ETV Bharat / international

শান্তিপূৰ্ণ প্ৰতিবাদকাৰীক হেঁচা প্ৰয়োগ নকৰিবলৈ পাকিস্তানক সৰ্তকবাণী বেলুচ অধিকাৰ কৰ্মীৰ - Baloch National Gathering

author img

By ANI

Published : Jul 21, 2024, 5:25 PM IST

Baloch activist Maharang Baloch : বেলুচ অধিকাৰ কৰ্মীৰ পাকিস্তানলৈ সৰ্তকবাণী ৷ 28 জুলাইত অনুষ্ঠিত হ’বলগীয়া বেলুচ ৰাষ্ট্ৰীয় সমাৱেশত অংশগ্ৰহণকাৰী শান্তিপূৰ্ণ প্ৰতিবাদকাৰীৰ ওপৰত বল প্ৰয়োগ নকৰিবলৈ দেশখনলৈ সকীয়নি প্ৰদান কৰে নেত্ৰীগৰাকীয়ে ৷

Baloch activist warns Pakistan against using force on peaceful protesters
বেলুচ অধিকাৰ কৰ্মী মহাৰাং বেলুচ (ANI)

ইণ্টাৰনেশ্যনেল ডেস্ক, 21 জুলাই: 28 জুলাইত অনুষ্ঠিত হ’ব বেলুচ ৰাষ্ট্ৰীয় সমাৱেশ ৷ এই সমাৱেশৰ পূৰ্বে বেলুচ অধিকাৰ কৰ্মী মহাৰাং বেলুচে পাকিস্তানক সতৰ্কবাণী জাৰি কৰি কয় যে যদি ৰাষ্ট্ৰই বেলুচ জনসাধাৰণৰ শান্তিপূৰ্ণ প্ৰতিবাদ দমন কৰিবলৈ বল প্ৰয়োগ কৰে তেন্তে তাৰ ফলত হোৱা পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ পৰিব ।

মহাৰাং বেলুচে X যোগে কয়, "যদি ৰাষ্ট্ৰই শান্তিপূৰ্ণ জনসমাৱেশ ৰোধ কৰিবলৈ বল প্ৰয়োগ কৰে, তেন্তে যি পৰিস্থিতিৰ সৃষ্টি হ’ব সেয়া ৰাষ্ট্ৰই কল্পনা কৰিব নোৱাৰিব ৷ জনসমাবেশ নিয়ন্ত্ৰণ কৰাটো অসম্ভৱ ।"

শনিবাৰে বেলুচ অধিকাৰ কৰ্মীগৰাকীয়ে এক বিবৃতি প্ৰকাশ কৰি বেলুচ জনসাধাৰণক 28 জুলাইত একত্ৰিত হৈ বিশ্বৰ আগত নিজৰ ঐক্য প্ৰমাণ কৰিবলৈ আহ্বান জনায় । তদুপৰি এই দিনটো বেলুচ জাতিৰ বাবে নিজৰ শক্তি আৰু সভ্যতাক বিশ্ববাসীৰ আগত দেখুৱাবলৈ এক সুযোগ বুলি দাবী কৰে ৷ লগতে এই দিনটোত তেওঁলোকৰ ঐক্য আৰু সংহতি প্ৰদৰ্শন কৰিবলৈ উৎসাহিত কৰে ।

মহাৰাং বেলুচে কয়, "মই বেলুচ জাতিটোক আকৌ এবাৰ আহ্বান জনাইছো যে যদি আপুনি বেলুচ জাতিটোক বচাব বিচাৰে, যদি আপুনি ঐক্যৱদ্ধ জাতিৰ প্ৰমাণ বিশ্বৰ আগত দাঙি ধৰিব বিচাৰে, তেন্তে 28 জুলাই হ’ল বেলুচক এক সংযুক্ত আৰু সভ্য জাতি হিচাপে প্ৰমাণ কৰাৰ দিন ।"

ইয়াৰোপৰি নেত্ৰীগৰাকীয়ে আন দেশসমূহক পাকিস্তানী ৰাষ্ট্ৰক হেঁচা প্ৰয়োগ কৰাৰ পৰা বিৰত থাকিবলৈও আহ্বান জনায় । লগতে, তেওঁলোক সদায়ে শান্তিপূৰ্ণ প্ৰতিবাদৰ প্ৰতি দায়ৱদ্ধ বুলিও দাবী কৰে ৷

মহাৰাং বেলুচে কয়, "আমি শান্তিপূৰ্ণ আছিলো, আমি শান্তিপূৰ্ণ আৰু আমি শান্তিপূৰ্ণ হৈয়েই থাকিম । জাতীয় জ্ঞান, সজাগতা আৰু চেতনা আমাৰ প্ৰথম অগ্ৰাধিকাৰ । বেলুচ ৰাষ্ট্ৰীয় ঐক্য কাৰাভান আজি সমগ্ৰ বেলুচ জাতিৰ বাবে এক দায়িত্বশীল সংগঠন ৷ ইয়াৰ জাতীয় দায়িত্ব ভালদৰে বুজি পাওঁ আৰু পালন কৰো ।"

লগতে পঢ়ক: পাকিস্তানৰ দ্বিতীয় সৰ্ববৃহৎ নৌসেনা ঘাটিত বেলুচ যুঁজাৰুৰ আক্ৰমণ; ৪ বিদ্ৰোহী নিহত - pakistan Naval Airbase attack

পাক সেনাৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনাৰ দায়িত্ব স্বীকাৰ বালুচ লিবাৰেশ্যন আৰ্মীৰ

কঠুৱা সন্ত্ৰাসবাদী আক্ৰমণ; ৰাষ্ট্ৰপতিয়ে ক’লে কাপুৰুষালি; পাকিস্তানক সন্ত্ৰাসবাদ বন্ধ কৰিবলৈ আহ্বান ফাৰুক আব্দুল্লাৰ - Kathua terror attack

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.