ETV Bharat / international

ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী হিচাৰে জয়ী হোৱাটোৱেই প্ৰধান উদ্দেশ্য: কমলা হেৰিছ - US presidential election 2024 - US PRESIDENTIAL ELECTION 2024

US Vice President Kamala Harris: নৱেম্বৰত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ৰাষ্ট্ৰপতি জো বাইডেনৰ সমৰ্থন লাভ কৰাৰ পাচতে নিজকে ‘সন্মানিত’ বুলি অনুভৱ ব্যক্ত কৰিছে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে ৷ ৰাষ্ট্ৰপতি জো বাইডেনৰ প্ৰতিও কৃতজ্ঞতা জনায় হেৰিছে ৷

Intends to "earn and win" Democratic presidential nomination: US Vice President Kamala Harris
কমলা হেৰিছৰ প্ৰতি সমৰ্থন ৰাষ্ট্ৰপতি জো বাইডেনৰ (ANI)
author img

By ANI

Published : Jul 22, 2024, 9:35 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 22 জুলাই: ৰাষ্ট্ৰপতি জো বাইডেনৰ সমৰ্থন লাভ কৰি আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে নিজকে ‘সন্মানিত’ হিচাপে গণ্য কৰিছে বুলি অনুভৱ ব্যক্ত কৰে ৷ দেওবাৰে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে কয় যে তেওঁ নৱেম্বৰত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ডেম’ক্ৰেটিক পাৰ্টিৰ মনোনয়ন লাভ আৰু জয়ী হোৱাৰ বাবে মনস্থ কৰিছে ।

ইয়াৰ পূৰ্বে পুনৰ নিৰ্বাচনত অৱতীৰ্ণ নোহোৱাৰ সিদ্ধান্ত ঘোষণা কৰাৰ পিছত বাইডেনে হেৰিছক ডেম’ক্ৰেটিক পাৰ্টিৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে সমৰ্থন কৰে আৰু ডেম’ক্ৰেটসকলক ঐক্যৱদ্ধভাবে ৰিপাব্লিকান ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পক পৰাস্ত কৰিবলৈ আহ্বান জনায় ।

কমলা হেৰিছে এক বিবৃতিযোগে কয়, "ৰাষ্ট্ৰপতিৰ সমৰ্থন পাই মই সন্মানিত অনুভৱ কৰিছোঁ ৷ মোৰ উদ্দেশ্য হৈছে এই মনোনয়ন লাভ কৰা আৰু জয়ী হোৱা । যোৱা এটা বছৰত মই সমগ্ৰ দেশ ভ্ৰমণ কৰিছো, এই গুৰুত্বপূৰ্ণ বিষয়টোত আমেৰিকানসকলৰ সৈতে তেওঁলোকৰ পছন্দৰ বিষয়ে কথা পাতিছো ৷ আগন্তুক দিনত মই সেইটোৱেই কৰি যাম । নিৰ্বাচনৰ দিনটোলৈ আমাৰ হাতত 107 দিন আছে । আমি একেলগে যুঁজিম আৰু একেলগে আমি জয়ী হ’ম ।"

কমলা হেৰিছে লগতে কয়, "আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ অসাধাৰণ নেতৃত্বৰ বাবে আৰু আমাৰ দেশৰ প্ৰতি দশক দশক ধৰি আগবঢ়োৱা সেৱাৰ বাবে মই আমেৰিকাৰ জনসাধাৰণৰ হৈ জো বাইডেনক ধন্যবাদ জনাইছো । তেওঁৰ এই সাফল্যৰ উল্লেখযোগ্য উত্তৰাধিকাৰ আধুনিক আমেৰিকাৰ ইতিহাসত অতুলনীয় ।"

হেৰিছে বাইডেনৰ অধীনত উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাটো এক ‘ডাঙৰ সন্মান’ বুলি অভিহিত কৰি তেওঁৰ লগতে সমগ্ৰ পৰিয়ালটোলৈ ধন্যবাদ জনায় ৷

হেৰিছে কয়, "তেওঁৰ উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাটো এক ডাঙৰ সন্মান আৰু মই ৰাষ্ট্ৰপতি বাইডেন আৰু সমগ্ৰ বাইডেন পৰিয়ালৰ প্ৰতি চিৰকৃতজ্ঞ । মই প্ৰথমে ৰাষ্ট্ৰপতি বাইডেনক তেওঁৰ পুত্ৰ বিউৰ জৰিয়তে চিনি পাইছিলো । আমি বন্ধু আছিলো ।"

বাইডেনে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক তেওঁৰ “অসাধাৰণ অংশীদাৰ” হোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে । আনকি তেওঁৰ পুনৰ নিৰ্বাচনৰ বাবে কাম কৰা লোকসকললৈও ধন্যবাদ জ্ঞাপন কৰে ।

বাইডেনে কয়, "...মোক পুনৰ নিৰ্বাচিত কৰিবলৈ ইমান কষ্ট কৰা সকলোলৈ মোৰ গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰোিছো । এই সকলো কামৰ এক অসাধাৰণ অংশীদাৰ হোৱাৰ বাবে উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক ধন্যবাদ জনাইছো । আপুনি মোৰ প্ৰতি যি বিশ্বাস আৰু আস্থা ৰাখিছে তাৰ বাবে মই আজি বিশ্বাস কৰোঁ যে ঐক্যৱদ্ধ হৈ আমেৰিকাই কৰিব নোৱাৰা কাম একোৱেই নাই ।"

লগতে পঢ়ক: নিৰ্বাচন নেখেলে বাইডেনে: কমলা হেৰিছক আগুৱাই দৌৰৰ পৰা আঁতৰিলে মাৰ্কিন ৰাষ্ট্ৰপতি - BIDEN QUITS PRESIDENTIAL RACE

সৰ্বোচ্চ পৰ্যায়ৰ দেশপ্ৰেমী: ৰাষ্ট্ৰপতিৰ দৌৰৰ পৰা আঁতৰি অহা বাবে বাইডেনক প্ৰশংসা প্ৰাক্তন ৰাষ্ট্ৰপতি ওবামাৰ - US Presidential Election 2024

ৰাষ্ট্ৰপতি পদৰ দৌৰৰ পৰা আঁতৰিল জো বাইডেন - US presidential election 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.