ETV Bharat / health

বিশ্ব দুগ্ধ দিৱস: বিশ্বৰ খাদ্য ব্যৱস্থাত দুগ্ধজাত সামগ্ৰীৰ গুৰুত্বপূৰ্ণ ভূমিকা - World Milk Day 2024

author img

By ETV Bharat Assamese Team

Published : May 31, 2024, 11:47 PM IST

Milk revolution in India: প্ৰতি বছৰে ১ জুনত বিশ্ব দুগ্ধ দিৱস পালন কৰা হয় । ২০০১ চনত ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাই (FAO) গাখীৰক বিশ্বব্যাপী খাদ্য হিচাপে গুৰুত্ব দিবলৈ আৰু দুগ্ধ খণ্ডৰ বিকাশৰ বাবে আৰম্ভ কৰিছিল এই দিৱস ।

Milk revolution in India
World Milk Day 2024 (ETV Bharat Assam)

সমগ্ৰ বিশ্বতে প্ৰতি বছৰে ১ জুনত বিশ্ব দুগ্ধ দিৱস পালন কৰা হয় । ই বিশ্বৰ খাদ্য ব্যৱস্থাত দুগ্ধজাত সামগ্ৰীৰ গুৰুত্বপূৰ্ণ ভূমিকাক উনুকিয়াই দিয়ে, যিয়ে বিশ্বৰ জনসংখ্যাৰ এক বৃহৎ অংশক অৰ্থনৈতিক, পুষ্টি আৰু সামাজিক সুবিধা প্ৰদান কৰে । ২০০১ চনত ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাই (FAO) গাখীৰক বিশ্বব্যাপী খাদ্য হিচাপে গুৰুত্ব স্বীকাৰ কৰিবলৈ, আৰু দুগ্ধ খণ্ডৰ বিকাশৰ লক্ষ্যৰে বিশ্ব দুগ্ধ দিৱস আৰম্ভ কৰিছিল ।

২০২৪ চনৰ বিশ্ব দুগ্ধ দিৱসৰ বিষয়বস্তু: এইবাৰৰ বিষয়বস্তুত বিশ্ব পুষ্টিৰ বাবে গুণগত পুষ্টি প্ৰদানৰ ক্ষেত্ৰত দুগ্ধজাত সামগ্ৰীয়ে লোৱা গুৰুত্বপূৰ্ণ ভূমিকাক উদযাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব । দুগ্ধজাত সামগ্ৰী হৈছে এক সুলভ আৰু পুষ্টিকৰ উপাদান ৷ ই সমগ্ৰ বিশ্বতে সুষম খাদ্যৰ এক অপৰিহাৰ্য অংশ ।

লগতে পঢ়ক: সুস্বাদু আমৰ মিল্কশ্বেকে আপোনাৰ স্বাস্থ্যৰ বাবে মাতিব পাৰে বিপদ ! - Mango Shake

গাখীৰৰ ইতিহাস: গাখীৰৰ ইতিহাস নৱপ্ৰস্তৰ যুগৰ পৰাই অৰ্থাৎ প্ৰায় ৯০০০-৭০০০ খ্ৰীষ্টপূৰ্বৰ পৰাই আৰম্ভ হয় । যেতিয়া মানুহে গাখীৰ খাবলৈ আৰম্ভ কৰিছিল । এই সময়ত মানুহে পোহনীয়া জীৱ-জন্তু ৰাখিছিল আৰু গাখীৰৰ পৰা পুষ্টিকৰ উপাদান আহৰণ কৰিবলৈ সক্ষম হৈছিল ।

কিন্তু প্ৰাপ্তবয়স্কৰ লেক্ট’জ সহনশীলতা হেৰাই গৈছিল আৰু আদিম মানৱৰ বেছিভাগেই কিম্বন কৰা দুগ্ধজাত সামগ্ৰী পান কৰিছিল । গাখীৰ অধিক ব্যাপকভাৱে উপলব্ধ হোৱাৰ লগে লগে ই আদিম মানুহৰ বাবে পুষ্টিৰ এক গুৰুত্বপূৰ্ণ উৎস হৈ পৰিছিল ।

পৃথিৱীৰ কোনো কোনো ঠাইত মাংসৰ বিকল্প হিচাপে গাখীৰ ব্যৱহাৰ কৰা হৈছিল । ধৰ্মীয় কামতো ইয়াক ব্যৱহাৰ কৰা হৈছিল, কিয়নো কিছুমান লোকে বিশ্বাস কৰিছিল যে সৃষ্টিকৰ্তাই পৃথিৱীলৈ গাখীৰ পঠিয়াইছে ।

লগতে পঢ়ক: আন্তৰ্জাতিক আলু দিৱস: আলুৰ উপকাৰিতা সমূহ জানেনে ? - International Day Of Potato

ভাৰতত গাখীৰ বিপ্লৱ: ১৯৭০ চনত ভাৰতে প্ৰয়াত ড৹ ভাৰ্গেজ কুৰিয়েনৰ নেতৃত্বত বিশ্বৰ আটাইতকৈ ডাঙৰ দুগ্ধ উন্নয়ন কাৰ্যসূচী ‘শ্বেত বিপ্লৱ’ৰ সূচনা কৰে । অন্যথা জনাজাত ‘অপাৰেচন ফ্লাডে’ দুগ্ধজাত সামগ্ৰীৰ অভাৱত ভোগা দেশখনক গাখীৰ উৎপাদনৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশলৈ ৰূপান্তৰিত কৰিলে । ভাৰতৰ গ্ৰাম্য অঞ্চলত বসবাস কৰা লাখ লাখ লোকৰ বাবে দুগ্ধ উৎপাদন কৰ্মসংস্থাপন আৰু উপাৰ্জনৰ সৰ্ববৃহৎ উৎস হৈ পৰিছিল ।

গাখীৰ খোৱাৰ স্বাস্থ্য উপকাৰীতা:

  • গাখীৰত পুষ্টিকৰ উপাদান থাকে
  • ই গুণগত মানৰ প্ৰ’টিনৰ ভাল উৎস
  • গাখীৰে হাড়ৰ স্বাস্থ্যৰ উপকাৰ কৰে
  • ই ওজন বৃদ্ধি ৰোধ কৰাত সহায় কৰে
  • গাখীৰ বহুমুখী উপাদান : গাখীৰ হৈছে এক পুষ্টিকৰ পানীয় যিয়ে স্বাস্থ্যৰ বাবে কেইবাটাও উপকাৰ প্ৰদান কৰে । তদুপৰি ই বহুমুখী উপাদান যিটো আপোনাৰ খাদ্যত সহজেই যোগ কৰিব পাৰি

লগতে পঢ়ক: আপুনি কেঁচা গাখীৰ খায় নেকি ? তেন্তে সৰ্বনাশ ! - INFLUENZA TYPE A H5N1

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.