ETV Bharat / health

বিশ্ব স্বাস্থ্য দিৱস: সুস্থ স্বাস্থ্যৰ বাবে এইসমূহ অভ্যাস পৰিহাৰ কৰক - World Health Day 2024 - WORLD HEALTH DAY 2024

World Health Day 2024: আজি বিশ্ব স্বাস্থ্য দিৱস । এইবৰ্ষৰ স্বাস্থ্য দিৱসৰ বিষয়বস্তু হৈছে 'মোৰ স্বাস্থ্য, মোৰ অধিকাৰ' ৷ ৰোগ প্ৰতিৰোধ কৰাৰ প্ৰথম পদক্ষেপ হৈছে সজাগতা । সেয়েহে সুস্থ স্বাস্থ্য লাভৰ বাবে কেনেধৰণৰ অভ্যাস গঢ়ি তুলিব লাগে জানো আহক ৷

World Health Day 2024
বিশ্ব স্বাস্থ্য দিৱস: সুস্থ স্বাস্থ্যৰ বাবে এইসমূহ অভ্যাস পৰিহাৰ কৰক
author img

By ETV Bharat Assamese Team

Published : Apr 7, 2024, 12:31 PM IST

নেশ্যনেল ডেস্ক, ৭ এপ্ৰিল : আজি সমগ্ৰ বিশ্বতে বিশ্ব স্বাস্থ্য দিৱস উদযাপন কৰা হৈছে । বিশ্ব স্বাস্থ্য দিৱসৰ এই বছৰৰ বিষয়বস্তু হৈছে 'মোৰ স্বাস্থ্য, মোৰ অধিকাৰ' । বিশ্ব স্বাস্থ্য সংস্থাই ১৯৪৮ চনৰ ৭ এপ্ৰিলৰ পৰা বিশ্বজুৰি স্বাস্থ্যৰ বিষয়ে লোকসকলক সজাগ কৰাৰ লক্ষ্যৰে স্বাস্থ্য দিৱস উদযাপন কৰি আহিছে ৷

বিশ্ব স্বাস্থ্য দিৱসৰ বিষয়বস্তু :

ডাঃ দিবাকৰ তেজস্বীয়ে কয় যে, এইবৰ্ষত 'মোৰ স্বাস্থ্য, মোৰ অধিকাৰ' বিশ্ব স্বাস্থ্য দিৱসৰ বিষয়বস্তু । এজন ব্যক্তি স্বাস্থ্যবান হৈ থাকিবলৈ পৰিস্কাৰ বায়ু গ্ৰহণ কৰিব লাগে ৷ সুস্থ থাকিবলৈ পৰিস্কাৰ খোৱা পানী সেৱন কৰাৰ অধিকাৰ আছে, পৰিস্কাৰ খাদ্য গ্ৰহণ কৰাৰ অধিকাৰ আছে ৷ এই সকলোবোৰ উপাদান উপলব্ধ কৰিবলৈ চেষ্টা কৰা উচিত । চৰকাৰে সকোলোৱে থাকিবলৈ বিশুদ্ধ বায়ু, বিশুদ্ধ পানী পোৱাৰ বাবে প্ৰচেষ্টা কৰিব লাগে ।

বিশ্ব স্বাস্থ্য দিৱসৰ ইতিহাস :

১৯৪৫ চনৰ ডিচেম্বৰত ব্ৰাজিল আৰু চীনে এক সৰ্বাত্মক আৰু স্বতন্ত্ৰ আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্য সংগঠন গঠনৰ প্ৰস্তাৱ দিয়ে । পৰৱৰ্তী সময়ত, ১৯৪৬ চনৰ জুলাই মাহত নিউয়ৰ্কত এই প্ৰস্তাৱটো অনুমোদিত হয় আৰু ১৯৪৮ চনৰ ৭ এপ্ৰিলত ৬১ খন দেশে একত্ৰিত হৈ এটা বেচৰকাৰী স্বাস্থ্য সন্থা গঠনৰ চুক্তিত স্বাক্ষৰ কৰে ।

১৯৪৯ চনৰ ২২ জুলাইত প্ৰথমবাৰৰ বাবে এই দিনটো পালন কৰা হৈছিল ৷ কিন্তু পৰৱৰ্তী সময়লৈ তাৰিখটো ৭ এপ্ৰিললৈ সলনি কৰা হৈছিল ৷ এই তাৰিখটোত বিশ্ব স্বাস্থ্য সংস্থাক আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰা হৈছিল । সেয়েহে, ১৯৫০ চনত প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হয় ৷

বিশ্ব স্বাস্থ্য সংস্থাই কয়, "বিশ্ব স্বাস্থ্য দিৱসৰ উদ্দেশ্য হৈছে স্বাস্থ্য বিষয়ত বিশ্বব্যাপী সজাগতা বৃদ্ধি কৰা ।"

বিশ্ব স্বাস্থ্য সংস্থাৰ বাৰ্তা

বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ-পূব এছিয়া অঞ্চলৰ আঞ্চলিক সঞ্চালক চাইমা ৱাজেদে কয়, "সকলোৰে বাবে স্বাস্থ্যৰ অধিকাৰ উপলব্ধি কৰা হৈছে ৷ আমাৰ লক্ষ্য হৈছে সকলো ঠাইতে উচ্চ মানদণ্ডৰ স্বাস্থ্য সুবিধা, সেৱা আৰু সামগ্ৰী উপলব্ধ হ’ব লাগে ৷ যি মানুহৰ প্ৰয়োজনীয়তা, বুজাবুজি আৰু মৰ্যাদাক অগ্ৰাধিকাৰ দিয়ে ।

ইয়াৰ অৰ্থ হৈছে এক সম্পূৰ্ণ অধিকাৰ যি মানুহক স্বাস্থ্যকৰভাৱে জীয়াই থাকিবলৈ সক্ষম কৰে ৷ যেনে শিক্ষা, সুৰক্ষিত পানী আৰু খাদ্য, পুষ্টিকৰ খাদ্য, পৰ্যাপ্ত আৱাস, ভাল কাম আৰু পাৰিপাৰ্শ্বিক পৰিস্থিতি আৰু তথ্য বা স্বাস্থ্যৰ অন্তৰ্নিহিত নিৰ্ধাৰক ৷"

বিশ্বজুৰি প্ৰায় ৪০ শতাংশ লোকৰ অত্যাৱশ্যকীয় স্বাস্থ্য সেৱাৰ অভাৱ আছে। ৰাষ্ট্ৰীয় চৰকাৰৰ দ্বাৰা স্বাস্থ্যৰ ক্ষেত্ৰত বিনিয়োগ, যি হৈছে স্বাস্থ্যৰ অধিকাৰ আগবঢ়োৱাৰ হৈছে, সেয়া গ্ৰহণযোগ্যভাৱে কম ৷ যাৰ ফলত অধিক ব্যয় হৈছে । প্ৰাথমিক স্বাস্থ্য সেৱা প্ৰাপ্ত কৰাত আৰ্থিক দুৰ্দশাৰ সন্মুখীন হোৱা পৰিয়ালৰ সংখ্যা বাঢ়ি আহিছে ।

চাৰিটা মুখ্য ৰোগ - কাৰ্ডিওভাস্কুলাৰ ৰোগ, কৰ্কট ৰোগ, ডায়েবেটিছ আৰু শ্বাস-প্ৰশ্বাসৰ ৰোগৰ পৰা 30 ৰ পৰা 70 বছৰ বয়সৰ ভিতৰত মৃত্যুৰ সম্ভাৱনা ৷ এই ৰোগৰ ৰোগীৰ হাৰ এতিয়াও 21.6 শতাংশ ৷ যি কোনোপধ্যেই গ্ৰহণযোগ্য নহয়।

দৰিদ্ৰ আৰু দুৰ্বল লোকসসমূহে স্বাস্থ্যসেৱা লাভ কৰাত সৰ্বাধিক বাধাৰ সন্মুখীন হয় ৷ নিম্ন মানদণ্ডৰ যত্নৰ বাবে তথা স্বাস্থ্য সেৱাৰ অভাৱত অধিক ৰোগী মৃত্যুৰ মুখত পৰে ৷

মহিলা আৰু যুৱতীৰ বিৰুদ্ধে হিংসা

বিশ্বজুৰি সম্প্ৰতি মানৱ অধিকাৰৰ উলংঘন এক ৰাজহুৱা স্বাস্থ্যৰ সমস্যা হিচাপে ব্যাপকৰূপে পৰিগণিত হৈছে । এটা অঞ্চলক প্ৰতি তিনিগৰাকী মহিলাৰ ভিতৰত এগৰাকীতকৈ অধিক মহিলাই জীৱনকালত কমেও এবাৰ জীৱন সংগীৰ হিংসাৰ সন্মুখীন হৈছে ৷ বিশেষকৈ গ্ৰাম্য অঞ্চলৰ অশিক্ষিত মহিলা আৰু দৰিদ্ৰ পৰিয়ালৰ মহিলাসকলে যথেষ্ট অধিক বিপদাশংকাৰ সন্মুখীন হ’বলগীয়া হয় ৷

এতিয়াও বহু লোকে যক্ষ্মা, এইছ.আই.ভি./এইডছ, বিকলাংগতা অথবা মানসিক অসুস্থতাত আক্ৰান্ত হৈ আহিছে ৷ এইসকল ৰোগীয়ে লিংগ, শ্ৰেণী, জাতি, ধৰ্ম, যৌন অভিমুখীতা বা অন্যান্য বৈশিষ্টৰ ওপৰত লক্ষ্য ৰাখি স্বাস্থ্য প্ৰণালীত বৈষম্যৰ সন্মুখীন হয় বুলি আঞ্চলিক সঞ্চালকগৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : গ্ৰীষ্মকালত নিজকে হাইড্ৰেটেড কৰি ৰাখিবলৈ কি খাব ? - Body hydrating tips for summer

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.