ETV Bharat / international

কেলিফৰ্ণিয়াৰ গুলীচালনাত মৃত্যু হোৱা নাই গোল্ডি ব্ৰাৰৰ; তেন্তে মৰিল কোন ? - Goldy Brar death row

US POLICE ON GOLDY BRAR: গুলীচালনাৰ কাণ্ডত আক্ৰমণ কৰা দুজন ব্যক্তিৰ ভিতৰত এজন কানাডাৰ গেংষ্টাৰ গোল্ডি ব্ৰাৰ বুলি প্ৰকাশ পোৱা বাতৰি বুধবাৰে আমেৰিকাৰ আৰক্ষী বিভাগে অস্বীকাৰ কৰে ।

US POLICE ON GOLDY BRAR
GOLDY BRAR DEATH ROW
author img

By ETV Bharat Assamese Team

Published : May 2, 2024, 4:00 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ২ মে': সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ মূল সন্দেহজনক অভিযুক্ত তথা মাষ্টাৰমাইণ্ড গোল্ডি ব্ৰাৰক কেলিফ’ৰ্ণিয়াত গুলীয়াই হত্যা কৰা বুলি প্ৰকাশ পোৱা বাতৰিৰ পিছত ছচিয়েল মিডিয়াত ট্ৰেণ্ডিং আৰম্ভ হয় । কিন্তু তাৰ এদিন পিছত, আমেৰিকা যুক্তৰাষ্ট্ৰই কে’লিফৰ্ণিয়াত গুলীচালনা হোৱা বুলি প্ৰকাশিত প্ৰতিবেদনবোৰ অস্বীকাৰ কৰিছিল ৷ তেওঁলোকৰ তথ্য মতে গোল্ডি ব্ৰাৰৰ মৃত্যু হোৱা নাই ।

লেফটেনেণ্ট উইলিয়াম জে ডুলিয়ে সংবাদ সংস্থা আই এ এন এছ-ক এক প্ৰশ্নৰ উত্তৰত ই-মেইলযোগে দিয়া এক বিবৃতিত কয়, "যদি আপোনালোকে গুলীচালনাত নিহত হোৱাজন 'গোল্ডি ব্ৰাৰ' বুলি দাবী কৰি অনুসন্ধান কৰি আছে, তেন্তে আমি নিশ্চিত কৰিব পাৰোঁ যে এইটো সম্পূৰ্ণৰূপে সঁচা নহয়" ৷

"ছ'চিয়েল মিডিয়া আৰু অনলাইন সংবাদ সংস্থাসমূহত ভুল তথ্য প্ৰচাৰ হোৱাৰ ফলত আমি আজি পুৱা সমগ্ৰ বিশ্বৰ পৰা অনুসন্ধান লাভ কৰিছো । আমি নিশ্চিত নহয় যে কোনে এই উৰাবাতৰি আৰম্ভ কৰিছিল, কিন্তু ই দাবানলৰ দৰে বিয়পি পৰিছিল । কিন্তু এইটো সঁচা নহয় । ভুক্তভোগীজন নিশ্চিতভাৱে গোল্ডি নহয় ।" জে ডুলিয়ে কয় ।

মঙলবাৰে কে’লিফৰ্ণিয়াৰ ফ্ৰেছনোৰ ফেয়াৰমণ্ট আৰু হোল্ট এভিনিউত দুজন লোকলৈ গুলীচালনা কৰা হয় । গুলীবিদ্ধ হৈ চিকিৎসালয়ত মৃত্যু হোৱা এজনক গেংষ্টাৰ গোল্ডি ব্ৰাৰ বুলি অনুমান কৰা হৈছিল । আৰক্ষীয়ে এতিয়াও চিনাক্ত কৰিব পৰা নাই আক্ৰমণৰ বলি হোৱা ব্যক্তি দুজন । এজনৰ চিকিৎসালয়ত মৃত্যু হয় আৰু আনজন ব্যক্তিক চিকিৎসাৰ অন্তত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয় ।

সতৱিন্দৰ সিং ওৰফে গোল্ডি ব্ৰাৰৰ জন্ম ১৯৯৪ চনত পঞ্জাৱৰ শ্ৰী মুক্তচৰ চাহিবত হৈছিল । ব্ৰাৰে তেওঁৰ সম্পৰ্কীয় ভাই গাৰ্লেজ ব্ৰাৰৰ হত্যাৰ পিছত অপৰাধীৰ জীৱন বাছি লৈছিল । কানাডাস্থিত গেংষ্টাৰজন নিষিদ্ধ খালিস্তানি গোট বব্বৰ খালচা ইণ্টাৰনেচনেলৰ সৈতেও জড়িত । 2022 চনত, তেওঁ ৰেপ তাৰকা আৰু কংগ্ৰেছ নেতা সিদ্ধু মুচেৱালাৰ হত্যাৰ মূল অভিযুক্ত (সন্দেহজনক) আছিল ।

ব্ৰাৰে মুছেৱালাৰ মৃত্যুৰ দায়িত্ব স্বীকাৰ কৰি দাবী কৰে যে, একে বছৰতে পঞ্জাৱত তেওঁৰ দলত এজন বিশিষ্ট ছাত্ৰ নেতাৰ হত্যাৰ প্ৰতিশোধ লোৱা হৈছে । তেওঁক ভাৰতত আধা ডজনতকৈও অধিক হত্যাৰ গোচৰ, হত্যাৰ চেষ্টাৰ গোচৰ আৰু ধন দাবীৰ গোচৰত বিচৰা হৈছে ।

২০২৪ চনৰ জানুৱাৰী মাহত গৃহ মন্ত্ৰালয়ে তেওঁক বব্বৰ খালচাৰ সৈতে সম্পৰ্কৰ বাবে সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰে । তেওঁৰ বিৰুদ্ধে কেইবাটাও হত্যা, অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ চোৰাং ব্যৱসায় আৰু উগ্ৰবাদ বিয়পোৱাৰ অভিযোগ আছে ।

লগতে পঢ়ক: দিল্লী মহিলা আয়োগৰ ২২৩ কৰ্মচাৰীক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ অপসাৰণ - DCW employees removed

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.