ETV Bharat / international

এতিয়াও জীৱিত হামাছৰ মষ্ট ৱান্টেড নেতা য়াহায়া সিনৱাৰ

Hamas Leader Yahya Sinwar: ২১ ছেপ্টেম্বৰত গাজাত স্থানচ্যুত পেলেষ্টাইনীসকলক আশ্ৰয় দিয়া এখন বিদ্যালয়ত ইজৰাইলৰ ৰকেট আক্ৰমণৰ পিছত সিনৱাৰৰ কোনো তথ্য উপলব্ধ নাছিল ।

author img

By ETV Bharat Assamese Team

Published : 5 hours ago

Updated : 3 hours ago

Hamas Leader Yahya Sinwar
হামাছৰ নেতা য়াহায়া সিনৱাৰ (AP)

ইন্টাৰনেশ্যনেল ডেস্ক,৮ অক্টোবৰ : ইজৰাইলৰ মষ্ট ৱাণ্টেড তালিকাত থকা আৰু পূৰ্বে গাজা চহৰত ৰকেট আক্ৰমণত মৃত্যু হোৱা বুলি ধাৰণা কৰা হামাছৰ নেতা য়াহায়া সিনৱাৰ এতিয়াও জীয়াই আছে আৰু কাটাৰত পণবন্দী যুদ্ধবিৰতি চুক্তিৰ মধ্যস্থতাকাৰীৰ সৈতে পুনৰ যোগাযোগ স্থাপন কৰিছে ।

২১ ছেপ্টেম্বৰত গাজা চহৰত স্থানচ্যুত পেলেষ্টাইনীসকলক আশ্ৰয় দিয়া এখন বিদ্যালয়ত ইজৰাইলৰ ৰকেট আক্ৰমণৰ পিছত সিনৱাৰৰ কোনো তথ্য উপলব্ধ নাছিল ।

লগতে পঢ়ক: ইজৰাইলৰ আক্ৰমণত নিহত হিজবুল্লাহৰ নেতা হাছান নাছৰাল্লাহ ! - Hezbollah Leader killed

জেৰুজালেম পোষ্টে প্ৰকাশ কৰা অনুসৰি সিনৱাৰে যোগাযোগ বিচ্ছিন্ন কৰিছিল কাৰণ তেওঁ বিশ্বাস কৰিছিল যে ইজৰাইলে কোনো চুক্তিত উপনীত হ’বলৈ আগ্ৰহী নহয় । ৱাল্লা নিউজ চাইটৰ উদ্ধৃতিৰে ইজৰাইলৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে পণবন্দী আৰু যুদ্ধবিৰতি চুক্তিৰ ক্ষেত্ৰত সিনৱাৰে কোনো ধৰণে নিজৰ স্থিতি নমনীয় কৰা নাই ।

জেৰুজালেম পোষ্টে প্ৰকাশ কৰা প্ৰতিবেদনত কাটাৰৰ এজন জ্যেষ্ঠ কূটনীতিবিদৰ উদ্ধৃতি দি কয় যে সিনৱাৰে প্ৰত্যক্ষ যোগাযোগ স্থাপন কৰা নাছিল । তেওঁৰ মতে, হামাছৰ জ্যেষ্ঠ ব্যক্তি খলিল আল য়াহায়াৰ জৰিয়তে যোগাযোগ স্থাপন কৰা হৈছিল ।

লগতে পঢ়ক: হামাছৰ সামৰিক শাখাৰ কমাণ্ডাৰ মহম্মদ ডেইফক হত্যা : নিশ্চিত কৰিলে ইজৰাইলে - Hamas Military Wing Leader killed

আলোচনাৰ অংশ হিচাপে হামাছে গাজাৰ পৰা ইজৰাইলৰ সেনাক সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰাৰ লগতে যুদ্ধৰ স্থায়ী অন্ত পেলোৱাৰ দাবী জনাইছে । ইজৰাইলে তেওঁলোকৰ দাবী পূৰণ কৰিবলৈ অস্বীকাৰ কৰি কয় যে এই ব্যৱস্থাৰ জৰিয়তে সন্ত্ৰাসবাদী সংগঠনটোৱে ষ্ট্ৰিপৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব পাৰিব আৰু নিজৰ সামৰিক শক্তি পুনৰ গঢ়ি তুলিব পাৰিব ।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কাটাৰৰ বিষয়াসকলে হামাছৰ জিম্মাত থকা ইজৰাইলীসকলৰ পৰিয়ালক কয় যে হামাছৰ নেতাসকলৰ বিৰুদ্ধে তেল অবীবৰ “হত্যা কৰাৰ নীতি” চুক্তিত উপনীত হোৱাৰ সৈতে ‘অসঙ্গতিপূৰ্ণ’ । প্ৰতিবেদন অনুসৰি, পণবন্দী পৰিয়ালসমূহক বিষয়াসকলে কয় যে, "পূৰ্বতে (হামাছৰ প্ৰাক্তন নেতা ইছমাইল) হানিয়েহ আছিল আৰু তেওঁক বাহিৰ কৰি দিয়া হৈছিল । এতিয়া খালেদ মাছাল আছে আৰু তেওঁ হানিয়েহতকৈ বহু বেছি কঠোৰ ।"

লগতে পঢ়ক: বিমান আক্ৰমণত নিহত হামাছ নেতা ইছমাইল হানিয়েহ: বিশ্ব সম্প্ৰদায়ৰ সমালোচনাৰ সন্মুখীন ইজৰাইল - Ismail Haniyeh killed in Tehran

Last Updated : 3 hours ago
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.