পাকিস্তান : এইবাৰ পাকিস্তানত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান । দেওবাৰে খাইবাৰ পাখতুনখোৱাত পাকিস্তানী নিৰাপত্তা বাহিনীৰ দুটা পৃথক অভিযানত ৪ টা সন্ত্ৰাসবাদী নিহত হয় । পাকিস্তানৰ সামৰিক বাহিনীয়ে এই কথা নিশ্চিত কৰিছে ।
পাকিস্তানত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান
প্ৰথম অভিযানটো উত্তৰ ৱাজিৰিস্তান জিলাত চলিছিল । য'ত এক চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত অভিযান চলোৱা হৈছিল । এই অভিযানত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড সংঘৰ্ষ হয় । য'ত খাৰজী ইনচাফ উল্লাহকে ধৰি দুই সন্ত্ৰাসবাদী নিহত হয় ।
ইফালে খাইবাৰ জিলাত দ্বিতীয়টো অভিযানত নিৰাপত্তাৰক্ষীয়ে আন এটা সন্ত্ৰাসবাদীৰ ঘাটিক লক্ষ্য কৰি গুলীচালনা কৰে । ফলত দুটা সন্ত্ৰাসবাদী নিহত হয় আৰু আন তিনিটা আহত হয় । নিহত সন্ত্ৰাসবাদীকেইটাৰ পৰা নিৰাপত্তা বাহিনীয়ে অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰিছে । সন্ত্ৰাসবাদীকেইটাই নিৰীহ নাগৰিকক হত্যা কৰাৰ লগতে অসংখ্য সন্ত্ৰাসবাদী কাৰ্যকলাপত সক্ৰিয়ভাৱে জড়িত আছিল বুলি জানিব পৰা গৈছে ।
সন্ত্ৰাসবাদ বিৰোধী পদক্ষেপ
ইয়াৰ পূৰ্বে জুলাই মাহত পাকিস্তান চৰকাৰে নিষিদ্ধ তেহৰিক-ই-তালিবান পাকিস্তানক (টিটিপি) আনুষ্ঠানিকভাৱে 'ফিতনা আল খাৱাৰিজ' হিচাপে মনোনীত কৰে আৰু সকলো প্ৰতিষ্ঠানক সন্ত্ৰাসবাদী কাৰ্যৰ বাবে দায়ী সকলক 'খৰিজী' (বহিষ্কৃত) বুলি উল্লেখ কৰিবলৈ নিৰ্দেশ দিয়ে । শনিবাৰে উত্তৰ ৱাজিৰিস্তানত সংঘটিত এক আত্মঘাতি বোমা বিস্ফোৰণত ৪ গৰাকী আৰক্ষী বিষয়াকে ধৰি প্ৰায় ৮ গৰাকী লোকৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে ।
লক্ষণীয়ভাৱে, ২০২১ চনত আফগানিস্তানত তালিবানে পুনৰ নিয়ন্ত্ৰণ লাভ কৰাৰ পিছত পাকিস্তানত সন্ত্ৰাসবাদী কাৰ্যকলাপ বৃদ্ধি হোৱা দেখা গৈছে । কেৱল পাকিস্তানে নহয় সন্ত্ৰাসবাদীয়ে প্ৰায়ে সীমান্তৰে ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা চলাই আহিছে ।
লগতে পঢ়ক :ইৰাণৰ ওপৰত ইজৰাইলৰ বৃহৎ আক্ৰমণ, তেহৰাণৰ সামৰিক ঘাটিসমূহত বোমাবর্ষণ