ইণ্টাৰনেশ্যনেল ডেস্ক,১৭ মাৰ্চ : হামাছৰ বিৰুদ্ধে ইজৰাইলী সেনাৰ অভিযান অব্যাহত আছে । ইজৰাইলী সেনাই দেওবাৰে পুৱা পুনৰ গাজা ষ্ট্ৰিপত অভিযান চলায় । ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে জনোৱা মতে স্নাইপাৰ, শ্বেল আৰু আকাশী আক্ৰমণৰ ফলত গাজাত প্ৰায় ১৮ সন্ত্ৰাসবাদী নিহত হয় । প্ৰতিৰক্ষা বাহিনীৰ মতে সেনাবাহিনীৰ সমীপতে সক্ৰিয় হৈ থকা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এয়াৰ ষ্ট্ৰাইকৰ নিৰ্দেশ দিয়া হৈছিল । য'ত ৪ সন্ত্ৰাসবাদী নিহত হয় ।
ইয়াৰ উপৰিও, স্থল বাহিনীয়ে হামাছৰ এক গোপন স্থানত প্ৰৱেশ কৰি ৩ সন্ত্ৰাসবাদীক লক্ষ্য কৰি লয় । একেদৰে ইজৰাইলী বিমানে সন্ত্ৰাসবাদীক লক্ষ্য কৰি আক্ৰমণ কৰে য'ত আন এটা সন্ত্ৰাসবাদী নিহত হয় । সমান্তৰালকৈ খান য়ুনিছত সেনা বাহিনীয়ে মটৰ চাইকেলত সামৰিক সঁজুলি লোড কৰা দুই সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰে । ইজৰাইলী বিমানৰ আক্ৰমণত সেনাৰ ফালে আগবাঢ়ি আহি থকা আন দুই সন্ত্ৰাসবাদীও নিহত হয় ।
প্ৰতিৰক্ষা বাহিনীয়ে জনোৱা মতে স্থল আৰু বায়ু সেনাৰ এক যুটীয়া অভিযানৰ সময়ত এটা সন্ত্ৰাসবাদী নিহত হয় । অভিযানৰ সময়ত সেনা বাহিনীয়ে খান য়ুনিছতো অস্ত্ৰ-শস্ত্ৰ জব্দ কৰে ৷
উল্লেখ্য যে খান য়ুনিছ গাজাৰ দ্বিতীয় বৃহত্তম চহৰ আৰু ইয়াক হামাছ নেতা য়াহিয়া ছিনৱাৰৰ ব্যক্তিগত দুৰ্গ হিচাপে গণ্য কৰা হয় ৷ ইয়াৰ উত্তৰ দিশত ইজৰাইলী যুঁজাৰু বিমানে শনিবাৰে নিশা ক্ফাৰকেলাৰ দক্ষিণ লেবানন অঞ্চলত হিজবুল্লাহৰ পৰ্যবেক্ষণ চকীত আক্ৰমণ কৰে ৷ লগতে নিশাটোৰ ভিতৰতে লেবাননৰ পৰা গাজা আৰু হাৰ ডভ অঞ্চললৈ কেইবাটাও মিছাইল উৎক্ষেপণ কৰে । শনিবাৰে ইজৰাইলী যুঁজাৰু বিমানে ইজৰাইলৰ চহৰৰ ফালে ৰকেট নিক্ষেপৰ প্ৰতিক্ৰিয়া স্বৰূপে দক্ষিণ লেবাননৰ এটা হিজবুল্লাহ সামৰিক চৌহদত আক্ৰমণ কৰে ।
লগতে পঢ়ক :ৰাফাত সামৰিক অভিযানৰ পুনৰ হুংকাৰ ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ