ইন্টাৰনেশ্যনেল ডেস্ক, 21 এপ্ৰিল : চি এন এনৰ এক প্ৰতিবেদন অনুসৰি টেনেচীৰ মেমফিছৰ এখন উদ্যানত এটা ব্লক পাৰ্টি মাৰাত্মক হৈ পৰাৰ পিচত দুজন লোক নিহত হোৱাৰ লগতে আন 14 জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷
মেমফিছ আৰক্ষীৰ মতে, শনিবাৰে সংঘটিত হোৱা এই ঘটনাত আহত সকলৰ ভিতৰত তিনিজনক ততাতৈয়াকৈ গুৰুতৰ অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু আন 11 জন ব্যক্তিগত বাহনেৰে চিকিৎসালয়ত উপস্থিত হয় ৷
চি এন এনৰ মতে- আৰক্ষীয়ে কয় যে গুলীচালনা এটা পাৰ্টিত সংঘটিত হৈছিল য'ত প্ৰায় 300 জন লোক একত্ৰিত হৈছিল ৷ এখন সংবাদমেল সম্বোধন কৰি আৰক্ষীয়ে প্ৰকাশ কৰে যে "অনুষ্ঠানটোত মুঠ 16 জনক গুলীওৱা হৈছিল ৷"
চি এন এনৰ মতে, সন্ধিয়া 7.19 বজাত (স্থানীয় সময় অনুসৰি) আৰক্ষী ঘটনাস্থলীলৈ উপস্থিত হৈছিল, য'ত তেওঁলোকে পাঁচজন ভুক্তভোগীক গুলীবিদ্ধ অৱস্থাত উদ্ধাৰ কৰিছিল ৷ তেওঁলোকৰ তিনিজনক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হৈছিল আৰু ঘটনাস্থলীত দুজন লোকক মৃত ঘোষণা কৰা হৈছিল ৷
আৰক্ষীয়ে জনোৱা অনুসৰি, শনিবাৰৰ নিশালৈকে কোনো সন্দেহজনক ব্যক্তিক জিম্মাত লোৱা নছিল ৷ অনুষ্ঠানটোত কমেও দুজন লোকে গুলীচালনা কৰিছিল বুলি মেমফিছ আৰক্ষী প্ৰধান চেৰিলিন ডেভিছে কয় ৷ কিন্তু কি কাৰণে এই ঘটনা সংঘটিত হ’ল সেয়া জানিব পৰা হোৱা নাই ৷
ইয়াৰ পিচত, ডেভিছে শনিবাৰে সন্ধিয়া কয় "আমি আজি ৰাতি এই গুলীচালনাত জড়িত ব্যক্তিসকলক চিনাক্ত কৰিবলৈ লাগি আছোঁ ৷" ইতিমধ্য গুলীচালনাৰ ঘটনাৰ তদন্ত চলি আছে ৷
ডেভিছে কয় যে আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা ভিডিঅ' ফুটেজ লাভ কৰিছে আৰু দোষীক বিচাৰি অভিযান অব্যাহত ৰাখিছে ৷ ডেভিছে ঘটনাটোৰ ফুটেজ বা তথ্য থকা যিকোনো লোকক আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈয়ো আহ্বান জনায় ৷
গান ভায়োলেন্স আৰ্কাইভৰ মতে, এই মাৰাত্মক ঘটনাটোৱে এই বছৰ এতিয়ালৈকে আমেৰিকা যুক্তৰাষ্ট্ৰত সংঘটিত হোৱা 115 টাতকৈও অধিক গণ গুলীচালনাৰ তালিকা প্ৰসাৰিত কৰিছে ৷
লগতে পঢ়ক : ইৰাণৰ সৰ্বোচ্চ নেতাৰ ওপজা দিনতে ইজৰাইলৰ মিছাইল আক্ৰমণ - Iran Israel War