ETV Bharat / international

হজযাত্ৰালৈ গৈ আদবাটতে প্ৰাণ হেৰুৱালে সহস্ৰাধিক তীৰ্থযাত্ৰীয়ে - Hajj 2024

author img

By ANI

Published : Jun 24, 2024, 8:30 AM IST

Hajj pilgrims 2024 : হজ পালনৰ বাবে মক্কালৈ গৈ প্ৰাণ হেৰুৱালে কেবাহাজাৰ হজযাত্ৰীয়ে । কিহৰ বাবে হজযাত্ৰালৈ গৈ চিৰদিনৰ বাবে চকু মুদিবলগীয়া হ’ল এইকেইগৰাকী যাত্ৰীয়ে । কি কয় ছৌদি আৰৱ কৰ্তৃপক্ষই? জানো আহক -

Hajj pilgrims 2024
হজযাত্ৰালৈ গৈ আদবাটতে প্ৰাণ হেৰুৱালে সহস্ৰাধিক তীৰ্থযাত্ৰীয়ে (ETV Bharat Assam)

ইণ্টাৰনেশ্যনেল ডেস্ক, 24 জুন : পবিত্র হজ পালন কৰিবলৈ গৈ অকালতে মৃত্যুক সাৱটিলে সহস্ৰাধিক লোকে ৷ চি এন এনৰ বাতৰি অনুসৰি, দেওবাৰে ছৌদি আৰৱ কৰ্তৃপক্ষই জনায় যে হজ তীৰ্থযাত্ৰাৰ সময়ত 1301 জন লোকৰ মৃত্যু ঘটিছে ৷ প্ৰখৰ গৰম আৰু অকৰ্তৃত্বশীল ভ্ৰমণৰ বাবে অসংখ্য হজ যাত্ৰী তথা ৰোগীৰ মৃত্যু ঘটিছে ।

এক বিবৃতিত ছৌদি চৰকাৰে কয়, "স্বাস্থ্য বিভাগে চলিত বৰ্ষত উৎকট গৰমৰ ফলত অসুস্থ হৈ পৰা বহু লোকক সুস্থ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল, কিছুমান ব্যক্তিৰ এতিয়াও চিকিৎসকৰ তদাৰক চলি আছে । দুখৰ বিষয় যে মৃত্যুৰ সংখ্যা 1301 হৈছেগৈ ।"

বিবৃতিটোত উল্লেখ কৰা হৈছে, "মৃত্যু হোৱা লোকসকলৰ 83% লোকেই হজ কৰিবলৈ অনুমতি লাভ কৰা নাই আৰু প্ৰত্যক্ষ সূৰ্যৰ পোহৰত দীঘলীয়া দূৰত্ব খোজ কাঢ়িছিল, পৰ্যাপ্ত আশ্ৰয় বা আৰাম নোহোৱাকৈ । নিহত লোকসকলৰ ভিতৰত আছে কেইবাজনো বৃদ্ধ আৰু দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা ব্যক্তি ৷ সকলো মৃত লোকৰ পৰিয়ালক চিনাক্ত কৰা হৈছে ।

তীৰ্থযাত্ৰীৰ মৃত্যুৰ কাৰণ

এইবাৰৰ হজ তীৰ্থযাত্ৰাৰ সময়ত শ শ লোকৰ মৃত্যু আৰু অসুস্থতাৰ আঁৰৰ মূল কাৰণ হিচাপে অভিহিত কৰা হৈছে চৰম উত্তাপ । সোমবাৰে মক্কাত তাপমাত্ৰাই অভিলেখ সৃষ্টিকাৰী 125 ডিগ্ৰী ফাৰেনহাইটলৈ বৃদ্ধি পায় । বিভিন্ন কৰ্তৃপক্ষই উল্লেখ কৰিছে যে বেচৰকাৰী তীৰ্থযাত্ৰীৰ সংখ্যাই সমস্যা বৃদ্ধি কৰিছে ৷

হজ যাত্ৰাৰ অনুজ্ঞাপত্ৰ লাভৰ বাবে এজন তীৰ্থযাত্ৰীয়ে কেইবা হাজাৰ মাৰ্কিন ডলাৰ খৰচ কৰিবলগীয়াত পাৰে । সাধাৰণতে অনুজ্ঞাপত্ৰবিহীন তীৰ্থযাত্ৰীসকলে এয়াৰ কণ্ডিচনাৰ বা পানী আৰু খাদ্য সামগ্ৰীৰ সহজ সুবিধা থকা যাত্ৰীবাহী বাছৰ সুবিধা লাভ নকৰে ।

একাংশ তীৰ্থযাত্ৰীয়ে এইবাৰৰ হজ তীৰ্থযাত্ৰাৰ আন্তঃগাঁথনি আৰু আয়োজন ব্যৱস্থাক সমালোচনা কৰিছে। চৰকাৰীভাৱে যোৱা তীৰ্থযাত্ৰীসকলেও দিনটোৰ বেছিভাগ সময় গৰমত বাহিৰত খোজ কাঢ়ি কটাবলগীয়াত পৰিছে ।

আন এক প্ৰতিবেদনত কোৱা হৈছে যে কিছুমান অপাৰেটৰে সঠিক ভিছা প্ৰদান কৰা নাই, গতিকে যাত্ৰীসকলে মক্কাত প্ৰৱেশ কৰিব নোৱাৰে আৰু বৰঞ্চ “মৰুভূমিৰ পথৰ মাজেৰে খোজকাঢ়ি” প্ৰৱেশ কৰিবলৈ বাধ্য হয় । ইয়াৰ উপৰিও কিছুমান প্ৰতিষ্ঠানে থকা-খোৱাৰ বাবে উপযুক্ত ব্যৱস্থা কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰা হৈছে ।

ইজিপ্তৰ প্ৰধানমন্ত্ৰী মোস্তাফা মেডবৌলিয়ে মৃত তীৰ্থযাত্ৰীসকলৰ পৰিয়াললৈ “আন্তৰিক সমবেদনা আৰু সহানুভূতি” প্ৰকাশ কৰাৰ লগতে তেওঁলোকক প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে ।

জানিব পৰা মতে, 49 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত চৰম উষ্ণতাত এই যাত্ৰা কৰিছিল তীৰ্থযাত্ৰীসকলে । হজযাত্ৰাৰ সময়ত বিশ্বাসীসকলে মক্কা আৰু ইয়াৰ আশে-পাশে বিভিন্ন ধৰণৰ ৰীতি-নীতি পালন কৰে, য’ত প্ৰায়ে প্ৰতিদিনে জুইসদৃশ গৰমত বহু ঘণ্টা খোজ কাঢ়িবলগীয়া হয় ।

চলিত বৰ্ষৰ হজত মৃতকৰ সংখ্যা এতিয়াও বৃদ্ধি হোৱাৰ আশংকা প্ৰকাশ কৰিছে ছৌদি আৰৱ চৰকাৰে ৷

লগতে পঢ়ক: মক্কাত হোটেলৰ বাৰাণ্ডাত আশ্ৰয় লৈছে অসমৰ হাজীসকলে - Hajj Pilgrims 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.