ETV Bharat / international

বিদ্যুতৰ খুঁটাত ওলমি ৰ’ল পাঁচটাকৈ মৃতদেহ: উৱাদিহ পোৱা নাই আৰক্ষীয়েও - Crime in Pakistan

Hanging identified: শেহতীয়াকৈ পোহৰলৈ আহিছে বিদ্যুতৰ খুঁটাত ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱা পাঁচজন লোকৰ পৰিচয় ৷ বৰ্তমানলৈকে এই সন্দৰ্ভত নিশ্চিত তথ্য প্ৰকাশ কৰা নাই আৰক্ষীয়ে ৷ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ ৷

Pakistan: Five men found hanging in Chagai district identified as 'Afghans'
বিদ্যুতৰ খুঁটাত ওলমি থকা মৃতক চিনাক্ত : আৰক্ষীৰ তদন্ত আৰম্ভ (ani)
author img

By ANI

Published : Aug 18, 2024, 1:47 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 18 আগষ্ট: এদিন পূৰ্বে উদ্ধাৰ হৈছিল বিদ্যুতৰ খুঁটাত ওলমি থকা মৃতদেহ ৷ এজন দুজন নহয় পাঁচজনকৈ লোকৰ মৃতদেহ উদ্ধাৰ হৈছিল বিদ্যুতৰ খুঁটাত ওলমি থকা অৱস্থাত ৷ শেহতীয়াকৈ পোহৰলৈ আহিছে এই লোককেইজনৰ পৰিচয় ৷

উল্লেখ্য যে, পাকিস্তানৰ চাগাই জিলাৰ দলবন্দিনত বিদ্যুতৰ খুঁটাত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল পাঁচজন লোক ৷ এই আটাইকেইজন লোকৰ পৰিচয় আংশিকভাৱে নিশ্চিত কৰা হৈছে । অৱশ্যে এই হত্যাকাণ্ডৰ বাবে এতিয়ালৈকে কোনেও দায়িত্ব স্বীকাৰ কৰা নাই বুলি দেশখনৰ সংবাদ পত্ৰ ডনে প্ৰকাশ কৰিছে ।

আটাইকেইজন আফগানিস্তানৰ নাগৰিক বুলি জানিব পৰা গৈছে ৷ মৃত লোককেইজন ৰোজী খান, ৰেহমত উল্লা, ছামি উল্লা, আঘা ৱালি, চৰ্দাৰ ৱালি বুলি জানিব পৰা গৈছে ৷ আটাইকেইজন আফগানিস্তানৰ লস্কৰ গাহৰ বাসিন্দা ।

শ্বাহ ফাহাদ বিন চুলতান হাস্পতালৰ এজন বিষয়া মহম্মদ জাৱাদে ডন সংবাদ পত্ৰক জনোৱা মতে, গিৰ্দি জংঘলৰ বাসিন্দা মহম্মদ ইয়াহিয়াৰ সহায়ত মৃতদেহবোৰ চিনাক্ত কৰা হৈছে ৷ ইয়াহিয়াই চাগাই জিলাৰ আফগান শৰণাৰ্থী শিবিৰৰ মৃতদেহ ৰখা চিকিৎসালয়খন পৰিদৰ্শন কৰে । ডনে উল্লেখ কৰা মতে মৃতদেহবোৰ কুৱেটলৈ স্থানান্তৰ কৰা হৈছে ।

তদন্তকাৰী আৰক্ষীয়ে এই পাঁচজন ভুক্তভোগী সেই একেটা গোটৰ হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে যিসকলক ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’ত দেখা পোৱা গৈছিল ৷ ইৰাণস্থিত নিষিদ্ধ উগ্ৰপন্থী সংগঠন জৈছ আল আদলৰ এজন বিশিষ্ট নেতা মুৰাদ নোটজাইৰ হত্যাকাণ্ড সন্দৰ্ভত স্বীকাৰোক্তিমূলক বক্তব্য দিছিল ।

সূত্ৰৰ মতে, ইৰাণৰ চিস্তান-বেলুচেস্তান অঞ্চলত সক্ৰিয় উগ্ৰপন্থী সংগঠনটোৱে হয়তো এই লোকসকলক অপহৰণ কৰি ফাঁচী দিছে ৷ তেওঁলোকৰ নেতাজনক হত্যা কৰাৰ প্ৰতিশোধ হিচাপে ।

কৰ্তৃপক্ষই এতিয়াও ডালবন্দিনত উদ্ধাৰ হোৱা পাঁচটা মৃতদেহ শেহতীয়াকৈ প্ৰকাশিত ভিডিঅ’ত দেখা পোৱা লোকসকলৰ নে পৃথক পৃথক কাণ্ডত নিহত হোৱা অসংলগ্ন ব্যক্তিৰ সেয়া নিৰ্ণয় কৰিবলৈ কাম কৰি আছে ।

আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয়, ‘‘মৃতকসকল ভিডিঅ’টোত স্বীকাৰোক্তিমূলক বক্তব্য দিয়া ব্যক্তিসকল নে অন্য কোনো ব্যক্তি নেকি সেয়া নিৰ্ণয় কৰিবলৈ আমি এই ঘটনাৰ তদন্ত কৰি আছো ।’’

লগতে পঢ়ক: উৎকট গৰম: অস্বাভাৱিক হাৰত বৃদ্ধি পোৱা তাপমাত্ৰাই কাঢ়িলে 500 ৰো অধিক লোকৰ প্ৰাণ - Pakistan weather

শান্তিপূৰ্ণ প্ৰতিবাদকাৰীক হেঁচা প্ৰয়োগ নকৰিবলৈ পাকিস্তানক সৰ্তকবাণী বেলুচ অধিকাৰ কৰ্মীৰ - Baloch National Gathering

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.