ETV Bharat / international

কেৱল ইৰাণৰ ৰাষ্ট্ৰপতিয়ে নহয়, বিশ্বৰ এইসকল নেতাৰো প্ৰাণ লৈছে বিমান দুৰ্ঘটনাই... - Plane crash tragedy

Plane crash tragedy: কেইবা দশক ধৰি বহু দেশৰ বাবে অভিশপ্ত হৈ ৰৈছে 'বিমান দুৰ্ঘটনা' । বিমান দুৰ্ঘটনাৰ বাবে বহুতে ৰাষ্ট্ৰপ্ৰধানকে ধৰি দেশৰ শীৰ্ষ নেতা আৰু সাধাৰণ নাগৰিকক হেৰুৱাইছে । বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা সেইসকল নেতা কোন আছিল । জানো আহক..

Plane crash tragedy
কেৱল ইৰাণৰ ৰাষ্ট্ৰপতিয়ে নহয়, বিশ্বৰ এইসকল নেতাৰো প্ৰাণ লৈছে বিমান দুৰ্ঘটনাই (AP)
author img

By ETV Bharat Assamese Team

Published : May 20, 2024, 2:21 PM IST

বিশেষ প্ৰতিবেদন, ২০ মে' : হেলিকপ্টাৰ দুৰ্ঘটনাত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছি আৰু বৈদেশিক মন্ত্ৰী হুছেইন আমিৰ-আব্দোল্লাহিয়ানৰ মৃত্যুৰ লগে লগে বিশ্বজুৰি শোকৰ ছাঁ পৰিছে । প্ৰতিকূল বতৰৰ বাবে দেওবাৰে পাহাৰীয়া অঞ্চলত দুৰ্ঘটনাত পতিত হৈছিল হেলিকপ্টাৰখন ।

বিমান দুৰ্ঘটনাত মৃত্যু হোৱা বিশ্বৰ নেতাসকল :

১. ১৯৩৬ চনৰ ৯ ডিচেম্বৰত চুইডেনৰ প্ৰধানমন্ত্ৰী অৰবিন্দ লিণ্ডমেনৰ মৃত্যু হয় । তেওঁ যাত্ৰা কৰি থকা Douglas DC-2 বিমান ক্ৰয়ডন বিমানবন্দৰৰ সমীপত ঘন কুঁৱলীৰ বাবে দুৰ্ঘটনাগ্ৰস্ত হৈছিল ।

২. ১৯৪০ চনৰ ৭ ছেপ্টেম্বৰত পাৰাগুৱেৰ ৰাষ্ট্ৰপতি জেনেৰেল জোছ ফেলিক্স এষ্টিগাৰিবিয়া আৰু তেওঁৰ পত্নী বিমান দুৰ্ঘটনাত নিহত হৈছিল । বিমানখন ঘন কুঁৱলীৰ কৱলত পৰিছিল বুলি জানিব পৰা গৈছিল । দুৰ্ঘটনাত পাইলটজনৰো মৃত্যু হৈছিল ।

৩. ১৯৪৩ চনৰ ৭ জুলাইত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিৰ্বাসিত পোলেণ্ডৰ চৰকাৰক নেতৃত্ব দিয়া পোলেণ্ডৰ সৈনিক তথা ৰাজনীতিবিদ ৱালেডিছল' চিকোৰ্স্কিৰ জিব্ৰাল্টাৰত বিমান দুৰ্ঘটনাৰ ফলত মৃত্যু হৈছিল ।

৪. ১৯৫৮ চনৰ ১৬ জুনত ক্ৰুজেইৰো এয়াৰলাইনছৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ব্ৰাজিলৰ তদানীন্তন অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি নেৰিউ ৰামোছৰ মৃত্যু হয় ।

৫. ১৯৫৯ চনৰ ২৯ মাৰ্চত মধ্য আফ্ৰিকান গণৰাজ্যৰ ৰাষ্ট্ৰপতি আৰু স্বাধীনতা আন্দোলনৰ নায়ক বাৰ্থেলেমি বগাণ্ডাৰ বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল ।

৬. ১৯৬১ চনৰ ১৮ ছেপ্টেম্বৰত কঙ্গোত শান্তিৰ চুক্তিৰ কৰ্তব্যৰত তদানীন্তন ৰাষ্ট্ৰসংঘৰ মহাসচিব ডাগ হামমাৰ্স্কজল্ডে যাত্ৰা কৰি থকা বিমানখন জাম্বিয়াত দুৰ্ঘটনাগ্ৰস্ত হয় । দুৰ্ঘটনাটোত হামমাৰ্স্কজোল্ডকে ধৰি ১৬ গৰাকী লোক নিহত হয় ।

৭. ১৯৬৬ চনৰ ১৩ এপ্ৰিলত ইৰাকৰ ৰাষ্ট্ৰপতি আব্দুল ছালাম আৰিফ হেলিকপ্টাৰ দুৰ্ঘটনাত নিহত হয় । ১৯৬৩ চনৰ ফেব্ৰুৱাৰীত এক অভ্যুত্থানৰ জৰিয়তে আৰিফ ক্ষমতালৈ আহিছিল ।

৮. ১৯৬৯ চনৰ ২৭ এপ্ৰিলত বলিভিয়াৰ ৰাষ্ট্ৰপতি ৰেনে বেৰিণ্টোছ কোচাবাম্বা চহৰত তেওঁৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ ফলত নিহত হয় ।

৯. ১৯৭৭ চনৰ ১৮ জানুৱাৰীত যুগোশ্লাভিয়াৰ প্ৰধানমন্ত্ৰী ডিজেমাল বিজেডিকৰ লিয়াৰজেট ২৫ বিমানে বছনিয়া আৰু হাৰ্জেগোভিনাৰ ক্ৰেচেভো চহৰৰ ওচৰৰ ইনাক পৰ্বতত খুন্দা মাৰিছিল । দুৰ্ঘটনাটোত বিজেডিক, তেওঁৰ পত্নী আৰু আন ৬ গৰাকী লোক নিহত হৈছিল ।

১০. ১৯৭৯ চনৰ ২৭ মে তাৰিখে আফ্ৰিকাৰ সন্মিলনত অংশ ল'বলৈ যোৱা মৌৰিতানিয়াৰ প্ৰধানমন্ত্ৰী আহমেদ অউলদ বৌচিফৰ বিমান দুৰ্ঘটনাত নিহত হয় ।

১১. ১৯৮০ চনৰ ৪ ডিচেম্বৰত পৰ্তুগীজ প্ৰধানমন্ত্ৰী ফ্ৰাঞ্চিস্কো চা কাৰ্নেইৰো আৰু প্ৰতিৰক্ষা মন্ত্ৰী এডেলিনো আমাৰো ডা কষ্টাৰ ৰাজধানী লিছবনত বিমান দুৰ্ঘটনাৰ ফলত মৃত্যু হৈছিল ।

১২. ১৯৮১ চনৰ ২৪ মে'ত ইকুৱেডৰৰ ৰাষ্ট্ৰপতি জাইম ৰোলডোছ এগুইলেৰা আৰু প্ৰতিৰক্ষা মন্ত্ৰী মেজৰ জেনেৰেল মাৰ্কো চুবিয়া মাৰ্টিনেজে যাত্ৰা কৰি থকাৰ সময়ত তেওঁলোকৰ বিমানখন পেৰুৰ সীমান্তৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হয় ।

১৩. ১৯৮১ চনৰ ৩১ জুলাইত পানামাৰ ৰাষ্ট্ৰপতি ওমৰ টৰিজোছৰো বিমান দুৰ্ঘটনাৰ ফলতে মৃত্যু হয় ।

১৪. ১৯৮৬ চনৰ ১০ অক্টোবৰত মোজাম্বিকৰ ৰাষ্ট্ৰপতি চামোৰা মাচেল আৰু মোজাম্বিকৰ কেইবাজনো মন্ত্ৰীক লৈ যোৱা এখন ডাবল ইঞ্জিন বিমান মোজাম্বিক-দক্ষিণ আফ্ৰিকা সীমান্তৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হয় । মাচেল, মোজাম্বিক চৰকাৰৰ কেইজনমান মন্ত্ৰী আৰু উচ্চ পদস্থ বিষয়াকে ধৰি দুৰ্ঘটনাটোত ৩৩ গৰাকী লোকৰ মৃত্যু হয় । দুৰ্ঘটনাটোৰ পিচত কৰা অনুসন্ধানত পাইলটজনক দোষী সাব্যস্ত কৰা হৈছিল ।

১৫. ১৯৮৭ চনৰ ১ জুনত লেবাননৰ প্ৰধানমন্ত্ৰী ৰছিদ কাৰামীয়ে বৈৰুতলৈ গৈ থকা অৱস্থাত হেলিকপ্টাৰত বোমা বিস্ফোৰণ হোৱাৰ সময়ত প্ৰাণ হেৰুৱায় । ৰিম'ট-নিয়ন্ত্ৰিত বোমাটো তেওঁ বহা আসনখনৰ পিছফালে ৰখা হৈছিল । বিমানখনে উৰা মৰাৰ অলপ পিচতে বিস্ফোৰণটো হৈছিল ।

১৬. ১৯৮৮ চনৰ ১৮ আগষ্টত পাকিস্তানৰ ৰাষ্ট্ৰপতি জিয়া-উল-হক, তেওঁৰ ৫ গৰাকী জেনেৰেল আৰু আমেৰিকাৰ ৰাষ্ট্ৰদূত আৰ্নল্ড লুইছ ৰাফেলক লৈ যোৱা এখন চি-১৩০ সামৰিক বিমান ৰাজধানী ইছলামাবাদৰ পৰা প্ৰায় ৫৩০ কিলোমিটাৰ দক্ষিণে বাহাৱালপুৰৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হয় । দুৰ্ঘটনাত আটাইকেইগৰাকী লোকৰে মৃত্যু হয় ।

১৭. ১৯৯৪ চনৰ ৬ এপ্ৰিলত বুৰুণ্ডিৰ ৰাষ্ট্ৰপতি চাইপ্ৰিয়েন নটাৰিয়ামিৰা আৰু ৰৱাণ্ডাৰ ৰাষ্ট্ৰপতি জুভেনাল হাবিয়াৰিমানাক লৈ যোৱা এখন বিমান কিগালি বিমানবন্দৰত অৱতৰণৰ সময়তে মিছাইলেৰে গুলীবৰ্ষণ কৰা হয় । য'ত বিমানখনত থকা ১২ গৰাকী নিহত হয় ।

১৮. ২০০৪ চনৰ ২৬ ফেব্ৰুৱাৰীত মেচিডোনিয়াৰ দ্বিতীয় ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা বৰিছ ট্ৰাজকোভস্কি আৰু তেওঁৰ সৈতে থকা প্ৰতিনিধি দলটোক লৈ যোৱা এখন বিমান বছনিয়া আৰু হাৰ্জেগোভিনাৰ মোষ্টাৰ চহৰৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হয় । দুৰ্ঘটনাটোত ট্ৰাজকোভস্কি আৰু তেওঁৰ পৰামৰ্শদাতাসহ ৮ গৰাকী লোকৰ মৃত্যু হয় । বিমান দুৰ্ঘটনাটো পাইলটৰ ভুলৰ বাবে সংঘটিত হৈছিল ।

১৯. ২০১০ চনৰ ১০ এপ্ৰিলত পোলেণ্ডৰ ৰাষ্ট্ৰপতি লেক কাক্সিনস্কি আৰু তেওঁৰ পত্নীকে ধৰি ৯৬ গৰাকী লোকক লৈ যোৱা এখন টুপোলেভ ১৫৪ বিমান ৰাছিয়াৰ স্মোলেনস্ক বিমানবন্দৰলৈ উৰা মাৰিছিল । য'ত তেওঁলোকে এক অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ কথা আছিল । কিন্তু অৱতৰণ কৰাৰ সময়তে বিমানখন বনাঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হৈছিল ।

২০. ২০২৪ চনৰ ৫ ফেব্ৰুৱাৰীত চিলিৰ প্ৰাক্তন ৰাষ্ট্ৰপতি চেবাষ্টিয়ান পিনেৰা আৰু তেওঁৰ দলক কঢ়িয়াই নিয়া ৰবিনছন আৰ-৬৬ হেলিকপ্টাৰ এখন লছ ৰিঅ'ছ অঞ্চলৰ ৰেঙ্কো হ্ৰদত দুৰ্ঘটনাগ্ৰস্ত হয় । ধাৰাসাৰ বৰষুণ আৰু ঘন কুঁৱলীৰ বাবে উৰণৰ অলপ পিচতে হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল । ৩ গৰাকী যাত্ৰীয়ে সাঁতুৰি হ্ৰদটোৰ পাৰলৈ যাবলৈ সক্ষম হৈছিল কিন্তু পিনেৰাৰ মৃত্যু হৈছিল কাৰণ তেওঁ চিট বেল্ট খুলিব পৰা নাছিল ।

লগতে পঢ়ক :হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ গ’ল ৰাষ্ট্ৰপতিৰ, বিশ্বজুৰি শোকৰ ছাঁ - Iranian President Dies

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.