ETV Bharat / international

দক্ষিণ চীন সাগৰ বিবাদ সমাধানৰ আহ্বান ভাৰত-ছিংগাপুৰৰ - PM Narendra Modi

author img

By ANI

Published : Sep 6, 2024, 7:17 AM IST

PM Modi Singapore Visit : প্ৰধানমন্ত্ৰী মোদীৰ দুদিনীয়া ছিংগাপুৰ ভ্ৰমণসূচীৰ বৃহস্পতিবাৰে অন্ত পৰে । এই সময়ছোৱাত দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় ক্ষেত্ৰত বহুকেইটা বিষয়ৰ ওপৰত আলোচনাত মিলিত হয় । ইয়াৰ ভিতৰত প্ৰধান হৈছে সন্ত্ৰাসবাদ আৰু দক্ষিণ চীন সাগৰ বিবাদ ।

PM Modi Singapore Visit
ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ সৈতে এক অন্তৰংগ মুহূৰ্তত মোদী (ANI Photo)

নিউজ ডেস্ক, ৬ ছেপ্টেম্বৰ : ভাৰত আৰু ছিংগাপুৰে দক্ষিণ চীন সাগৰত বিবাদৰ শান্তিপূৰ্ণ সমাধানৰ আহ্বান জনাইছে । লগতে আন্তৰ্জাতিক আইন, ইউ এন চি এল অ' এছ (UNCLOS) অনুসৰি দক্ষিণ চীন সাগৰত শান্তি, নিৰাপত্তা আৰু 'নৌ-চলাচলৰ স্বাধীনতা' বাহাল ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছিংগাপুৰ ভ্ৰমণৰ সময়ত এই সন্দৰ্ভত দুয়োখন দেশে এক যুটীয়া বিবৃতি জাৰি কৰে । ভাৰত-ছিংগাপুৰ যুটীয়া বিবৃতি অনুসৰি, "সমৃদ্ধি আৰু নিৰাপত্তাৰ মাজৰ সম্পৰ্কৰ কথা উল্লেখ কৰি নেতা দুগৰাকীয়ে দক্ষিণ চীন সাগৰত শান্তি, নিৰাপত্তা, স্থিৰতা, সুৰক্ষা আৰু নৌ-চলাচলৰ স্বাধীনতা বাহাল ৰখা আৰু ইয়াৰ প্ৰচাৰৰ গুৰুত্বৰ কথা পুনৰ দোহাৰে । আনহাতে, আন্তৰ্জাতিক আইন, বিশেষকৈ সাগৰ আইনৰ ওপৰত ১৯৮২ চনৰ ৰাষ্ট্ৰসংঘৰ সন্মিলন (United Nations Convention on the Law of the Sea চমুকৈ UNCLOS) অনুসৰি কোনোধৰণৰ ভাবুকি বা বল প্ৰয়োগ নকৰাকৈ ইয়াক বাহাল ৰাখিব লাগে ।"

বিবৃতিটোত লগতে কোৱা হৈছে, "দুয়োপক্ষই সকলো পক্ষক ভাবুকি বা বল প্ৰয়োগ অবিহনে শান্তিপূৰ্ণ উপায়েৰে বিবাদ নিষ্পত্তি কৰিবলৈ আৰু অঞ্চলটোত উত্তেজনা বৃদ্ধি কৰিব পৰা কাৰ্যত আত্মসংযম অৱলম্বন কৰিবলৈ আহ্বান জনায় ।"

ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী মোদী আৰু ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱাঙে ইউ এন চি এল অ' এছৰ দ্বাৰা নিৰ্ধাৰিত আইনী আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব আৰোপ কৰে । ইয়াৰ বাবে মহাসাগৰ আৰু সাগৰৰ সকলো কাৰ্যকলাপ সম্পন্ন কৰা আৰু সামুদ্ৰিক অঞ্চলৰ ওপৰত সামুদ্ৰিক অধিকাৰ, সাৰ্বভৌম অধিকাৰ আৰু বৈধ স্বাৰ্থ নিৰ্ধাৰণৰ বাবে ইউ এন চি এল অ'এছ হৈছে আধাৰ ।

দুয়োগৰাকী নেতাই আন্তৰ্জাতিক আইন, বিশেষকৈ ইউ এন চি এল অ' এছ অনুসৰি দক্ষিণ চীন সাগৰত এক গুৰুত্বপূৰ্ণ আৰু কাৰ্যকৰী আচৰণ বিধি (Code of Conduct, COC) শীঘ্ৰে কাৰ্যকৰী কৰাৰো আশা ব্যক্ত কৰে ।

বৈঠকত তেওঁলোকে সন্ত্ৰাসবাদক বিশ্বশান্তি আৰু স্থিৰতাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ ভাবুকি হিচাপে গৰিহণা দিয়ে আৰু ইয়াৰ সৈতে সকলো প্ৰকাৰে যুঁজিবলৈ তেওঁলোকৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে । সন্ত্ৰাসবাদী কাৰ্যকলাপৰ কোনো যুক্তি থাকিব নোৱাৰে বুলিও তেওঁলোকে মত প্ৰকাশ কৰে । শান্তি আৰু স্থিৰতাৰ বাবে সন্ত্ৰাসবাদ একমাত্ৰ গুৰুত্বপূৰ্ণ ভাবুকি হৈ আছে বুলি স্বীকাৰ কৰি দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীয়ে সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ তেওঁলোকৰ দৃঢ় প্ৰতিশ্ৰুতিৰ কথা দোহাৰে ।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে ৪ আৰু ৫ তাৰিখে চৰকাৰী কাৰ্যসূচীৰে ছিংগাপুৰ ভ্ৰমণ কৰে । এইটো হৈছে প্ৰধানমন্ত্ৰী মোদীৰ পঞ্চমটো ছিংগাপুৰ ভ্ৰমণ ।

লগতে পঢ়ক :ভাৰত আৰু ছিংগাপুৰৰ মাজত কেইবাখনো বুজাবুজি চুক্তি স্বাক্ষৰ - PM Modi in Singapore
লগতে পঢ়ক :প্ৰথমবাৰৰ বাবে ব্ৰুণেই ডাৰুছালাম ভ্ৰমণ ভাৰতীয় প্ৰধানমন্ত্ৰীৰ - PM Modi to visit Brunei

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.