ETV Bharat / international

উৰণৰ সময়তে দুৰ্ঘটনাত পতিত বিমান: 18 গৰাকী যাত্ৰীৰ মৃতদেহ উদ্ধাৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন পাইলট - Kathmandu plane crash - KATHMANDU PLANE CRASH

Plane Crash in Kathmandu: পুনৰ সংঘটিত হৈছে এক ভয়াৱহ বিমান দুৰ্ঘটনা ৷ উৰণৰ সময়তে দুৰ্ঘটনাত পতিত হ’ল এখন বিমান ৷ থিতাতে নিহত 18 গৰাকী যাত্ৰী ৷ বৈমানিকৰ অৱস্থা সংকটজনক ৷

Nepal plane crash: Saurya Airlines aircraft carrying 19 people crashes during takeoff in Kathmandu
শোকাৱহ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে 19 জনকৈ লোকে (ANI)
author img

By ANI

Published : Jul 24, 2024, 12:47 PM IST

Updated : Jul 24, 2024, 1:21 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 24 জুলাই: নেপালত শোকাৱহ বিমান দুৰ্ঘটনা ৷ বুধবাৰৰ পুৱা ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰণৰ সময়তে সৌৰ্য এয়াৰলাইনছৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয় বুলি দেশখনৰ সংবাদ পত্ৰত প্ৰকাশ । বিমানখন কাঠমাণ্ডুৰ পৰা পোখৰালৈ যাত্ৰা কৰাৰ কথা আছিল । দুৰ্ঘটনাটো পুৱা 11.15 বজাত সংঘটিত হয় ৷

ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ তথ্য বিষয়া জ্ঞানেন্দ্ৰ ভুলৰ উদ্ধৃতি দি দ্য হিমালয়ান টাইমছে প্ৰকাশ কৰা অনুসৰি উৰণৰ সময়ত বিমান সংস্থাটোৰ কেৱল কাৰিকৰী কৰ্মচাৰীহে বিমানখনত আছিল । বিমানখনত 19 জন লোক আছিল বুলি জানিব পৰা গৈছে । বৰ্তমান পৰ্যন্ত উদ্ধাৰ হৈছে 18 গৰাকীৰ মৃতদেহ ৷ বিমানখনৰ পাইলটজন সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ৷

দেশখনৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি ৰাণৱে’ত উঠাৰ পিছতে বিমানখনত জুই লাগিছিল আৰু যথেষ্ট ধোঁৱা ওলাইছিল । সৌৰ্য এয়াৰলাইনছে একচেটিয়াভাৱে বম্বাৰ্ডিয়াৰ চি আৰ জে 200 জেট বিমানখন উৰুৱাইছে বুলি ইয়াৰ ৱেবছাইটত প্ৰকাশ পাইছে ।

দেশখনৰ বিমান উদ্যোগে শেহতীয়া বছৰবোৰত দুৰ্গম অঞ্চলবোৰলৈ সামগ্ৰী আৰু মানুহ কঢ়িয়াই নিয়াৰ লগতে বিদেশী ট্ৰেকাৰ আৰু পৰ্বতাৰোহীকো কঢ়িয়াই উদ্যোগটোৰ যথেষ্ট উত্থান ঘটাইছিল । কিন্তু অপৰ্যাপ্ত প্ৰশিক্ষণ আৰু ৰক্ষণাবেক্ষণৰ বাবে সৃষ্টি হোৱা দুৰ্বল সুৰক্ষা ব্যৱস্থাই উদ্যোগটোক জুৰুলা কৰি পেলাইছে ।

ইউৰোপীয় সংঘই নিৰাপত্তাৰ কথা চিন্তা কৰি নিজৰ আকাশমাৰ্গৰ পৰা নিষিদ্ধ কৰিছে দেশখনৰ সকলো বিমানসেৱাক । বিমান সুৰক্ষাৰ ক্ষেত্ৰত নেপালৰ দুখজনক অভিলেখে আৰু অধিক ভয়াৱহ কৰি তুলিছে দেশখনৰ বিমানসেৱা ব্যৱস্থাক ।

নেপালৰ শেষৰটো বৃহৎ বাণিজ্যিক বিমান দুৰ্ঘটনা সংঘটিত হৈছিল 2023 চনৰ জানুৱাৰী মাহত, য’ত য়েটি এয়াৰলাইনছৰ এখন বিমান পোখৰাত অৱতৰণ কৰাৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হৈছিল আৰু বিমানখনত থকা 72 জন লোকৰ মৃত্যু ঘটিছিল ।

সেই দুৰ্ঘটনাটোৱেই 1992 চনৰ পিছত নেপালৰ আটাইতকৈ মাৰাত্মক দুৰ্ঘটনা হিচাপে বিবেচিত হৈছিল ৷ 1992 চনত সংঘটিত দুৰ্ঘটনাটো পাকিস্তান আন্তঃৰাষ্ট্ৰীয় বিমান সংস্থাৰ এখন বিমান কাঠমাণ্ডু বিমানবন্দৰৰ কাষ চাপি অহাৰ ফলত সংঘটিত হৈছিল ৷ ইয়াৰ ফলত 167 জন লোকৰ আটাইকেইজন লোকৰ মৃত্যু ঘটিছিল ।

আজিৰ দুৰ্ঘটনাটোৰ পূৰ্বে 2023 চনৰ জানুৱাৰী মাহত নেপালৰ পোখৰাত 68 জন যাত্ৰী আৰু ক্ৰুসহ য়েটি এয়াৰলাইনছৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল । এই দুৰ্ঘটনাত 68 জন যাত্ৰীৰ আটাইকেইজন যাত্ৰী নিহত হয় ।

লগতে পঢ়ক: কুৱেইটৰ অগ্নিকাণ্ড : বিশেষ বিমানৰে অনা হৈছে 45 গৰাকী ভাৰতীয়ৰ মৃতদেহ - Kuwait Fire Tragedy

কাৰিকৰী বিজুতি, ৪০ মিনিট ধৰি হায়দৰাবাদৰ আকাশত উৰি থাকিল বায়ু সেনাৰ বিমান

ৰাজস্থানত দুৰ্ঘটনাগ্ৰস্ত চোৰাংচোৱা বিমান - Plane Crash in Jaisalmer

Last Updated : Jul 24, 2024, 1:21 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.