ইণ্টাৰনেশ্যনেল ডেস্ক, ৭ মে' : ইজৰাইল আৰু হামাছৰ সংঘৰ্ষ অব্যাহত আছে । হামাছে যুদ্ধবিৰতিৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰাৰ কেইঘণ্টামান পিচতে ইজৰাইলৰ সামৰিক বাহিনীয়ে ৰাফা চহৰত হামাছৰ বিৰুদ্ধে আক্ৰমণ কৰিছে । ইজৰাইলৰ সামৰিক বাহিনীয়ে উল্লেখ কৰা মতে দেশখনৰ যুদ্ধ কেবিনেটে সামৰিক অভিযানত অনুমোদন জনোৱাৰ পিচতে এই আক্ৰমণ কৰা হৈছে ।
কেইঘণ্টামান পূৰ্বে হামাছে ঘোষণা কৰিছিল যে তেওঁলোকে মধ্যস্থতাকাৰী ইজিপ্ত আৰু কাটাৰৰ দ্বাৰা আগবঢ়োৱা যুদ্ধবিৰতিৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে । যুদ্ধবিৰতিৰ ফলত গাজাত ৭ মাহৰ যুদ্ধৰ সমাপ্তি ঘটিব পাৰে বুলিও কোৱা হৈছিল । অৱশ্যে চুক্তি হ'ব নে নাই সেয়া অনিশ্চিত কিয়নো ইজৰাইলে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছিল যে প্ৰস্তাৱটোৱে তেওঁলোকৰ মূল দাবী পূৰণ কৰা নাই ।
লক্ষণীয়ভাৱে গাজা ষ্ট্ৰিপৰ আন অংশত ইজৰাইলৰ আক্ৰমণৰ পিচত হাজাৰ হাজাৰ লোকে পলায়ন কৰি ৰাফাত আশ্ৰয় লৈছিল । অস্থায়ী শিবিৰ আৰু জনবহুল এপাৰ্টমেণ্টত লোকসকল আবদ্ধ হৈ আছে । ইজৰাইলে কোৱা মতে ৰাফা হামাছৰ অন্তিম দুৰ্গ । আমেৰিকাই ইজিপ্তৰ সীমান্তৱৰ্তী চহৰখনত সম্পূৰ্ণ আক্ৰমণৰ বিৰোধিতা কৰে ।
ইজিপ্তৰ বিষয়া এগৰাকীয়ে কোৱা মতে সামৰিক অভিযানটোৰ পৰিসৰ সীমিত যেন লাগিছিল । ইজৰাইলী বিষয়াসকলে ইজিপ্তৰ লোকসকলক জনাইছিল যে অভিযান সম্পূৰ্ণ কৰাৰ পিচত সৈন্যসকল প্ৰত্যাহাৰ কৰিব । দেওবাৰে, ৰাফা ক্ৰছিঙৰ সমীপত হামাছৰ যুঁজাৰুসকলে দক্ষিণ ইজৰাইললৈ মৰ্টাৰ নিক্ষেপ কৰে, যাৰ ফলত ৪ জন ইজৰাইলী সেনা নিহত হয় ।
গাজাৰ যুদ্ধই অঞ্চলটোৰ ২.৩ নিযুত জনসংখ্যাৰ প্ৰায় ৮০ শতাংশ লোকক গৃহহীন কৰিছে আৰু কেইবাখনো চহৰৰ এপাৰ্টমেণ্ট, চিকিৎসালয়, মছজিদ আৰু বিদ্যালয়সমূহত ব্যাপক ধ্বংসৰ সৃষ্টি কৰিছে । স্থানীয় স্বাস্থ্য বিষয়াসকলে জনোৱা অনুসৰি গাজাত মৃত্যুৰ সংখ্যা ৩৪,৫০০ ৰো অধিক হৈছে । এনে পৰিস্থিতিত গাজাৰ বন্দীসকলৰ মুক্তিৰ দাবী প্ৰতিবাদো অব্যাহত আছে । শ শ পেলেস্তাইনীয়ে পৰিয়ালৰ মুক্তিৰ দাবী প্ৰতিবাদ অব্যাহত ৰাখিছে ।
লগতে পঢ়ক:ৰাষ্ট্ৰসংঘৰ কমপ্লেক্সত অৱস্থিত হামাছ কমাণ্ড এণ্ড কণ্ট্ৰোল চেণ্টাৰত ইজৰাইলৰ আক্ৰমণ - ISRAEL HAMAS WAR