্তম সিদ্ধান্ত । কমলাক এইবাৰ আমাৰ দলৰ পৰা মনোনীত কৰিবলৈ মোৰ সম্পূৰ্ণ সমৰ্থন আগবঢ়াব বিচাৰিছো । ডেম’ক্ৰেটসকল — একত্ৰিত হৈ ট্ৰাম্পক পৰাস্ত কৰাৰ সময় আহি পৰিছে ৷ এই কামটো কৰোঁ আহক ।"

বাইডেনে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছকো তেওঁৰ বাবে ‘অসাধাৰণ অংশীদাৰ’ হোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে । আনকি পুনৰ নিৰ্বাচনৰ বাবে কাম কৰা লোকসকললৈও কৃতজ্ঞতা জনায় ।

লগতে পঢ়ক: 20 বছৰীয়া যুৱকৰ আক্ৰমণৰ লক্ষ্য আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প - Donald Trump Shooting

ড’নাল্ড ট্ৰাম্পক হত্যাৰ ব্লুপ্ৰিণ্ট ৰচিছিল ইৰাণে: আমেৰিকাৰ চোৰাংচোৱা - Donald Trump Shooting

জ' বাইডেন আৰু ট্ৰাম্পৰ যুক্তি-তৰ্ক - US Presidential debate

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.