ETV Bharat / international

হামাছৰ সামৰিক শাখাৰ কমাণ্ডাৰ মহম্মদ ডেইফক হত্যা : নিশ্চিত কৰিলে ইজৰাইলে - Hamas Military Wing Leader killed

author img

By ETV Bharat Assamese Team

Published : Aug 1, 2024, 5:58 PM IST

Hamas Military Wing Leader killed: ইজৰাইলী সেনাই ঘোষণা কৰা মতে ১৩ জুলাইত আই ডি এফ যুঁজাৰু বিমানে খান য়ুনিছ অঞ্চলত আক্ৰমণ কৰিছিল । সেই আক্ৰমণত হামাছৰ সামৰিক শাখাৰ কমাণ্ডাৰ মহম্মদ ডেইফক হত্যা কৰা হৈছে ।

Hamas Military Wing Leader killed
হামাছ সামৰিক শাখাৰ কমাণ্ডাৰ মহম্মদ ডেইফক হত্যা (AP Photo)

ইণ্টাৰনেশ্যনেল ডেস্ক,১ আগষ্ট : হামাছ সামৰিক শাখাৰ কমাণ্ডাৰ মহম্মদ ডেইফৰ যোৱা মাহত গাজাৰ দক্ষিণ অঞ্চল খান য়ুনিছত হোৱা যুদ্ধত মৃত্যু হয় । ইজৰাইলী সামৰিক বাহিনীয়ে বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে । এদিন পূৰ্বে ইৰাণৰ ৰিভলিউচনেৰী গাৰ্ডছ আৰু হামাছে ঘোষণা কৰিছিল যে তেহৰাণত হামাছ নেতা ইছমাইল হানিয়েহক হত্যা কৰা হৈছে । ইয়াৰ পিচতে ইজৰাইলী সামৰিক বাহিনীয়ে ডেইফক হত্যা কৰা বুলি নিশ্চিত কৰিছে ।

হামাছ সেনাৰ কমাণ্ডাৰক হত্যা :

এক সামৰিক বিবৃতিত কোৱা হৈছে,"২০২৪ চনৰ ১৩ জুলাইত আই ডি এফ যুঁজাৰু বিমানে খান য়ুনিছ অঞ্চলত আক্ৰমণ কৰিছিল আৰু এক চোৰাংচোৱা মূল্যায়নৰ পিচত এইটো নিশ্চিত কৰিব পাৰি যে মহম্মদ ডেইফক হত্যা কৰা হৈছে ।"

ইজৰাইলৰ চৰকাৰী পৰিসংখ্যাৰ ওপৰত আধাৰিত এএফপিৰ তথ্য অনুসৰি দক্ষিণ ইজৰাইলৰ ওপৰত হামাছৰ আক্ৰমণৰ ফলত ১,১৯৭ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিষয়ে সামৰিক বাহিনীয়ে কয়, "ডেইফে ৭ অক্টোবৰৰ গণহত্যা আৰম্ভ, পৰিকল্পনা আৰু কাৰ্যকৰী কৰিছিল ।"

হামাছ পৰিচালিত গাজাৰ স্বাস্থ্য কৰ্তৃপক্ষই ১৩ জুলাইৰ আক্ৰমণৰ সময়ত কৈছিল যে এই আক্ৰমণত ৯০ ৰো অধিক লোকৰ মৃত্যু হৈছিল । কিন্তু হামাছে সেনাৰ মুৰব্বীৰ মৃত্যু অস্বীকাৰ কৰি কৈছিল যে ডেইফ তেওঁলোকৰ মাজত আছে । সন্দেহজনক ২,০০০ পাউণ্ডৰ বোমা (৯০০ কিলোগ্ৰাম) অঞ্চলটোত নিক্ষেপ কৰা হৈছিল । য'ত ডেইফে তেওঁৰ এজন সহযোগীৰ সৈতে আশ্ৰয় লৈ আছিল বুলি কোৱা হৈছিল ।

ম'ষ্ট ৱাণ্টেড ডেইফ :

হামাছৰ সশস্ত্ৰ শাখা এজ্জেদিন আল-কাচাম ব্ৰিগেডৰ মুৰব্বী ডেইফ প্ৰায় ৩ দশক ধৰি ইজৰাইলৰ ম'ষ্ট ৱাণ্টেড লোকসকলৰ ভিতৰত আছিল আৰু ২০১৫ চনৰ পৰা আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰ তালিকাতো ডেইফৰ নাম আছিল ।

সামৰিক বাহিনীয়ে কোৱা মতে যে ডেইফে বহু বছৰ ধৰি ইজৰাইলৰ বিৰুদ্ধে কেইবাটাও আক্ৰমণ চলাই আহিছিল । ডেইফে গাজাত হামাছৰ মুৰব্বী য়াহিয়া ছিনৱাৰৰ সৈতে কাম কৰিছিল বুলিও সামৰিক বাহিনীয়ে দাবী কৰিছিল । সামৰিক বাহিনীৰ বিবৃতি অনুসৰি যুদ্ধৰ সময়ত ডেইফে হামাছৰ সামৰিক শাখাৰ জ্যেষ্ঠ সদস্যসকলক আদেশ আৰু নিৰ্দেশনা জাৰি কৰিছিল আৰু গাজা ষ্ট্ৰিপত হামাছৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ নিৰীক্ষণ কৰিছিল ।

লগতে পঢ়ক :বিমান আক্ৰমণত নিহত হামাছ নেতা ইছমাইল হানিয়েহ: বিশ্ব সম্প্ৰদায়ৰ সমালোচনাৰ সন্মুখীন ইজৰাইল - Ismail Haniyeh killed in Tehran

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.