ETV Bharat / international

দক্ষিণ চীন সাগৰত চীন আৰু ফিলিপাইনছৰ জাহাজৰ সংঘৰ্ষ - Chinese Philippine vessels collided

author img

By ETV Bharat Assamese Team

Published : Aug 19, 2024, 12:32 PM IST

Chinese Philippine vessels collided: দক্ষিণ চীন সাগৰত চীন আৰু ফিলিপাইনছৰ জাহাজৰ সংঘৰ্ষৰ ঘটনা বৃদ্ধি পাইছে । এইবাৰ পুনৰ দুয়োখন দেশৰ উপকূলৰক্ষী বাহিনীৰ জাহাজৰ সংঘৰ্ষ হয় । দুয়োপক্ষই এই সন্দৰ্ভত নিৰ্দোষিতাৰ প্ৰমাণস্বৰূপে বিবৃতি জাৰি কৰিছে ।

Chinese Philippine vessels collided
দক্ষিণ চীন সাগৰত চীন আৰু ফিলিপাইনছৰ জাহাজৰ সংঘৰ্ষ (AP Photos)

ইণ্টাৰনেশ্যনেল ডেস্ক,১৯ আগষ্ট : দক্ষিণ চীন সাগৰত চীনা আৰু ফিলিপাইনছৰ জাহাজৰ সংঘৰ্ষৰ খবৰ পোৱা গৈছে । বেইজিঙৰ উপকূলৰক্ষী বাহিনীয়ে কোৱা মতে দক্ষিণ চীন সাগৰৰ এক বিতৰ্কিত উপকূলৰ সমীপত সোমবাৰে চীনা আৰু ফিলিপাইনৰ জাহাজৰ মাজত সংঘৰ্ষ হয় ।

দক্ষিণ চীন সাগৰত বৰ্ধিত উত্তেজনা :

উল্লেখ্য যে যোৱা কেইবামাহ ধৰি চীন আৰু ফিলিপাইনছে গুৰুত্বপূৰ্ণ জলপথত সংঘৰ্ষৰ সন্মুখীন হৈছে । বেইজিঙে আন্তৰ্জাতিক ন্যায়াধিকৰণৰ ৰায় স্বত্বেও প্ৰায় সমগ্ৰ দক্ষিণ চীন সাগৰত আধিপত্য বিস্তাৰৰ প্ৰয়াস কৰি আহিছে । দেশখনে বিভিন্ন ধৰণৰ দাবী কৰি আহিছে যাৰ কোনো আইনী ভিত্তি নাই ।

চীনা পক্ষৰ স্পষ্টীকৰণ :

সোমবাৰৰ সংঘৰ্ষ সন্দৰ্ভত চীন উপকূলৰক্ষী বাহিনীৰ মুখপাত্ৰ গেং য়ুৱে কয় যে ফিলিপাইনছৰ এখন জাহাজে এখন চীনা জাহাজৰ সৈতে ইচ্ছাকৃতভাৱে সংঘৰ্ষত লিপ্ত হয় । তেওঁ কয়," ফিলিপাইনছৰ উপকূলৰক্ষী বাহিনীৰ জাহাজ...চীন চৰকাৰৰ অনুমতি অবিহনে নানছা দ্বীপপুঞ্জৰ জিয়ানবিন ৰিফৰ ওচৰত অবৈধভাৱে প্ৰৱেশ কৰিছিল । চীন উপকূলৰক্ষী বাহিনীয়ে আইনগতভাৱে ফিলিপাইনছৰ জাহাজসমূহৰ বিৰুদ্ধে নিয়ন্ত্ৰণমূলক ব্যৱস্থা গ্ৰহণ কৰে ।"

চীনা উপকূলৰক্ষী বাহিনীৰ উত্থাপন কৰা অভিযোগ আৰু ৰাজ্যিক সম্প্ৰচাৰক চিচিটিভিৰ দ্বাৰা শ্বেয়াৰ কৰা ঘটনাটো দেখুওৱা ফুটেজত দেখা গৈছে যে এখন জাহাজ, যাক চীনা ফালৰ পৰা ফিলিপাইনছৰ জাহাজ হিচাপে চিনাক্ত কৰা হৈছে, দৃশ্যত আগবাঢ়ি যোৱাৰ পূৰ্বে চীনা জাহাজ এখনৰ বাওঁফালে গৈছিল । আন এটা ১৫ ছেকেণ্ডৰ ক্লিপত চীনা জাহাজখনে ফিলিপাইনছৰ জাহাজখনৰ পিছফালৰ পৰা সম্পৰ্ক স্থাপন কৰা দেখা গৈছে । চিচিটিভিয়ে কৈছে যে ফিলিপাইনছৰ জাহাজখনে হঠাতে দিশ সলনি কৰে আৰু দুৰ্ঘটনাটো সংঘটিত হয় ।

ইফালে উপকূলৰক্ষী বাহিনীৰ মুখপাত্ৰজনে ফিলিপাইনছৰ জাহাজসমূহক অপেছাদাৰী আৰু বিপদজনক ধৰণে কাম কৰাৰ অভিযোগ উত্থাপন কৰে, যাৰ ফলত সংঘৰ্ষ হয় । চীনা পক্ষই এই ক্ষেত্ৰত ফিলিপাইনছক সকীয়নি প্ৰদান কৰে ।

ফিলিপাইনছ কৰ্তৃপক্ষৰ মতে সংঘৰ্ষত দুখন জাহাজ ক্ষতিগ্ৰস্ত হৈছে

চীনা কৰ্তৃপক্ষৰ বিপৰীতে ফিলিপাইনছ চৰকাৰে সোমবাৰে কয় যে তেওঁলোকৰ দুখন উপকূলৰক্ষী বাহিনীৰ জাহাজ চীনা জাহাজৰ সৈতে সংঘৰ্ষত ক্ষতিগ্ৰস্ত হয় । চীনা জাহাজে দক্ষিণ চীন সাগৰৰ এক বিতৰ্কিত উপকূলৰ সমীপত বেআইনী আৰু আক্ৰমণাত্মক কৌশল চলাই আছিল বুলিও অভিযোগ কৰিছে ।

লগতে পঢ়ক :পূব ৰাছিয়াৰ উপকূলত ৭.০ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ পিচতে শিভেলুচত আগ্নেয়গিৰি উদগীৰণ - Earthquake in Russia

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.