ETV Bharat / international

ঘনীভূত ৰাজনৈতিক সংকট ! গঠনৰ 3 মাহৰ ভিতৰতে ভংগ দেশৰ চৰকাৰ - FRANCE PM OUSTED

বিগত 60 বছৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ফ্ৰান্সত, শাসনাধিষ্ঠ মিশ্বেল বাৰ্ণিয়াৰৰ চৰকাৰ এক ঐতিহাসিক অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হৈ পৰাজিত হৈছে ।

AP
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী মিশ্বেল বাৰ্ণিয়াৰে অনাস্থা প্ৰস্তাৱৰ ওপৰত ভোটদানৰ পূৰ্বে নেশ্যনেল এচেম্বলীত ভাষণ দিয়াৰ সময়ত (এপি)
author img

By AP (Associated Press)

Published : Dec 5, 2024, 11:01 AM IST

পেৰিছ: ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী মিশ্বেল বাৰ্ণিয়াৰৰ চৰকাৰ, বুধবাৰে ফ্ৰান্সৰ নেশ্যনেল এচেম্বলীত এক ঐতিহাসিক অনাস্থা ভোটৰ সন্মুখীন হয়। এই অনাস্থা প্ৰস্তাৱৰ জৰিয়তে প্ৰধানমন্ত্ৰী মিশ্বেল বাৰ্ণিয়াৰৰ চৰকাৰক মাত্ৰ তিনি মাহৰ ভিতৰতে বিৰোধী দলসমূহে উৎখাত কৰিবলৈ সক্ষম হয়। এই ব্যাপক পৰিবৰ্তনৰ পিছত, ফ্ৰান্সৰ ৰাজনৈতিক সংকট গভীৰ হৈ পৰিছে।

বুধবাৰে, দেশখনৰ সংসদত তেওঁৰ চৰকাৰৰ বিৰুদ্ধে অনা অনাস্থা প্ৰস্তাৱ গৃহীত হয়। মুঠ 331 জন সাংসদে অনাস্থা প্ৰস্তাৱৰ সপক্ষে ভোট দিয়ে ৷ লক্ষণীয় যে চৰকাৰখনক উৎখাত কৰিবলৈ 288 টা ভোটৰ প্ৰয়োজন আছিল।

ফলস্বৰূপে বাৰ্ণিয়াৰৰ চৰকাৰ বিগত ছটা দশকৰ ভিতৰত অনাস্থা ভোটৰ দ্বাৰা উৎখাত হোৱা প্ৰথমখন চৰকাৰ হৈ পৰিল। সোনকালেই মিশ্বেলে তেওঁৰ আৰু তেওঁৰ চৰকাৰৰ পদত্যাগ পত্ৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নৰ ওচৰত দাখিল কৰিব বুলি আশা কৰা হৈছে। ইপিনে আগন্তুক বৰ্ষ অৰ্থাৎ ২০২৫ চনৰ বাবে দেশৰ বাজেটক লৈ উদ্বেগ বৃদ্ধি হোৱাও পৰিলক্ষিত হৈছে ।

অনাস্থা প্ৰস্তাৱত পৰাজিত হোৱাৰ পিছত, মিশ্বেল বাৰ্ণিয়াৰ ফ্ৰান্সৰ ইতিহাসত আটাইতকৈ কম সময়ৰ প্ৰধানমন্ত্ৰী হৈ পৰিছে। বাৰ্ণিয়াৰ মাত্ৰ 91 দিনৰ বাবে প্ৰধানমন্ত্ৰী আছিল, আনহাতে তেওঁৰ চৰকাৰ মাত্ৰ 74 দিন চলিছিল।

এই বছৰৰ জুলাইত ফ্ৰান্সত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত কোনো দলে সংখ্যাগৰিষ্ঠতা লাভ কৰা নাছিল। যাৰ পিছত ইমানুৱেল ৰাষ্ট্ৰপতি মেক্ৰ'নে মিশ্বেল বাৰ্ণিয়াৰৰ নেতৃত্বত চৰকাৰ ঘোষণা কৰিছিল।

বাতৰি অনুসৰি, সম্প্ৰতি সামাজিক সুৰক্ষা বাজেটক লৈ ফ্ৰান্সত উত্তেজনা বৃদ্ধি পাইছিল। ফ্ৰান্সৰ বাওঁপন্থী আৰু সোঁপন্থী দলসমূহে ইয়াৰ বিৰোধিতা কৰিছিল, যাৰ পিছত বাৰ্ণিয়াৰ চৰকাৰে ভোট গ্ৰহণ প্ৰক্ৰিয়া অবিহনেই ইয়াক গৃহীত কৰাৰ সিদ্ধান্ত লৈছিল। বিৰোধী দলসমূহে চৰকাৰৰ এই পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰিছিল। ইয়াৰ পিছত, সংসদত বাৰ্ণিয়াৰ চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ অনা হয়।

লগতে পঢ়ক: “মূল্য দিব লাগিব”- ৰাষ্ট্ৰপতিৰ দায়িত্ব লোৱাৰ আগতেই আহিল ট্ৰাম্পৰ এই কঠোৰ সকীয়নি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.