ETV Bharat / international

আছাদ যুগৰ অৱসানৰ পিচদিনাই ছিৰিয়াত ইজৰাইলৰ আক্ৰমণ - ASSAD REGIME COLLAPSE

ইজৰাইলৰ বৈদেশিক মন্ত্ৰী গিডিয়ন ছাৰে প্ৰকাশ কৰিছে যে 'আমাৰ একমাত্ৰ গুৰুত্ব হৈছে ইজৰাইল আৰু ইয়াৰ নাগৰিকৰ নিৰাপত্তা' ।

ISRAEL STRIKE SYRIA
আছাদ যুগৰ অৱসানৰ পিচদিনাই ছিৰিয়াত ইজৰাইলৰ আক্ৰমণ (AP)
author img

By ETV Bharat Assamese Team

Published : Dec 9, 2024, 3:47 PM IST

জেৰুজালেম : ইজৰাইলে ছিৰিয়াত সন্দেহজনক ৰাসায়নিক অস্ত্ৰভাণ্ডাৰৰ স্থান আৰু দীৰ্ঘ দূৰত্বৰ ৰকেটৰ ওপৰত আক্ৰমণ কৰে । শত্ৰুপক্ষৰ হাতত যাতে এই অস্ত্ৰবোৰ নপৰে তাৰ বাবেই এই আক্ৰমণ বুলি দেশখনৰ বৈদেশিক মন্ত্ৰীয়ে সোমবাৰে কয় ।

"আমাৰ একমাত্ৰ গুৰুত্ব হৈছে ইজৰাইল আৰু ইয়াৰ নাগৰিকসকলৰ নিৰাপত্তা ।" গিডিয়ন ছাৰেয়ে সোমবাৰে সাংবাদিকৰ আগত কয় । তেওঁ লগতে কয়, "সেয়েহে আমি কৌশলগত অস্ত্ৰ ব্যৱস্থা যেনে বাকী থকা ৰাসায়নিক অস্ত্ৰ বা দীৰ্ঘ দূৰত্বৰ মিছাইল আৰু ৰকেটৰ ওপৰত আক্ৰমণ কৰোঁ, যাতে সেইবোৰ সন্ত্ৰাসবাদীৰ হাতত নপৰে ।"

উল্লেখ্য যে ছিৰিয়াৰ বিদ্ৰোহীসকলে শনিবাৰে ডামাস্কাছ দখল কৰি প্ৰায় ১৪ বছৰৰ গৃহযুদ্ধৰ পিচত ৰাষ্ট্ৰপতি বাশ্বাৰ অল আছাদৰ চৰকাৰক উৎখাত কৰে । যাৰ ফলত অধিক শান্তিপূৰ্ণ ভৱিষ্যতৰ আশা বৃদ্ধি হৈছে । কিন্তু লগতে দেশখনত এক সম্ভাৱ্য নিৰাপত্তাহীনতাৰ বিষয়েও চিন্তাৰ উদ্ৰেক হৈছে । কিয়নো দেশখন এতিয়াও সশস্ত্ৰ গোটবোৰৰ মাজত বিভক্ত হৈ আছে ।

এছ'চিয়েটেড প্ৰেছৰ ডামাস্কাছৰ এগৰাকী সাংবাদিকে দেওবাৰে ৰাজধানীৰ দক্ষিণ-পশ্চিমে থকা মেজেহ সামৰিক বিমানবন্দৰ এলেকাত বিমান আক্ৰমণৰ খবৰ প্ৰদান কৰিছে । বিমানবন্দৰটো পূৰ্বতে ইজৰাইলী বিমান আক্ৰমণে লক্ষ্য কৰি লৈছিল । কিন্তু শেহতীয়া আক্ৰমণটো কোনে সংঘটিত কৰিছে সেয়া তাৎক্ষণিকভাৱে স্পষ্ট হোৱা নাই । ছাৰেয়ে আক্ৰমণ কেতিয়া সংঘটিত হয় সেই বিষয়েও কোনো তথ্য প্ৰদান কৰা নাই ।

উল্লেখ্য যে ইজৰাইলে শেহতীয়া বছৰবোৰত ছিৰিয়াত শতাধিক বিমান আক্ৰমণ চলাইছে । ইৰাণ আৰু লেবাননৰ হিজবুল্লা সন্ত্ৰাসবাদী গোটৰ সৈতে সম্পৰ্কিত সামৰিক স্থানসমূহক লক্ষ্য কৰি এই আক্ৰমণ চলায়, যি দুয়োটা গোটে আছাদৰ ঘনিষ্ঠ মিত্ৰ আছিল । অৱশ্যে ইজৰাইলী বিষয়াসকলে ব্যক্তিগত আক্ৰমণৰ ওপৰত কেতিয়াবাহে মন্তব্য কৰিছে ।

২০১৩ চনত ডামাস্কাছৰ ওচৰত আক্ৰমণ আৰম্ভ কৰাৰ অভিযোগ চৰকাৰৰ ওপৰত উত্থাপিত হোৱাৰ পিচত ছিৰিয়াই ইয়াৰ ৰাসায়নিক অস্ত্ৰৰ ভাণ্ডাৰ ত্যাগ কৰিবলৈ সন্মত হৈছিল । এই আক্ৰমণত শ শ লোক নিহত হৈছিল । অৱশ্যে দেশখনে কিছুমান অস্ত্ৰ-শস্ত্ৰ এতিয়াও মজুত ৰখা বুলি ব্যাপক চৰ্চা চলি আছে আৰু পৰৱৰ্তী বছৰবোৰত সেইবোৰ পুনৰ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক :ছিৰিয়াত আছাদৰ পতন: ভাৰতে কি স্থিতি গ্ৰহণ কৰা উচিত !
লগতে পঢ়ক :ছিৰিয়াৰ ৰাষ্ট্ৰপতিৰ পলায়ন, ৰাছিয়াই দিছে আশ্ৰয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.