ETV Bharat / health

বিশ্ব খাদ্য সুৰক্ষা দিৱস : অসুৰক্ষিত খাদ্যৰ ফলত বিশ্বব্যাপী দৈনিক 1.6 নিযুত লোক অসুস্থ - World Food Safety Day 2024 - WORLD FOOD SAFETY DAY 2024

Unsafe Food : প্ৰতিদিনে অসুৰক্ষিত খাদ্য গ্ৰহণ কৰাৰ ফলত বিশ্বব্যাপী প্ৰায় 1.6 নিযুত লোক অসুস্থ হৈ পৰে । এই তথ্য প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই ৷ ভাৰতৰ খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণ অৱ ইণ্ডিয়াই খাদ্য সামগ্ৰীৰ প্ৰস্তুতকৰণ, সঞ্চয়, বিতৰণ, বিক্ৰী আৰু আমদানিৰ নিয়ন্ত্ৰণ কৰে ৷ লগতে খাদ্য সুৰক্ষা নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰে ৷

WORLD FOOD SAFETY DAY 2024
বিশ্ব খাদ্য সুৰক্ষা দিৱস (প্ৰতিনিধিত্বমূলক ফটো (Getty Images))
author img

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 8:43 AM IST

বিশেষ প্ৰতিবেদন, 7 জুন : বছৰি 7 জুনত চিহ্নিত বিশ্ব খাদ্য সুৰক্ষা দিৱসত মনোযোগ আকৰ্ষণ কৰা আৰু অসুৰক্ষিত খাদ্যৰ সৈতে সম্পৰ্কিত ৰাজহুৱা স্বাস্থ্যৰ ভাবুকি প্ৰতিৰোধ, চিনাক্ত আৰু সঁহাৰি দিয়াত সহায় কৰাৰ বাবে পদক্ষেপ ল'বলৈ অনুপ্ৰাণিত কৰিব বিচাৰে ।

বিশ্ব স্বাস্থ্য সংস্থাই সদৰী কৰা তথ্য অনুসৰি, বিশ্বত প্ৰতিদিনে প্ৰায় 1.6 নিযুত লোক অসুৰক্ষিত খাদ্য গ্ৰহণ কৰি অসুস্থ হৈ পৰে ৷ আক্ৰান্তসকলৰ প্ৰায় 40 শতাংশই হৈছে 5 বছৰৰ তলৰ শিশু ৷

লগতে পঢ়ক: মাখনৰ দৰে গলিব চৰ্বি : খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই ১০বিধ খাদ্য - Weight Loss

অসুৰক্ষিত খাদ্য গ্ৰহণ কৰাৰ ফলত পুষ্টিহীনতাত ভোগাৰ সমানে মৃত্যু হোৱাৰ আশংকাও অধিক হৈ পৰে । নিম্ন আৰু মধ্য আয়ৰ দেশবোৰত আনুমানিক 110 বিলিয়ন আমেৰিকান ডলাৰৰ বাৰ্ষিক লোকচান কেৱল মাত্ৰ উৎপাদনশীলতা হ্ৰাস আৰু খাদ্যজনিত ৰোগৰ পৰা সৃষ্টি হোৱা ৰোগৰ চিকিৎসা ব্যয়ৰ সৈতে সম্পৰ্কিত বুলি বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে ।

ইতিহাস আৰু তাৎপৰ্য :

অসুৰক্ষিত খাদ্য গ্ৰহণ, স্বাস্থ্যৰ প্ৰতি সৃষ্টি হোৱা ভাবুকিক চিনাক্ত কৰি ইয়াৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰিবলৈ 2018 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই এই দিৱসটো পালন কৰিছিল । বিশ্ব খাদ্য সুৰক্ষা দিৱসৰ সময়ত বিশ্ব স্বাস্থ্য সংস্থা আৰু ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাই খাদ্য সুৰক্ষা, উপভোক্তাৰ স্বাস্থ্য, অৰ্থনৈতিক সমৃদ্ধি, কৃষি, বজাৰৰ প্ৰৱেশাধিকাৰ, পৰ্যটন আৰু বহনক্ষম বিকাশত অৰিহণা যোগোৱাৰ লক্ষ্য ৰাখিছে ।

2024 চনৰ বিষয়বস্তু :

বিশ্ব খাদ্য সুৰক্ষা দিৱস 2024 ৰ বিষয়বস্তু হৈছে 'খাদ্য সুৰক্ষা : অপ্ৰত্যাশিতৰ বাবে প্ৰস্তুত কৰক' যিকোনো পৰিস্থিতি নিৰ্বিশেষে খাদ্য আৰু পানী সঞ্চয় আৰু সুৰক্ষিত কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে ।

লগতে পঢ়ক: কেতিয়াবা ভাবিছেনে! এমাহলৈকে মাছ-মাংস নাখালে আমাৰ শৰীৰত কেনে প্ৰভাৱ পৰিব পাৰে ? - Stop Eating Non Veg For A Month

দক্ষিণ-পূৱ এছিয়া অঞ্চলত দ্বিতীয় সৰ্বাধিক লোক ৰোগৰ সৈতে যুঁজিবলগীয়া হয় ৷ যাৰ একমাত্ৰ কাৰণ হৈছে দূষিত খাদ্য গ্ৰহণ ৷ অনুমান কৰা অনুসৰি, 150 নিযুত লোক দূষিত, অসুৰক্ষিত খাদ্য গ্ৰহণৰ বাবে ৰোগৰ সৈতে যুঁজ দিবলগীয়া হয় ৷ লগতে বাৰ্ষিক প্ৰায় 1,75,000 গৰাকী লোক মৃত্যুমুখত পৰে ৷

জলবায়ুৰ পৰিৱৰ্তন ইয়াৰ অন্যতম কাৰণ ৷ জলবায়ু সলনি হোৱাৰ সময়তে ই কঢ়িয়াই আনে বিভিন্ন প্ৰকাৰৰ কীট-পতংগ ৷ যিয়ে প্ৰাকৃতিকভাৱে উৎপন্ন হোৱা বিষাক্ত পদাৰ্থৰ সৃষ্টিত সহায় কৰে ৷ জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ ফলত এই পৰিস্থিতিৰ অৱনতি ঘটে বুলি প্ৰকাশ কৰিছে দক্ষিণ-পূৱ এছিয়াৰ বিশ্ব স্বাস্থ্য সংস্থাৰ আঞ্চলিক সঞ্চালক চাইমা ৱাজেদে ৷

লগতে পঢ়ক: গৰমৰ দিনত তিয়ঁহ খাই দূৰ কৰক এইসমূহ সমস্যা - Cucumber Benefits

2004 চনত বিশ্ব স্বাস্থ্য সংস্থা আৰু এফ এ ও- এ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা কৰ্তৃপক্ষৰ বিশ্বব্যাপী অভিযান আৰম্ভ কৰিছিল । তেনে এক বৃহৎ নেটৱৰ্ক হৈছে ইনফ’চান, যিয়ে আন্তৰ্জাতিক খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত কাম কৰি আহিছে ৷ সম্প্ৰতি এই নেটৱৰ্কৰ সৈতে জড়িত হৈ আছে বিশ্বৰ 189 খন দেশ ৷

"বিশ্বব্যাপী খাদ্য সুৰক্ষা সংকটৰ প্ৰতি দ্ৰুত আৰু কাৰ্যকৰী সঁহাৰি নিশ্চিত কৰাৰ বাবে ইনফ’চানৰ সদস্যৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । খাদ্য সুৰক্ষাৰ আন্তৰ্জাতিক সহযোগিতাৰ জৰিয়তে দূষিত খাদ্যৰ অধিক বিতৰণ প্ৰতিহত কৰিবলৈ দক্ষতাৰে ৰূপায়ণ কৰা হৈছে বিশেষ নীতি", ৱাজেদে এনেদৰে কয় ৷

খাদ্য সুৰক্ষা আৰু ভাৰতৰ FSSAI :

ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণ(এফ এছ এছ এ আই) হৈছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ অধীনত খাদ্য সামগ্ৰীৰ প্ৰস্তুতকৰণ, সঞ্চয়, বিতৰণ, বিক্ৰী আৰু আমদানি নিয়ন্ত্ৰণ কৰাৰ এক বিধিবদ্ধ সংস্থা ৷ খাদ্য সুৰক্ষা নিশ্চিত কৰাৰ বাবে মানদণ্ড স্থাপন কৰাটোও ইয়াৰ অন্যতম কাৰ্য ।

খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন 2006- এ খাদ্য সামগ্ৰীৰ বাবে বিজ্ঞান আধাৰিত মানদণ্ড নিৰ্ধাৰণ কৰা আৰু সেইবোৰৰ প্ৰস্তুতকৰণ, সঞ্চয়, বিতৰণ, বিক্ৰী আৰু আমদানি নিয়ন্ত্ৰণ কৰা, মানুহৰ ব্যৱহাৰৰ বাবে সুৰক্ষিত আৰু স্বাস্থ্যকৰ খাদ্যৰ উপলব্ধতা নিশ্চিত কৰাৰ সৈতে সম্পৰ্কিত আইনবোৰক প্ৰতিনিধিত্ব কৰে ।

FSSAI আইনৰ অধীনত শাস্তি :

নিম্নমানৰ আৰু মিছা বা ভুলকৈ ব্ৰেণ্ডেড হিচাপে বিশ্লেষণ কৰা নমুনাবোৰ এফ এছ এছ আইন 2006-ৰ 50-54 নং ধাৰাৰ অধীনত দণ্ডিত কৰা হয় ৷ য'ত দোষীয়ে নিম্নমানৰ খাদ্যৰ বাবে সৰ্বাধিক পাঁচ লাখ টকালৈকে জৰিমনা ভৰিব লাগিব পাৰে ৷ তদুপৰি ভুল বা মিছা ব্ৰেণ্ডেড খাদ্যৰ বাবে তিনি লাখ টকালৈকে আৰু বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বাবে 10 লাখ টকালৈকে জৰিমনা আৰোপ কৰিব পাৰি ।

অসুৰক্ষিত বুলি ধৰা পৰা নমুনাৰ ক্ষেত্ৰত খাদ্য ব্যৱসায়বোৰৰ বিৰুদ্ধে এফ এছ এছ আইন 2006-ৰ 59 নং ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হ’ব ৷ য’ত তিনি লাখ টকালৈকে জৰিমনাসহ তিনি মাহৰ কাৰাদণ্ড আৰোপ কৰিব পাৰি ৷

অসুৰক্ষিত খাদ্য গ্ৰহণৰ ফলত হোৱা কোনো ক্ষতিৰ ক্ষেত্ৰত শাস্তি হিচাপে এবছৰৰ পৰা ছয় বছৰলৈ কাৰাদণ্ড হোৱাৰ লগতে তিনি লাখৰ পৰা পাঁচ লাখ টকালৈকে জৰিমনা বিহাৰ সম্ভাৱনা থাকে ৷ যিটো নিৰ্ভৰ কৰে ক্ষতিৰ পৰিমাণৰ ওপৰত ৷ লগতে এই খাদ্য বিক্ৰীৰ সৈতে জড়িত লোকসকলৰ কাৰাবাস পৰ্যন্ত হ’ব পাৰে ৷ অতি কমেও সাত বছৰৰ বাবে এই কাৰাবাস হোৱাৰ লগতে 10 লাখ টকা পৰ্যন্ত জৰিমনা বিহিব পাৰে ।

FSSAI ৰ নিকট নিৰীক্ষণ :

যোৱা কেইবছৰমানত এফ এছ এছ এ আইয়ে বিশ্লেষণ কৰা খাদ্য নমুনাৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে ৷ এই সংখ্যা 2020-21 আছিল 1,07,829 ৷ বিগত বৰ্ষৰ তুলনাত 2023-24 বৰ্ষত এই সংখ্যা বৃদ্ধি হৈ 4,51,000 হয় ৷

আনহাতে, এফ এছ এছ এ আইয়ে 1,05,907 টা খাদ্যৰ নমুনা চিনাক্ত কৰিছে । নিজাববীয়াকৈ বিশ্লেষণ কৰা খাদ্যৰ নমুনাসমূহৰ ভিতৰত এফ এছ এছ এ আইয়ে 2020-21 বৰ্ষত 28,347 টা নমুনা বিচাৰি উলিয়ায় ৷ 2021-22 বৰ্ষত বিশ্লেষণ কৰা মুঠ 1,44,345 টা নমুনাৰ ভিতৰত কৰ্তৃপক্ষই 32,934 টা অ-অনুসৰণকাৰী খাদ্য সামগ্ৰী বিচাৰি পাইছে ।

FSSAI য়ে 2022-23 বৰ্ষত 1,77,511 টা নমুনা বিশ্লেষণ কৰিছিল, যাৰ ভিতৰত 44,626 টা অনুসৰণ নকৰা নমুনা পোৱা গৈছে । অৱশ্যে, 2023-24 বৰ্ষত বিশ্লেষণৰ বাবে প্ৰায় 4,51, 296 টা খাদ্য সামগ্ৰী লোৱা হৈছে ।

লগতে পঢ়ক: কলপাতত খাদ্য খাই ভাল পাই নেকি ? তেন্তে আপোনালৈ আছে এক সুখবৰ - Banana Leaf Benefits

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.