ETV Bharat / health

উচ্চ ৰক্তচাপৰ হাত সাৰিবলৈ পঢ়ক এই প্ৰতিবেদন - WORLD HYPERTENSION DAY 2024

author img

By ETV Bharat Assamese Team

Published : May 16, 2024, 12:09 PM IST

World Hypertension Day 2024: উচ্চ ৰক্তচাপৰ ফলত বহুতো গুৰুতৰ ৰোগৰ সূত্ৰপাত ঘটিব পাৰে, সেয়ে ইয়াৰ পৰা হাত সাৰিবলৈ আমি কি কৰা উচিত ৷ এই বিষয়ে লক্ষ্ণৌৰ কেয়াৰ ইনষ্টিটিউট অৱ লাইফ চাইন্সেছৰ চিকিৎসক ডাঃ সীমা যাদৱে কি কয়, জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

World Hypertension Day 2024: These 5 supplements help in controlling high BP, know their benefits
উচ্চ ৰক্তচাপৰ হাত সাৰিবলৈ পঢ়ক এই প্ৰতিবেদন (SOURCE: FREEPIK)

১৭ মে’ত সমগ্ৰ বিশ্বতে বিশ্ব উচ্চ ৰক্তচাপ দিৱস ২০২৪ পালন কৰা হয় ৷ হাইপাৰটেনচন মানে উচ্চ ৰক্তচাপৰ সমস্যা ৷ উচ্চ বি পিৰ বাবে তীব্ৰ মূৰৰ বিষ হয়, মূৰ ঘূৰোৱা, ভাগৰুৱা অনুভৱ হয়, দৃষ্টিশক্তি ম্লান হোৱাও অনুভৱ কৰিব পাৰি ৷ বি পি কম হোৱাৰ সমস্যা হ’লেও সেয়া ভাল পৰিস্থিতি নহয় ৷ বি পি কম হোৱাত মূৰ ঘূৰোৱা, ভাগৰুৱা, অত্যধিক পিয়াহ আৰু ভোক আৰু ঠাণ্ডা অনুভৱ কৰাৰ দৰে লক্ষণ দেখা দিয়ে ৷

হাৰ্ট এটেক, ষ্ট্ৰোক, বৃক্কৰ ৰোগ, ৰেটিনোপেথী, স্নায়ুজনিত সমস্যা উচ্চ ৰক্তচাপৰ বাবে হ’বলৈ আৰম্ভ কৰে ৷ উচ্চ ৰক্তচাপৰ সমস্যা নিয়ন্ত্ৰণ কৰিবলৈ সুস্থ জীৱনশৈলীৰ লগতে পৰিপূৰক সেৱন কৰাটোও উপকাৰী ৷ এই প্ৰতিবেদনত আমি আপোনালোকক এনে ৫বিধ স্বাস্থ্যকৰ পৰিপূৰক দ্ৰব্যৰ বিষয়ে ক'বলৈ ওলাইছো ৷ এই বিষয়ে লক্ষ্ণৌৰ কেয়াৰ ইনষ্টিটিউট অৱ লাইফ চাইন্সেছৰ চিকিৎসক ডাঃ সীমা যাদৱে এনেদৰে বিবৰি কয় ৷

ৰক্তচাপৰ বাবে পৰিপূৰক

১/ মেগনেছিয়াম পৰিপূৰক

মেগনেছিয়ামৰ পৰিপূৰক সেৱনে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে ৷ মেগনেছিয়াম চাপ্লিমেণ্টৰ সহায়ত শৰীৰত নাইট্ৰিক অক্সাইডৰ পৰিমাণ বৃদ্ধি পায় আৰু ৰক্তবাহী নলী শিথিল কৰাত সহায় কৰে ৷

২/ ভিটামিন ডি পৰিপূৰক

এক গৱেষণাত কোৱা হৈছে যে, যিসকল লোকক উচ্চ বি পিৰ সমস্যা দেখা গৈছিল তেওঁলোকৰ ভিটামিন-ডিৰ অভাৱ আছিল ৷ এই অধ্যয়নত এই কথাও প্ৰকাশ পাইছে যে শৰীৰত ভিটামিন ডিৰ উপস্থিতিয়ে উচ্চ বি পি হোৱাৰ সম্ভাৱনা ৩০ শতাংশ হ্ৰাস কৰে ৷ যিসকল লোকৰ বি পিৰ মাত্ৰা অস্বাভাৱিক হয় তেওঁলোকে ভিটামিন ডিৰ পৰিপূৰক গ্ৰহণ কৰিব লাগে ৷

৩/ পটাছিয়ামৰ পৰিপূৰক

পটাছিয়াম চাপ্লিমেণ্টৰ সহায়ত ই ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে ৷ এটা অধ্যয়নত কোৱা হৈছে যে যদি শৰীৰত পৰ্যাপ্ত পৰিমাণৰ পটাছিয়াম থাকে, তেন্তে উচ্চ বি পিৰ সমস্যা নিয়ন্ত্ৰণ কৰিব পৰা যায় ৷ পটাছিয়ামৰ সহায়ত ৰক্তবাহী নলী শিথিল হৈ বি পি নিয়ন্ত্ৰণত সহায় কৰে ৷

৪/ ভিটামিন চি পৰিপূৰক

ভিটামিন চি হৈছে এক প্ৰকাৰৰ পানীত দ্ৰৱীভূত পৰিপূৰক ৷ অধ্যয়নত কোৱা হৈছে যে যিসকল লোকে ভিটামিন চি সমৃদ্ধ খাদ্য গ্ৰহণ কৰে, তেওঁলোকৰ ৰক্তচাপ স্বাভাৱিক হৈ থাকে ৷ গৱেষণাৰ পৰা এইটোও দেখা গৈছে যে যিসকল লোকৰ ভিটামিন চিৰ অভাৱ হয় তেওঁলোকৰ উচ্চ বি পিৰ সমস্যা হ’ব পাৰে ৷

৫/ ভিটামিন বি ২ পৰিপূৰক

ভিটামিন বি ২ চাপ্লিমেণ্টৰ সহায়ত ই অস্বাভাৱিক ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে ৷ ভিটামিন-বি২ৰ উপৰিও ভিটামিন-বি৬ আৰু ভিটামিন-বি৯কো ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে উপকাৰী বুলি গণ্য কৰা হয় ৷

আশা কৰোঁ আপোনালোকে এই তথ্য ভাল পাইছে ৷ এই প্ৰতিবেদন শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ৷

লগতে পঢ়ক: World Hypertension Day: চাইলেন্ট কিলাৰ হিচাবে জনাজাত উচ্চ ৰক্তচাপক কেনেকৈ চিনাক্ত কৰিব পাৰি জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.