ETV Bharat / international

কুৱেইটবাসী ভাৰতীয়ৰ বাবে গ্ৰহণ এই বিশেষ পদক্ষেপ, চাওক কি... - HINDI RADIO BROADCAST IN KUWAIT

author img

By ANI

Published : Apr 22, 2024, 10:52 AM IST

HINDI RADIO BROADCAST IN KUWAIT : কুৱেইটবাসী ভাৰতীয় লোকসকলৰ মনোৰঞ্জনৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিলে দুয়োখন দেশে ৷ যাৰ জৰিয়তে দুয়োখন দেশৰে কূটনৈতিক সম্পৰ্কও উন্নত হোৱাৰ আশা প্ৰকাশ কৰা হৈছে ৷ কিন্তু দুয়োখন দেশেনো এনেকুৱা কি কৰিলে, চাওক এই প্ৰতিবেদনত ৷

HINDI RADIO BROADCAST IN KUWAIT
কুৱেইটৰ হিন্দী এফ এম ৰেডিঅ’

ইণ্টাৰনেশ্যনেল ডেস্ক, 22 এপ্ৰিল : পোনপ্ৰথমবাৰৰ বাবে কুৱেইটৰ ইতিহাসত সংযোজিত হৈছে ৰেডিঅ’ৰ এক বিশেষ অনুষ্ঠান ৷ এই অনুষ্ঠান এইবাবেই বিশেষ যে, পোনপ্ৰথমবাৰৰ বাবে হিন্দী ভাষাত এই অনুষ্ঠান প্ৰচাৰ হ’ব ৷ সোমবাৰে কুৱেইটস্থিত ভাৰতীয় দূতাৱাসৰ কাৰ্যালয়ে এই বিষয়ে জানিবলৈ দিয়ে ৷

কুৱেইটত থকা ভাৰতীয় দূতাৱাসৰ কাৰ্যালয়ৰ লগতে দেশখনৰ তথ্য আৰু প্ৰচাৰ মন্ত্ৰালয়ে যুটীয়াভাৱে এই পদক্ষেপ গ্ৰহণ কৰে ৷ এতিয়াৰে পৰা প্ৰতি দেওবাৰে 93.3 এফ এম আৰু 96.3 এ এম যোগে শ্ৰোতাই শুনিবলৈ পাব বিভিন্ন ধৰণৰ অনুষ্ঠান ৷ এই পদক্ষেপে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক উন্নত কৰাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে ৷

সামাজিক মাধ্যম X ৰ জৰিয়তে ভাৰতীয় দূতাৱাসৰ কাৰ্যালয়ে সদৰী কৰা অনুসৰি, ‘কুৱেইটৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে সংযোজিত হৈছে হিন্দী ৰেডিঅ’ৰ সম্প্ৰচাৰ ৷ প্ৰতি দেওবাৰে 93.3 এফ এম আৰু 96.3 এ এম যোগে শ্ৰোতাৰ মনোৰঞ্জনৰ বাবে আগবঢ়োৱা হ’ব বিভিন্ন অনুষ্ঠানৰ প্ৰচাৰ ৷ সন্ধিয়া 8:30 ৰ পৰা 9 বজালৈ 30 মিনিটৰ বাবে সম্প্ৰচাৰিত হ’ব উক্ত অনুষ্ঠানটো ৷ 21 এপ্ৰিলৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰাত সহায়ক হ’ব’’ ৷

উল্লেখ্য যে, কৰ্মসূত্ৰে বহুসংখ্যক ভাৰতীয় যেনে - অভিযন্তা, চিকিৎসক-নাৰ্চ, চাটাৰ্ড একাউণ্টেণ্ট, বিভিন্ন ক্ষেত্ৰৰ বিজ্ঞানীসকল, ছফটৱেৰ বিশেষজ্ঞ, আৰ্কিটেক্ট ইঞ্জিনিয়াৰ আদিয়ে দীৰ্ঘদিন ধৰি কুৱেইটত বাস কৰি আহিছে ৷ কুৱেইটৰ পাইকাৰী আৰু খুচুৰা বজাৰ দখলৰ ক্ষেত্ৰতো আছে বহুসংখ্যক ভাৰতীয় ব্যৱসায়ীৰ দখল ৷ এক কথাত ক’বলৈ গ’লে অতীজৰে পৰা ভাৰত আৰু কুৱেইটৰ মাজত চলি আছে এক সৌহাৰ্দপূৰ্ণ সম্পৰ্ক ৷

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সদৰী কৰা অনুসৰি, 1961 চনৰে পৰা কুৱেইটৰ সহযোগী ৰাষ্ট্ৰ হিচাপে ভাৰতে ব্যৱসায় কৰি আহিছে ৷ যাৰ বাবে আজিও দেশখনত ভাৰতীয় মুদ্ৰাৰ প্ৰচলনক বৈধ মনা যায় ৷ 2021-22 চনত দুয়োখন ৰাষ্ট্ৰৰ মাজৰ কূটনৈতিক সম্পৰ্কই সুদীৰ্ঘ 60 বছৰ অতিক্ৰম কৰে ৷

বিগত 17 এপ্ৰিলত কুৱেইটত থকা ভাৰতৰ ৰাষ্ট্ৰদূত আদৰ্শ ছোৱাইকাই দেশখনৰ উপ-প্ৰধানমন্ত্ৰী শ্বেখ ফাহাদ ইউছুফ ছাউদ আল-ছাবাহৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰে ৷ এই সাক্ষাৎকালত ভাৰতীয় ৰাষ্ট্ৰদূতগৰাকীয়ে উপ-প্ৰধানমন্ত্ৰী গৰাকীৰ বন্ধুত্বপূৰ্ণ ব্যৱহাৰৰ বাবে উচ্চ প্ৰশংসা কৰাৰ উপৰিও ভাৰতীয় সমাজ ব্যৱস্থাৰ উন্নয়নৰ বিষয়ে অৱগত কৰে ৷ দেশখনৰ ভাৰতীয় দূতাৱাসৰ কাৰ্যালয়ে পাচত এই বিষয়ে সামাজিক মাধ্যম X ৰ জৰিয়তে প্ৰকাশ কৰে ৷

লগতে চাওক : ব্লক পাৰ্টিত গুলীচালনাত দুজন নিহত, ১৪ জন আহত - Memphis Block Party Shooting

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.