ETV Bharat / international

সংসদত দুই-তৃতীয়াংশ ভোটৰে আস্থাভোটত জয়ী নেপালৰ প্ৰধানমন্ত্ৰী - NEPAL PRIME MINISTER

author img

By ANI

Published : Jul 21, 2024, 9:55 PM IST

Nepal Politics: নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে সংসদত আস্থাভোট প্ৰস্তাৱৰ সপক্ষে 188 টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ বিৰুদ্ধে লাভ কৰে 74 টা ভোট ৷ উপস্থিত থকা প্ৰতিনিধি সভাৰ মুঠ 263 গৰাকী সদস্যৰ মাজৰ এগৰাকী সদস্যই ভোটদানৰ পৰা বিৰত থাকে ।

NEPAL PRIME MINISTER
নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা (ANI)

ইণ্টাৰনেশ্যনেল ডেস্ক, 21 জুলাই: নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে দেওবাৰে সংসদত এক গুৰুত্বপূৰ্ণ পৰীক্ষাত জয়লাভ কৰে ৷ সেয়া হৈছে আস্থাভোটৰ প্ৰসংগ ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে সংসদত দুই-তৃতীয়াংশতকৈও অধিক আস্থাভোট লাভ কৰে ৷ ৰাজনৈতিকভাৱে অস্থিৰ হিমালয় ৰাষ্ট্ৰত মিত্ৰজোঁটৰ চৰকাৰৰ নেতৃত্ব দিয়াৰ প্ৰায় এসপ্তাহ পিছত দেওবাৰে এই ভোটগ্ৰহণ অনুষ্ঠিত হয় ৷

অলিয়ে তেওঁৰ দ্বাৰা উত্থাপিত আস্থা ভোট প্ৰস্তাৱৰ সপক্ষে 188 টা ভোট লাভ কৰিছিল আৰু তেওঁৰ বিৰুদ্ধে 74 টা ভোট গৃহীত হৈছিল । উপস্থিত থকা প্ৰতিনিধি সভাৰ মুঠ 263 গৰাকী সদস্যৰ ভিতৰত এজন সদস্য ভোটদানৰ পৰা বিৰত থাকে । 72 বছৰীয়া অলিক সংসদৰ নিম্ন সদনত আস্থা ভোটত জয় লাভ কৰিবলৈ প্ৰয়োজন হৈছিল 138 টা ভোটৰ ৷

ভোটগণনাৰ পিছত অধ্যক্ষ দেৱৰাজ ঘিমিৰে ঘোষণা কৰে, "মই ঘোষণা কৰিছো যে প্ৰধানমন্ত্ৰী অলিয়ে উত্থাপন কৰা আস্থাভোটৰ প্ৰস্তাৱক সংখ্যাগৰিষ্ঠতাৰে সমৰ্থন কৰা হৈছে" ৷ নেপালৰ সংবিধান অনুসৰি অলিয়ে নিযুক্তিৰ 30 দিনৰ ভিতৰত সংসদৰ পৰা আস্থাভোট সুৰক্ষিত কৰাৰ প্ৰয়োজন আছিল । তেওঁ যোৱা সোমবাৰে চতুৰ্থবাৰৰ বাবে নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিছিল ।

ইয়াৰ পূৰ্বে তেওঁৰ চৰকাৰৰ ওপৰত আস্থাৰ ভোট বিচাৰি প্ৰস্তাৱটো প্ৰস্তুত কৰাৰ সময়ত অলিয়ে এই মাহৰ আৰম্ভণিতে নেপালী কংগ্ৰেছ আৰু চি পি এন-ইউ এম এলৰ মাজত হোৱা সাতদফীয়া চুক্তিৰ বিষয়বস্তু ৰাজহুৱা কৰিছিল । অলিয়ে কৈছিল যে, দুয়োটা প্ৰধান দলৰ মাজত হোৱা চুক্তিখন দেশৰ গুৰুত্বপূৰ্ণ সমস্যাসমূহৰ সমাধানৰ বাবে দুয়োটা বৃহৎ দলৰ প্ৰচেষ্টাৰ অংশ আছিল ।

"আমি (দুয়োটা দলে) আমাৰ মতাদৰ্শত প্ৰতিদ্বন্দ্বিতা কৰোঁ, কিন্তু কংগ্ৰেছ আৰু ইউ এম এলৰ মাজত সহযোগিতাৰ উদাহৰণ আছে ৷ এইটো সেই সহযোগিতাৰ এটা ধাৰাবাহিকতা । আমি ৰাষ্ট্ৰীয় স্বাৰ্থ সুৰক্ষিত কৰা, দুৰ্নীতি নিয়ন্ত্ৰণ কৰা, শাসন উন্নত কৰা, উন্নয়নমূলক কাৰ্যকলাপ ত্বৰান্বিত কৰা আৰু জনসাধাৰণৰ আকাংক্ষা অনুসৰি ৰাজনৈতিক স্থিৰতা নিশ্চিত কৰাৰ বাবে একেলগে কাম কৰিবলৈ সন্মত হৈছো" বুলি অলিয়ে কয় ।

অলিয়ে কৈছিল যে তেওঁৰ চৰকাৰে দুৰ্নীতি সহ্য নকৰে বা এইটো হ'বলৈ নিদিয়ে । লগতে কৈছিল যে, চৰকাৰে সুশাসনৰ বাবে আত্মবিশ্বাসেৰে আগবাঢ়িব । এইচ অ’ আৰৰ সদস্যসকলে উত্থাপন কৰা বিষয়বোৰৰ সঁহাৰি দি অলিয়ে কৈছিল, মই দুৰ্নীতিত জড়িত হোৱা নাছিলো আৰু নহওঁ, যদি কোনোৱে এনে কৰে তেন্তে সহ্য নকৰো ।

শাসকীয় মিত্ৰজোঁট নেপালী কংগ্ৰেছ, চি পি এন-ইউ এম এল, লোকতান্ত্ৰিক সমাজবাদী পাৰ্টী আৰু জনতা সমাজবাদী পাৰ্টীৰ নেপালৰ সদস্যসকল অলিৰ আস্থাভোট প্ৰস্তাৱৰ সপক্ষে ভোট দিয়াসকলৰ ভিতৰত অন্যতম আছিল । বিৰোধী দল চি পি এন-মাওবাদী কেন্দ্ৰ, চি পি এন-ইউনিফাইড ছ'চিয়েলিষ্ট, ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টী আৰু ৰষ্ট্ৰিয়া প্ৰজাতন্ত্ৰ পাৰ্টীৰ সৈতে আনসকলে এই পৰীক্ষাৰ সময়ত অলিৰ বিৰুদ্ধে ভোট দিছিল ।

প্ৰবীণ কমিউনিষ্ট নেতাগৰাকীয়ে সোমবাৰে নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে আৰু কেবিনেটৰ আন 21 গৰাকী সদস্যৰ সৈতে পদ আৰু গোপনীয়তাৰ শপতগ্ৰহণ কৰে ।

ইফালে নেপালৰ উচ্চতম ন্যায়ালয়ে দেওবাৰে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে অলিৰ নিযুক্তিক প্ৰত্যাহ্বান জনাই এক গুৰুতৰ সাংবিধানিক ব্যাখ্যাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি এখন সাংবিধানিক বিচাৰপীঠলৈ প্ৰেৰণ কৰে । সোমবাৰে তেওঁৰ শপতগ্ৰহণৰ কেইঘণ্টামানৰ ভিতৰতে তিনিজন অধিবক্তাই শীৰ্ষ আদালতত আবেদন দাখিল কৰে আৰু যুক্তি দিয়ে যে অলিৰ নিযুক্তি অসাংবিধানিক আৰু ইয়াক বাতিল কৰিবলৈ ন্যায়ালয়ৰ আদেশ বিচাৰে ।

নেপালৰ সৰ্ববৃহৎ কমিউনিষ্ট দল চি পি এন-ইউ এম এলৰ অধ্যক্ষক দেওবাৰে ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পাউডেলে অন্যান্য সৰু দলৰ উপৰিও সংসদৰ সৰ্ববৃহৎ দল নেপালী কংগ্ৰেছৰ (এনচি) সৈতে মিত্ৰজোঁট চৰকাৰৰ নেতৃত্ব দিবলৈ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে । অলিয়ে পুষ্পা কমল দাহালৰ উত্তৰাধিকাৰী হৈছিল, যি 12 জুলাইত প্ৰতিনিধি সভাত আস্থাৰ ভোটত পৰাজয়বৰণ কৰে ৷ চি পি এন-ইউ এম এলৰ অধ্যক্ষই এতিয়া নতুন মিত্ৰজোঁট চৰকাৰৰ নেতৃত্ব দিছে, যি দেশখনত ৰাজনৈতিক স্থিৰতা প্ৰদানৰ কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ।

নেপালে সঘনাই ৰাজনৈতিক অস্থিৰতাৰ সন্মুখীন হৈছে কিয়নো ৰিপাব্লিকান ব্যৱস্থা প্ৰৱৰ্তনৰ পিছত দেশখনে যোৱা 16 বছৰত 14 খন চৰকাৰ দেখিছে ।

লগতে পঢ়ক: শান্তিপূৰ্ণ প্ৰতিবাদকাৰীক হেঁচা প্ৰয়োগ নকৰিবলৈ পাকিস্তানক সৰ্তকবাণী বেলুচ অধিকাৰ কৰ্মীৰ - Baloch National Gathering

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.