ETV Bharat / international

ডোনাল্ড ট্ৰাম্পক দোষী সাব্যস্তকৰণ: কোন দেশৰ কোন প্ৰাক্তন ৰাষ্ট্ৰনেতা দোষী সাব্যস্ত হৈছিল ? - Donald Trump Conviction

author img

By ETV Bharat Assamese Team

Published : May 31, 2024, 9:43 PM IST

Convicted Former Leaders : ঘোৰ অপৰাধৰ বাবে ডোনাল্ড ট্ৰাম্পৰ বিৰল দোষী সাব্যস্তকৰণে বিশ্বজুৰি প্ৰাক্তন ৰাষ্ট্ৰপ্ৰধানসকলৰ দোষী সাব্যস্ত হোৱাৰ বিষয়ে পুনৰ চৰ্চা লাভ কৰিছে । উল্লেখ্য, এগৰাকী পৰ্ণষ্টাৰক গোপনে ধন সৰবৰাহৰ মাধ্যমেৰে ২০১৬ চনৰ নিৰ্বাচনক অবৈধভাৱে প্ৰভাৱিত কৰাৰ ষড়যন্ত্ৰত ৩৪ টা অভিযোগৰ আটাইকেইটাতে ট্ৰাম্পক বৃহস্পতিবাৰে দোষী সাব্যস্ত কৰা হয় । লগে লগে এনে গোচৰত দোষী সাব্যস্ত কৰা আমেৰিকাৰ প্ৰথম প্ৰাক্তন ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হয় ।

Convicted Former Leaders
কোন দেশৰ কোন প্ৰাক্তন ৰাষ্ট্ৰনেতা দোষী সাব্যস্ত হৈছিল (ETV Bharat)

বিশেষ প্ৰতিবেদন, ৩১ মে' : বৃহস্পতিবাৰে ঘোৰ অপৰাধৰ বাবে দোষী সাব্যস্ত হোৱা প্ৰথম প্ৰাক্তন আমেৰিকান ৰাষ্ট্ৰপতি হিচাপে ডোনাল্ড ট্ৰাম্প পৰিগণিত হোৱাৰ লগে লগে এনে ধৰণৰ প্ৰথম দোষী সাব্যস্ত হোৱা প্ৰাক্তন ৰাষ্ট্ৰপ্ৰধানসকলৰ বিষয়ে পুনৰ চৰ্চা আৰম্ভ হৈছে ।

উল্লেখ্য যে নিউয়ৰ্কৰ এক জুৰীয়ে প্ৰাক্তন আমেৰিকান ৰাষ্ট্ৰপতিগৰাকীক এগৰাকী পৰ্ণ তাৰকাক ধন পৰিশোধৰ জৰিয়তে ২০১৬ চনৰ নিৰ্বাচনত অবৈধভাৱে প্ৰভাৱ পেলোৱাৰ ষড়যন্ত্ৰ কৰা ৩৪ টা অভিযোগৰ আটাইকেইটাতে দোষী সাব্যস্ত কৰে । তেওঁ কৈছিল যে দুয়োজনে যৌন সম্ভোগ কৰিছিল ।

বিভিন্ন অপৰাধৰ বাবে দোষী সাব্যস্ত হোৱা বিভিন্ন দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপ্ৰধানসকলৰ ওপৰত আমাৰ এক আলোকপাত ।

ফ্ৰান্স

২০২১ চনৰ ছেপ্টেম্বৰত ফ্ৰান্সৰ প্ৰাক্তন ৰাষ্ট্ৰপতি নিকোলাছ চাৰ্কোজিক অবৈধ প্ৰচাৰৰ বিত্তীয় যোগানৰ বাবে দোষী সাব্যস্ত কৰা হয় । তেওঁক ১ বছৰৰ বাবে কাৰাদণ্ডৰে দণ্ডিত কৰা হয় । ২০১১ চনত জেক চিৰাকৰ পিছত দুৰ্নীতিৰ বাবে দোষী সাব্যস্ত হোৱা চাৰ্কোজি হৈছে ফ্ৰান্সৰ দ্বিতীয় আধুনিক ৰাষ্ট্ৰপতি ।

ব্ৰাজিল

Convicted Former Leaders
ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি লুলা ইনাচিঅ' লুলা দা চিলভা (ETV Bharat File Photo)

ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি লুলা ইনাচিঅ' লুলা দা ছিলভাক দুৰ্নীতিৰ বাবে ১২ বছৰৰ কাৰাদণ্ড বিহা হৈছিল । তেওঁৰ প্ৰতিদ্বন্দ্বী কনজাৰভেটিভ দলে ক্ষমতা দখল কৰাৰ পিচত এই শাস্তি বিহা হৈছিল । কিন্তু ২০১৯ চনত মাত্ৰ ৫৮০ দিন কাৰাগাৰত বন্দী হোৱাৰ পিচত তেওঁ মুক্ত হয় ।

ক্ৰোৱেছিয়া

Convicted Former Leaders
ক্ৰোৱেছিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইভো চানাডাৰ (ETV Bharat File Photo)

ক্ৰোৱেছিয়াৰ এখন আদালতে দেশখনৰ এগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীক দুৰ্নীতিৰ বাবে দোষী সাব্যস্ত কৰে । ব্যক্তিগত লাভৰ বাবে আৰু তেওঁৰ পূৰ্বৰ দলক লাভান্বিত কৰাৰ বাবে এটা বিজ্ঞাপন সংস্থাৰ জৰিয়তে ৰাষ্ট্ৰৰ ধন আত্মসাতৰ বাবে শুকুৰবাৰে তেওঁক আঠ বছৰৰ কাৰাদণ্ড প্ৰদান কৰে । জাগ্ৰেবৰ কাউণ্ট্ৰী কোৰ্টে ৰায় দিয়ে যে ইভো ছানাডাৰে অপৰাধমূলক কাৰ্যকলাপ কৰিবলৈ এটা দল গঠন কৰিছিল আৰু এই দলটোৱে তেওঁৰ নিৰ্দেশনা অনুসৰি কাম কৰিছিল । ৬৭ বছৰীয়া ছানাডাৰে ২০০৩ চনৰ পৰা ২০০৯ চনলৈ ক্ৰোৱেছিয়াৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

ইজৰাইল

Convicted Former Leaders
ইজৰাইলৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী এহুদ অ'লমাৰ্ট (ETV Bharat File Photo)

ইজৰাইলৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী এহুদ অ'লমাৰ্টক ২০১৫ চনত উৎকোচ গ্ৰহণ কৰাৰ বাবে দোষী সাব্যস্ত কৰা হৈছিল আৰু ১৬ মাহ কাৰাবাস খাটিছিল । আনহাতে, ২০১৫ চনত মুক্তি পোৱাৰ পূৰ্বে ইজৰাইলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মোছে কাৎচাৱে ধৰ্ষণৰ বাবে পাঁচ বছৰ কাৰাবাস খাটিছিল ।

টাইৱান

Convicted Former Leaders
টাইৱানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি চেন চুই-বিয়ান (ETV Bharat File Photo)

টাইৱানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি চেন ছুই-বিয়ানক ২০০৯ চনত দুৰ্নীতিৰ অভিযোগত ২০ বছৰৰ কাৰাদণ্ড দিয়া হৈছিল । কিন্তু মাত্ৰ ছয় বছৰৰ পিচত চিকিৎসা পেৰোলত তেওঁক মুক্তি দিয়া হৈছিল ।

ইটালী

চিলভিঅ' বাৰ্লুস্ক'নি : ইটালীৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চিলভিঅ' বাৰ্লুস্ক'নিয়ে তেওঁৰ ব্যৱসায় আৰু ৰাজনীতিৰ প্ৰায় সমগ্ৰ কেৰিয়াৰত সঁচাকৈয়ে অপৰাধমূলক অভিযোগৰ সৈতে যুঁজ দি আহিছে (সাধাৰণতে সফলতাৰে) । কৰ জালিয়াতিৰ বাবে চাৰি বছৰৰ কাৰাদণ্ডক 2014 চনত বৃদ্ধ ডিমেনচিয়া ৰোগীৰ সৈতে কাম কৰা সমাজ সেৱালৈ পৰিৱৰ্তন কৰা হৈছিল । সেই বছৰেই এগৰাকী কম বয়সীয়া বেশ্যাৰ সৈতে যৌন সম্ভোগৰ বাবে ধন পৰিশোধ কৰাৰ বাবে আন এটা গোচৰত তেওঁক দোষী সাব্যস্ত কৰা হৈছিল ।

গিউলিঅ' আন্দ্ৰিঅ'টি : ১৯৯৩ চনত ইটালীৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী মাফিয়াৰ সৈতে থকা সম্পৰ্কৰ বাবে তদন্তৰ সন্মুখীন হোৱা বহুকোইগৰাকী আগশাৰীৰ ব্যক্তিৰ ভিতৰত আছিল । ১৯৯৪ চনৰ জুলাই মাহত তেওঁক মাফিয়াৰ সদস্য হোৱাৰ বাবে আনুষ্ঠানিকভাৱে অভিযুক্ত কৰা হয় ।

দক্ষিণ কোৰিয়া

দেশৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি পাৰ্ক গিউন হাইক তেওঁৰ অপশাসনৰ বিৰুদ্ধে ৰাজপথত হোৱা বিশাল প্ৰতিবাদৰ পিচত ২০১৭ চনত উৎকোচৰ অভিযোগত অভিযুক্ত কৰা হৈছিল । তেওঁক পৰৱৰ্তী বছৰত উৎকোচ আৰু ক্ষমতাৰ অপব্যৱহাৰৰ বাবে দোষী সাব্যস্ত কৰা হৈছিল আৰু ৩০ বছৰৰ বাবে কাৰাবাসৰ শাস্তি লাভ কৰিছিল । কিন্তু কেইবাটাও আপীল, পুনৰ বিচাৰ আৰু পৰৱৰ্তী আপীলৰ ফলত তেওঁৰ শাস্তি 20 বছৰলৈ হ্ৰাস পাইছিল । 2021 চনৰ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে 20 বছৰৰ শাস্তি গ্ৰহণ কৰে আৰু সেয়া নিশ্চিত কৰে ।

লী মিয়ুং-বাক

২০১৮ চনৰ অক্টোবৰ মাহত দক্ষিণ কোৰিয়াৰ এখন আদালতে প্ৰাক্তন ৰাষ্ট্ৰপতি লী মিয়ুং-বাকক দুৰ্নীতিৰ বিভিন্ন অভিযোগত দোষী সাব্যস্ত কৰি ১৫ বছৰৰ কাৰাদণ্ড প্ৰদান কৰে । আদালতে তেওঁক জৰিমনা হিচাপে ১৩ বিলিয়ন ৱান (৮৪.৬ কোটি টকা) পৰিশোধ কৰিবলৈও নিৰ্দেশ দিছিল । লী হৈছে এগৰাকী প্ৰাক্তন ব্যৱসায়ী । 2008 আৰু 2013 চনৰ সময়ছোৱাত তেওঁ ৰাষ্ট্ৰপতি আছিল ।

দক্ষিণ আফ্ৰিকা

Convicted Former Leaders
দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেকব জুমা (ETV Bharat File Photo)

দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেকব জুমাই দুৰ্নীতি আৰু ধৰ্ষণকে ধৰি বিভিন্ন অভিযোগৰ বাবে বহু বছৰ ধৰি গোচৰৰ সন্মুখীন হৈছে ।

আৰ্জেণ্টিনা

আৰ্জেণ্টিনাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ক্ৰিষ্টিনা ফাৰ্ণাণ্ডেজ ডি কিৰ্চনাৰক ২০১৮ চনত উৎকোচৰ অভিযোগত অভিযুক্ত কৰা হৈছিল আৰু এতিয়াও তেওঁ বিচাৰাধীন হৈ আছে ।

কাজাকিস্তান

চেৰিক আখমেটভ ২০১২ চনৰ পৰা ২০১৪ চনৰ ভিতৰত কাজাকিস্তানৰ প্ৰধানমন্ত্ৰী আছিল । 2015 চনৰ শেষৰ ফালে তেওঁক ধন আত্মসাৎ কৰাৰ বাবে 10 বছৰৰ কাৰাদণ্ড বিহা হৈছিল । ৰাজনৈতিক পট পৰিৱৰ্তনৰ পিচত এক গণ বিচাৰত এই শাস্তি বিহা হয় । কিন্তু আপীল আৰু দোষ স্বীকাৰৰ লগতে তেওঁৰ পৰিয়ালে ৰাষ্ট্ৰখনক 200 নিযুততকৈ অধিক পৰিমাণৰ জৰিমনা পৰিশোধ কৰাৰ পিচত তেওঁৰ শাস্তি আঠ বছৰলৈ হ্ৰাস কৰা হৈছিল । তেওঁক দুবছৰ পিচত মুকলি কৰি দিয়া হৈছিল।

পাকিস্তান

নৱাজ শ্বৰীফ : নৱাজ শ্বৰীফ প্ৰায় এক দশক ধৰি পাকিস্তানৰ প্ৰধানমন্ত্ৰী আছিল । একেৰাহে তিনিটা কাৰ্যকালত তোওঁ দেশখৰ এগৰাকী ধনী নাগৰিক আৰু বিলিয়নেয়াৰ হিচাপে পৰিগণিত হৈছিল । 2018 চনত নৱাজ শ্বৰীফক 10 বছৰৰ কাৰাদণ্ড বিহা হৈছিল । অৱশ্যে তাৰ পিচত এক আপীলৰ সময়ত ২০১৮ চনৰ ডিচেম্বৰত মুকলি কৰি দিয়া হৈছিল । কিন্তু একেটা বছৰতে এটা পৃথক দুৰ্নীতিৰ গোচৰত তেওঁক সাত বছৰৰ বাবে দণ্ডিত কৰা হয় । অৱশ্যে তিনি মাহৰ পিচত চিকিৎসা গ্ৰহণৰ বাবে তেওঁক জামিন দিয়া হৈছিল আৰু তেওঁ ব্ৰিটেইনলৈ পলাই গৈছিল ।

ইমৰান খান : পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানকো দুৰ্নীতি আৰু গোপন তথ্য ফাদিল কৰাৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছে ।

Convicted Former Leaders
পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান (ETV Bharat File Photo)

চাইফাৰ গোচৰ

ইমৰান খানক 2022 চনত ৱাশ্বিংটনত পাকিস্তানৰ ৰাষ্ট্ৰদূতে ইছলামাবাদলৈ প্ৰেৰণ কৰা এক শ্ৰেণীবদ্ধ কেব'ল ৰাজহুৱা কৰাৰ বাবে 2024 চনৰ 30 জানুৱাৰীত দোষী সাব্যস্ত কৰা হৈছিল । ইয়াক সাধাৰণতে চাইফাৰ গোচৰ বুলি কোৱা হয় । তেওঁক ১০ বছৰৰ কাৰাদণ্ড বিহা হৈছিল । তেওঁ অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰিছে আৰু কৈছে যে বিষয়বস্তুবোৰ আন উৎসৰ পৰা সংবাদ মাধ্যমত প্ৰকাশ পাইছিল ।

তোশাখানা গোচৰ

তোশাখানা বা ৰাষ্ট্ৰীয় কোষাগাৰ গোচৰ বুলিও জনাজাত এই গোচৰত ইমৰান খানক পূৰ্বতে ২০২৩ চনৰ আগষ্টত আন এখন আদালতে ৰাষ্ট্ৰীয় দখলত থকা ১৪০ নিযুত টকাৰো (৫০১,০০০ ডলাৰ) অধিক মূল্যৰ উপহাৰ বিক্ৰী কৰাৰ বাবে তিনি বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছিল । তেওঁ ২০১৮-২০২২ চনৰ কাৰ্যকালত এই অপৰাধ সংঘটিত কৰা বুলি অভিযোগ উঠিছিল ।

মালয়েছিয়া

Convicted Former Leaders
মালয়েছিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নাজিব ৰাজাক (ETV Bharat File Photo)

২০২০ চনৰ ২৮ জুলাইত মালয়েছিয়াৰ এখন আদালতে প্ৰাক্তন প্ৰধানমন্ত্ৰী নাজিব ৰাজাক কেইবাটাও বহু মিলিয়ন ডলাৰৰ দুৰ্নীতিৰ বিচাৰৰ প্ৰথমটোত সাতটা গোচৰত দোষী সাব্যস্ত কৰি ১২ বছৰৰ কাৰাদণ্ড প্ৰদান কৰে । মালয়েছিয়াত এটা ৰাষ্ট্ৰীয় মালিকানাধীন সম্পদ পুঁজিক কেন্দ্ৰ কৰি হোৱা 1এমডিবি কেলেংকাৰীয়ে প্ৰৱঞ্চনা আৰু দুৰ্নীতিৰ এক বিশ্বজনীন জাল উন্মোচন কৰিছে ।

নাইজেৰিয়া

১৯৭০ৰ দশকৰ শেষৰ ফালে নাইজেৰিয়াৰ নেতা হিচাপে পৰিগণিত আৰু ১৯৯০ৰ দশকৰ মাজভাগত কিছু সময় জে'লত কটোৱাৰ পিচত অ'লুচেগুন অ'বাচাঞ্জোৱে ১৯৯৯ চনৰ পৰা ২০০৭ চনলৈ নাইজেৰিয়াৰ ৰাষ্ট্ৰপ্ৰধান হিচাপে পুনৰ উভতি আহে ।

ভাৰত

Convicted Former Leaders
ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাও (ETV Bharat File Photo)

২০০০ চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওক তিনি বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ১ লাখ টকাৰ জৰিমনা আৰোপ কৰা হৈছিল । ৩ কোটি টকাৰ ঝাৰখণ্ড মুক্তি মৰ্চা (জেএমএম) ধন পৰিশোধৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিচত তেওঁ এই শাস্তিৰ সন্মুখীন হৈছিল । কিন্তু ২০০২ চনত দিল্লী উচ্চ ন্যায়ালয়ে তেওঁৰ শাস্তি বাতিল কৰে ।

লগতে পঢ়ক :অপৰাধ নিয়ন্ত্রণ নহ’লেও বৃদ্ধি পাইছে অভিযুক্তক দোষী সাব্যস্তকৰণৰ হাৰ - Conviction Rate In Assam Rises

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.