ETV Bharat / international

ইজৰাইল-ইৰাণ সংঘৰ্ষ: উত্তেজনা হ্ৰাস কৰাৰ আমেৰিকাৰ প্ৰয়াস অব্যাহত - Israel Iran war

author img

By ANI

Published : Apr 15, 2024, 10:12 AM IST

Israel Iran war: ইজৰাইলৰ ওপৰত ইৰাণৰ পোনপটীয়া আক্ৰমণক লৈ উদ্বিগ্ন আমেৰিকা । সংঘৰ্ষ হ্ৰাস কৰাৰ বাবে বিভিন্ন দেশৰ সৈতে আমেৰিকাৰ আলোচনা অব্যাহত আছে । আমেৰিকাৰ বিদেশ সচিব এণ্টনি ব্লিংকেনে দেওবাৰে তুৰ্কী, জৰ্ডান, ইজিপ্ত আৰু চৌদি আৰৱৰ নেতাসকলৰ সৈতে এই বিষয়ে আলোচনা কৰে ।

Israel Iran war
ইজৰাইল-ইৰাণ উত্তেজনা হ্ৰাস কৰাৰ আমেৰিকাৰ প্ৰয়াস অব্যাহত

ইণ্টাৰনেশ্যনেল ডেস্ক,১৫ এপ্ৰিল : পশ্চিম এছিয়াত উত্তেজনা অব্যাহত আছে । ইৰাণে ইজৰাইলত ড্ৰোণ আৰু মিছাইল আক্ৰমণ কৰাৰ লগে লগে বিশ্বজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইয়াৰ মাজতে আমেৰিকাৰ বিদেশ সচিব এণ্টনি ব্লিংকেনে দেওবাৰে তুৰ্কীৰ বিদেশ সচিব হাকান ফিদানৰ সৈতে ইৰাণ আৰু ইজৰাইলৰ সংঘৰ্ষৰ ওপৰত আলোচনা কৰে ।

তুৰ্কী নেতাৰ সৈতে হোৱা বাৰ্তালাপত সচিব ব্লিংকেনে অঞ্চলটোত উত্তেজনা অধিক বৃদ্ধি প্ৰতিহত কৰাৰ বাবে তেওঁৰ প্ৰচেষ্টাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । ইজৰাইলত ইৰাণৰ আক্ৰমণৰ পিচত আমেৰিকাৰ বিষয়াজনে ইজিপ্ত, জৰ্ডান আৰু চৌদি আৰৱত তেওঁৰ সমকক্ষসকলৰ সৈতেও কথা পাতিছিল ৷

ব্লিংকেনে অঞ্চলটোত এক সমন্বিত কূটনৈতিক সঁহাৰিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে ৷ জৰ্ডান আৰু ইজিপ্তত নেতাসকলৰ সৈতে হোৱা বাৰ্তালাপত ব্লিংকেনে গাজাৰ সংকটৰ স্থায়ী সমাপ্তি লাভ কৰাৰ তাৎপৰ্যৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ।

মুখপাত্ৰ মিলাৰে চৌদিৰ বৈদেশিক মন্ত্ৰী ফৈজল বিন ফাৰহানৰ সৈতে সচিব ব্লিংকেনৰ বাৰ্তালাপৰ বিষয়ে বিৱৰণ ব্যক্ত কৰি কয় যে চৌদিৰ বৈদেশিক মন্ত্ৰী প্ৰিন্স ফৈজল বিন ফাৰহানৰ সৈতে ইজৰাইলত সামৰিক সুবিধাসমূহৰ বিৰুদ্ধে যোৱা নিশা সংঘটিত অভূতপূৰ্ব বিমান আক্ৰমণৰ বিষয়ে আলোচনা কৰিবলৈ আৰু কূটনৈতিক সঁহাৰিৰ ওপৰত সমন্বয় ৰখাৰ বাবে কথা পাতিছিল ।

ইফালে, ইৰাণৰ ক্ষেপণাস্ত্ৰ আৰু ড্ৰোণ আক্ৰমণৰ প্ৰতি ইজৰাইলে কেনেদৰে সঁহাৰি দিব সেই সন্দৰ্ভত কোনো সিদ্ধান্ত নোলোৱাকৈ দেওবাৰে নিশা ইজৰাইলৰ যুদ্ধ কেবিনেটৰ বৈঠক সমাপ্ত হয় বুলি জানিব পৰা গৈছে ।

কেবিনেটে সঁহাৰি দিবলৈ সংকল্পবদ্ধ কিন্তু এতিয়াও সময় আৰু পৰিসৰৰ বিষয়ে সিদ্ধান্ত লোৱা নাই আৰু এগৰাকী বিষয়াই কয় যে সামৰিক বাহিনীক সঁহাৰিৰ বাবে অতিৰিক্ত বিকল্প ৰখাৰ দায়িত্ব দিয়া হৈছে ।

শেহতীয়া তথ্য অনুসৰি ইৰাণে প্ৰথমবাৰৰ বাবে ইজৰাইলৰ ওপৰত পোনপটীয়া আক্ৰমণ কৰিছিল । ইহুদী ৰাষ্ট্ৰৰ ফালে ৩০০ তকৈও অধিক ড্ৰোণ আৰু মিছাইল নিক্ষেপ কৰিছিল । অৱশ্যে দেশখনৰ উন্নত বায়ু প্ৰতিৰক্ষা প্ৰণালীয়ে এই মিছাইল আৰু ড্ৰোণসমূহক বাধা আৰু নিষ্ক্ৰিয় কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক :ইজৰাইলৰ ওপৰত কিয় আক্ৰমণ চলাইছে ইৰাণে ? - Iran Missile Attack In Israel

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.