ETV Bharat / international

প্ৰতিবাদত জ্বলিছে বাংলাদেশ, দেশজুৰি কাৰ্ফিউ জাৰি : ডাউকিৰে মেঘালয়ত প্ৰৱেশ আৰু ৩৬০ লোক - Bangladesh violence

author img

By PTI

Published : Jul 20, 2024, 10:10 AM IST

Bangladesh Imposes Nationwide Curfew : হিংসাত্মক সংঘৰ্ষৰ মাজতে বাংলাদেশে চৰকাৰী চাকৰি আৱণ্টনক লৈ সংকটৰ সন্মুখীন হৈছে । কোটা ব্যৱস্থাৰে প্ৰাক্তন কৰ্মচাৰীসকলৰ আত্মীয়ক লাভান্বিত কৰাৰ ব্যৱস্থা বাতিলৰ দাবীত দেশজুৰি প্ৰতিবাদ আৰম্ভ হৈছে । প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ প্ৰশাসনে কাৰ্ফিউ জাৰি কৰিছে আৰু আইন-শৃংখলা পৰিস্থিতি পুনৰুদ্ধাৰৰ বাবে সামৰিক বাহিনী মোতায়েন কৰিছে ।

Bangladesh Imposes Nationwide Curfew
বাংলাদেশৰ ঢাকাৰ বাহিৰৰ চাভাৰৰ জাহাংগীৰ নগৰ বিশ্ববিদ্যালয়ত কোটা ব্যৱস্থাক লৈ ছাত্ৰ-ছাত্ৰীৰ মাজত সংঘৰ্ষ (AP Photo)

নিউজ ডেস্ক, ২০ জুলাই : প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ চৰকাৰে শুকুৰবাৰে সমগ্ৰ বাংলাদেশতে কাৰ্ফিউ ঘোষণা কৰে । লগতে চৰকাৰী চাকৰিত কোটা সংৰক্ষণক লৈ কেইবাদিনো ধৰি হোৱা মাৰাত্মক সংঘৰ্ষৰ পিচত শান্তি-শৃংখলা বজাই ৰাখিবলৈ সামৰিক বাহিনী মোতায়েনৰ নিৰ্দেশ দিয়ে ।

শাসনাধিষ্ঠিত আৱামী লীগ দলৰ সাধাৰণ সম্পাদক ওবেদুল কাদেৰে এই ঘোষণা কৰে । প্ৰথমতে আৰক্ষী আৰু নিৰাপত্তা বিষয়াসকলে প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা আৰু ৰাজধানীৰ সকলো সমাৱেশ নিষিদ্ধ কৰাৰ পিচত এই ঘোষণা কৰা হয় । সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, এই প্ৰতিবাদত কেইবাজনো লোক নিহত হৈছে ।

কাদেৰে কয় যে অসামৰিক প্ৰশাসনক শান্তি-শৃংখলা বজাই ৰখাত সহায় কৰিবলৈ সামৰিক বাহিনী মোতায়েন কৰা হৈছে । উল্লেখ্য, বিগত সপ্তাহতে উমি উমি জ্বলি থকা প্ৰতিবাদৰ জুইকুৰা এই সপ্তাহৰ আৰম্ভণিতে তীব্ৰ ৰূপ লয় । যাৰ ফলত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আহি পৰিছে । জানুৱাৰী মাহত নিৰ্বাচনৰ পিচত একেৰাহে চতুৰ্থটো কাৰ্যকালৰ বাবে জয়ী হোৱাৰ পিচত তেওঁ আটাইতকৈ কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে । উল্লেখ্য যে দেশ মুখ্য বিৰোধী দলবোৰে উক্ত নিৰ্বাচন বৰ্জন কৰিছিল ।

আনহাতে, শুকুৰবাৰে নিহত লোকৰ সংখ্যাৰ বিভিন্ন প্ৰতিবেদন পোৱা গৈছে । ইণ্ডিপেণ্ডেণ্ট টেলিভিছনে ১৭ জন নিহত হোৱাৰ তথ্য প্ৰকাশৰ বিপৰীতে সময় টিভিয়ে ৩০ জনৰ মৃত্যু হোৱা বুলি উল্লেখ কৰে । ইয়াৰ উপৰি এছ'চিয়েটেড প্ৰেছৰ এগৰাকী সাংবাদিকে ঢাকা চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ২৩ টা মৃতদেহ প্ৰত্যক্ষ কৰা বুলি উল্লেখ কৰে । অৱশ্যে প্ৰকৃত মৃত্যুৰ সংখ্যা এতিয়াও চৰকাৰীভাৱে প্ৰকাশ কৰা নাই ।

ইফালে স্থানীয় সংবাদ মাধ্যমৰ মতে, বৃহস্পতিবাৰে ২২ জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছিল । উল্লেখ্য যে এই দিনটো বাংলাদেশত এতিয়ালৈকে প্ৰদৰ্শন কৰা আটাইতকৈ ৰক্তক্ষয়ী দিন আছিল । কিয়নো প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে দেশখন সম্পূৰ্ণৰূপে অচল কৰিবলৈ চেষ্টা কৰিছিল ।

আনহাতে, এই ৰক্তক্ষয়ী প্ৰতিবাদৰ মাজতে ভাৰত, নেপাল আৰু ভূটানৰ আৰু ৩৬০ জনতকৈও অধিক নাগৰিকে হিংসাপ্ৰভাৱিত বাংলাদেশৰ পৰা মেঘালয়লৈ পলায়ন কৰিছে । যাৰ ফলত ৰাজ্যখনত আশ্ৰয় লোৱা লোকৰ সংখ্যা মুঠ ৬৭০ জনতকৈ অধিক হোৱা বুলি মেঘালয় চৰকাৰৰ সূত্ৰত প্ৰকাশ ।

গৃহ বিভাগৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে শুকুৰবাৰে ডাউকি ইণ্টিগ্ৰেটেড চেক পোষ্টৰ জৰিয়তে ৩৬৩ জন লোক মেঘালয়ত উপস্থিত হয় । তেওঁলোকৰ ভিতৰত ২০৪ গৰাকী ভাৰতীয়, ১৫৮ গৰাকী নেপালী আৰু এগৰাকী ভূটানৰ নাগৰিক । এতিয়ালৈকে মেঘালয়ৰ ৮০ গৰাকী ৰাজ্যখনলৈ উভতি আহিছে । তেওঁলোকৰ বেছিভাগেই শিক্ষাৰ্থী । এই ৮০ গৰাকীৰ ভিতৰত ১৩ গৰাকীয়ে শুকুৰবাৰে গৃহৰাজ্যত প্ৰৱেশ কৰে ।

আনহাতে, মেঘালয় চৰকাৰে চুবুৰীয়া দেশখনত সংঘটিত হিংসাত্মক ঘটনাৰ বাবে বাংলাদেশত থকা ৰাজ্যখনৰ নাগৰিকসকলক সহায় কৰিবলৈ ১৮০০-৩৪৫-৩৬৪৪ নম্বৰৰ এটা হেল্পলাইন নম্বৰ সক্ৰিয় কৰিছে ।

লগতে পঢ়ক :ডাউকি চেক পোষ্টেৰে বাংলাদেশৰ পৰা স্থানান্তৰ ৪০৫ ভাৰতীয় শিক্ষাৰ্থী : মেঘালয়ৰ মুখ্যমন্ত্ৰী - Bangladesh Violence
লগতে পঢ়ক :শিক্ষাৰ্থীৰ প্ৰতিবাদত জ্বলিছে বাংলাদেশ - Bangladesh violence

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.