ETV Bharat / international

দেখা যাওক ড৹ ইউনুছে বাংলাদেশত আইন-শৃংখলা পুনৰুদ্ধাৰ কৰিব পাৰিবনে নাই: হাছিনা তনয় সজিব - INTERVIEW WITH SAJEEB WAZED JOY

author img

By ETV Bharat Assamese Team

Published : Aug 9, 2024, 3:47 PM IST

ETV Bharat Exclusive: ই টিভি ভাৰতৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পুত্ৰ সজিব ৱাজেদ জয়ে অন্তৱৰ্তীকালীন চৰকাৰৰ অধীনত ৰাষ্ট্ৰৰ অৱস্থা সন্দৰ্ভত প্ৰকাশ কৰে মন্তব্য ৷ সজিবে কয় যে, অন্তৱৰ্তীকালীন চৰকাৰে ৰাষ্ট্ৰখন কেনেদৰে শাসন কৰে, সেয়া চাবলৈ বাকী আছে ।

INTERVIEW WITH SAJEEB WAZED JOY
শ্বেখ হাছিনাৰ পুত্ৰ সজিব ৱাজেদ জয় (IANS)

ইণ্টাৰনেশ্যনেল ডেস্ক, 9 আগষ্ট: "বাংলাদেশত কোনো আইন-শৃংখলা নাই । লুণ্ঠন আৰু ডকাইতি চলি আছে, ঢাকাত সেনা মোতায়েন কৰা হৈছে ৷ সেয়েহে কিছুমান অঞ্চল শান্তিপূৰ্ণ, কিন্তু আন কিছুমান চুবুৰীয়া অঞ্চলত লুণ্ঠন অব্যাহত আছে । ড৹ ইউনুছে দ্বিতীয় স্বাধীনতাৰ কথা কৈ আছে ৷ ঠিক আছে, তেওঁ দেশত আইন-শৃংখলা পুনৰুদ্ধাৰ কৰিব পাৰিবনে চাওঁ । তেওঁ কিমান সক্ষম আমি চাম ৷" ক্ষোভ মিহলিত এই ভাষ্য বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পুত্ৰ সজিব ৱাজেদ জয়ৰ ৷

শ্বেখ হাছিনাৰ পুত্ৰ সজিব ৱাজেদ জয়ৰ সৈতে ই টিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ (ETV Bharat)

শেহতীয়াকৈ অন্তৱৰ্তীকালীন চৰকাৰৰ নেতৃত্ব দিবলৈ বাংলাদেশলৈ উভতি অহা শান্তিৰ নবেল বঁটা বিজয়ী মহম্মদ ইউনুছে শ্বেখ হাছিনাক উৎখাত কৰা এই প্ৰতিবাদত নিহতসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ ইউনুছে কৈছিল যে, প্ৰতিবাদত নিহতসকলৰ ত্যাগে দেশখনক "দ্বিতীয় স্বাধীনতা" প্ৰদান কৰিব ৷

লগতে পঢ়ক: বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হ’ব নোবেল বিজয়ী মহম্মদ ইউনুছ - Bangladesh crisis

অন্তৱৰ্তীকালীন চৰকাৰৰ নেতৃত্ব দিবলৈ দেশলৈ উভতি অহাৰ কিছু পিছতে তেওঁ কয়, "আজিৰ দিনটো আমাৰ বাবে এক গৌৰৱময় দিন । "বাংলাদেশে এটা নতুন বিজয় দিৱস উদযাপন কৰিছে । বাংলাদেশে দ্বিতীয়বাৰ স্বাধীনতা লাভ কৰিছে ।"

সজিবে লগতে উল্লেখ কৰে যে, তেওঁ 'নিশ্চিত' যে পাকিস্তানৰ আই এছ আই বাংলাদেশত ৰাজনৈতিক অস্থিৰতা বৃদ্ধিত জড়িত আছিল ।

"এবাৰ প্ৰতিবাদকাৰীসকলে চৰকাৰক বহিষ্কাৰ কৰাৰ বাবে আন্দোলন আৰম্ভ কৰাৰ পিছত, তেওঁলোকে আৰক্ষী থানাত আক্ৰমণ আৰম্ভ কৰে । আৰক্ষী থানাত আক্ৰমণ কৰা লোকসকল বন্দুকেৰে সজ্জিত আছিল ৷ তাৎপৰ্যপূৰ্ণ কথা এয়ে যে বাংলাদেশত বন্দুক লাভ কৰাটো অতি কঠিন । তেওঁলোকক কোনোবাই সেয়া যোগান ধৰিছিল আৰু দেশসমূহক অস্ত্ৰ সৰবৰাহ কৰাৰ ক্ষেত্ৰত সক্ষম একমাত্ৰ হৈছে বিদেশী চোৰাংচোৱা সেৱা ।"

লগতে পঢ়ক: নেতৃত্বত ইউনুছ: বাংলাদেশত গঠন অন্তৱৰ্তীকালীন চৰকাৰ - Bangladesh Interim Government

নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছে বৃহস্পতিবাৰে নিশা বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে শপতগ্ৰহণ কৰিছিল । ইয়াৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ নেতৃত্বত নতুন তত্বাৱধায়ক চৰকাৰে ৰাষ্ট্ৰপতি মহম্মদ শ্বাহবুদ্দিনৰ দ্বাৰা শপতগ্ৰহণ কৰে । শ্বেখ হাছিনাক বহিষ্কাৰ কৰাৰ তিনিদিন পিছত এই শপতগ্ৰহণ অনুষ্ঠিত হৈছিল ৷

সজিবে ই টিভি ভাৰতক জনোৱা অনুসৰি, তেওঁৰ মাতৃ এতিয়া সোঁ-শৰীৰে সুস্থ অৱস্থাত আছে ৷ নেত্ৰীগৰাকী প্ৰথমতে কিন্তু হতাশ হৈছিল কিয়নো তেওঁ এনে হ'ব বুলি আশা কৰা নাছিল । "তেওঁ পৰৱৰ্তী সময়ত কি কৰিব লাগে, সিদ্ধান্ত লৈছে । আমাৰ প্ৰথম অগ্ৰাধিকাৰ হৈছে আমাৰ জনসাধাৰণৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰা ৷" সজিবে কয় ।

সজিবে দাবী কৰে যে, তেওঁৰ মাতৃয়ে কোনো ঠাইতে আশ্ৰয়ৰ বাবে আবেদন কৰা নাই আৰু কোনো সিদ্ধান্ত লোৱা নাই ৷ তেওঁ লগতে কয়, "গণতন্ত্ৰ পুনৰুদ্ধাৰ হোৱাৰ পিছত তেওঁ সঁচাকৈয়ে বাংলাদেশলৈ ঘূৰি যোৱাৰ পৰিকল্পনা কৰিছিল । পিছে তেওঁ ৰাজনীতিত সক্ৰিয় হ'ব নে নহ'ব, সেয়া অপ্ৰাসংগিক ৷ কিন্তু তেওঁৰ লক্ষ্য আছিল এয়া তেওঁৰ অন্তিম কাৰ্যকাল হ'বলৈ গৈ আছিল আৰু তেওঁ অৱসৰৰ পিছত গাঁৱৰ ঘৰত বাস কৰাৰ মন মেলিছিল ।"

লগতে পঢ়ক: আইনৰ ৰোষত শান্তিৰ ন’বেল বঁটা বিজয়ী মহম্মদ ইউনুছ, ছয়মাহৰ কাৰাদণ্ডৰ ৰায় আদালতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.