ETV Bharat / international

আমেৰিকায়ো বিশ্বাস কৰে অৰুণাচল ভাৰতৰে অংশ - China demand on Arunachal

China demand on Arunachal: অৰুণাচল প্ৰদেশৰ ওপৰত চীনৰ অযৌক্তিক দাবীক নস্যাৎ কৰি আমেৰিকাই কয় যে উত্তৰ-পূৱৰ ৰাজ্যখন ভাৰতৰে ভূখণ্ড । চীনৰ এনে একপক্ষীয় দাবীৰ বিৰোধিতাও কৰে আমেৰিকাই ।

China demand on Arunachal
আমেৰিকাইও বিশ্বাস কৰে অৰুণাচল ভাৰতৰে অংশ
author img

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 10:20 AM IST

Updated : Mar 21, 2024, 10:53 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ২১ মাৰ্চ : অৰুণাচল প্ৰদেশ ভাৰতীয় ভূখণ্ডৰ অন্তৰ্ভুক্ত । আমেৰিকা যুক্তৰাষ্ট্ৰই এই কথা স্পষ্ট কৰি দিলে । উত্তৰ-পূৱৰ ৰাজ্যখনৰ ওপৰত চীনে অধিকাৰ সাব্যস্ত কৰি থকাৰ সময়তে আমেৰিকাই বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । কেৱল এয়াই নহয় চীনে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ওপৰেৰে ইয়াৰ আঞ্চলিক দাবী উত্থাপন কৰা যিকোনো একপক্ষীয় প্ৰচেষ্টাৰ তীব্ৰ বিৰোধিতাও কৰে বাইডেন প্ৰশাসনে ।

আমেৰিকাৰ বৈদেশিক বিভাগৰ প্ৰধান উপ মুখপাত্ৰ বেদন্ত পেটেলে কয় যে আমেৰিকাই অৰুণাচল প্ৰদেশক ভাৰতীয় ভূখণ্ড হিচাপে স্বীকৃতি দিয়ে আৰু প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ওপৰেৰে অনুপ্ৰৱেশ বা বেদখল, সামৰিক বা অসামৰিক লোকৰ দ্বাৰা আঞ্চলিক দাবী আগবঢ়োৱাৰ যিকোনো একপক্ষীয় প্ৰচেষ্টাৰ তীব্ৰ বিৰোধিতাও কৰে ।

উল্লেখ্য যে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অৰুণাচল ভ্ৰমণৰ পিচতে চীনা সামৰিক বাহিনীয়ে ৰাজ্যখনৰ ওপৰত নিজৰ দাবী পুনৰাবৃত্তি কৰিবলৈ চেষ্টা চলায় । এই সপ্তাহৰ আৰম্ভণিতে চীনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰ কৰ্ণেল ঝাং জিয়াওগাঙে কৈছিল যে জিজাঙৰ দক্ষিণ অংশ (তিব্বতৰ চীনা নাম) চীনৰ ভূখণ্ডৰ এক অন্তৰ্নিহিত অংশ আৰু বেইজিঙে ভাৰতে অবৈধভাৱে স্থাপন কৰা তথাকথিত অৰুণাচল প্ৰদেশক কেতিয়াও স্বীকাৰ নকৰে আৰু দৃঢ়ভাৱে বিৰোধিতা কৰে । অৰুণাচল প্ৰদেশক দক্ষিণ তিব্বত বুলি দাবী কৰা চীনে নিয়মীয়াকৈ ভাৰতীয় নেতাসকলৰ ভ্ৰমণত আপত্তি দৰ্শাই আহিছে যাতে তেওঁলোকৰ দাবীবোৰ আলোকপাত কৰা যায় । বেইজিঙে অৰুণাচল প্ৰদেশৰ নাম জাংনান ৰাখিছে ।

ইফালে ভাৰতে অৰুণাচল প্ৰদেশৰ ওপৰত চীনৰ আঞ্চলিক দাবীবাৰ প্ৰত্যাখ্যান কৰি আহিছে আৰু দাবী কৰিছে যে ৰাজ্যখন ভাৰতৰ এক অবিচ্ছেদ্য অংশ আছিল, আছে আৰু থাকিব ।

৯ মাৰ্চত প্ৰধানমন্ত্ৰী মোদীয়ে অৰুণাচল প্ৰদেশত ১৩,০০০ ফুট উচ্চতাত নিৰ্মাণ কৰা চেলা সুৰংগ ৰাষ্ট্ৰক উৎসৰ্গা কৰে । যিয়ে কৌশলগতভাৱে টাৱাঙলৈ সকলো প্ৰতিকূল পৰিস্থিতিত সংযোগ প্ৰদান কৰিব আৰু সীমান্ত অঞ্চলত সৈন্যৰ উন্নত চলাচল নিশ্চিত কৰিব বুলি আশা কৰা হৈছে । প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ পিচৰে পৰা চীনে বিভিন্ন ধৰণে অৰুণাচলৰ ওপৰত দাবী উত্থাপন কৰাৰ চেষ্টা চলাইছে ।

লগতে পঢ়ক :অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংশ আছিল, আছে আৰু থাকিব

Last Updated : Mar 21, 2024, 10:53 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.