ETV Bharat / health

আজি বিশ্ব ৰক্তদাতা দিৱস: ৰক্তদান সন্দৰ্ভত জানি লওক কেইটামান গুৰুত্বপূৰ্ণ কথা - World Blood Donor Day

author img

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 5:35 PM IST

World Blood Donor Day 2024: ৰক্তদান মহৎ দান ৷ ৰক্তদান আমি কিয় কৰিব লাগে ? ৰক্তদান কৰিলে আমাৰ কি কি উপকাৰিতা সাধন হয় ? কোনবোৰ লোকে ৰক্তদান কৰিব পাৰে ? এই সম্পৰ্কে চিকিৎসক মনোজ দেউৰীৰ পৰা জানো আহক ৷

World Blood Donor Day
আজি বিশ্ব ৰক্তদাতা দিৱস: ৰক্তদান সন্দৰ্ভত কিছু জানিবলগীয়া কথা (FREEPIK)

গুৱাহাটী, 14 জুন: আজি বিশ্ব ৰক্তদাতা দিৱস ৷ ৰক্তদান মহৎ দান ৷ এই উদ্দেশ্যেৰে ২০০৪ চনৰ পৰা প্ৰতিবছৰে ১৪ জুনৰ দিনটোত ৰক্তদাতা দিৱস হিচাপে পালন কৰি অহা হৈছে ৷ ৰক্তদান কৰাৰ ফলত এজন ব্যক্তিৰ ৰক্তদানে বচাব পাৰে অন্য এজন লোকৰ জীৱন ৷ দৈনিক প্ৰতি দুই ছেকেণ্ডৰ মূৰে মূৰে কোনো নহয় কোনো এজন ৰোগীক তেজৰ প্ৰয়োজন হয় ৷ যেতিয়া এগৰাকী লোকক তেজৰ প্ৰয়োজন হয়, তেতিয়া সেই প্রয়োজনখিনি তেজেৰেই পূৰাব লাগিব ৷ তাৰ বাহিৰে অন্যকোনো বিকল্প নাই ৷ ৰক্তদান কৰি এজন ব্যক্তিৰ প্ৰাণ ৰক্ষা কৰিব পাৰি ৷ সেয়ে যদি আমি সুহৃদয়ে আগবাঢ়ি আহি আর্তজনক ৰক্ত দি যদি সহায় কৰো, তেন্তে বিভিন্ন সময়ত সেই ৰোগীজনক বিভিন্নৰোগৰ পৰা বচোৱাৰ উপৰিও মৃত্যু পৰা ৰক্ষা কৰিব পৰা যাব ৷

কোন সকললোকে ৰক্তদান কৰিব পাৰে ?

ৰক্তচাপ স্বাভাৱিক থাকিলে অৰ্থাৎ এজন সুস্থ সবল লোকে ১৮ বছৰ বয়সৰ পৰা ৬৫ বছৰ বয়সলৈকে ৰক্তদান কৰিব পাৰে ৷ ৰক্তদান কৰাৰ সময়ত ব্যক্তিগৰাকীৰ ওজন ন্যূনতম ৪৫ কেজি বা তাৰ ওপৰত হ'ব লাগে ৷ লগতে যদি হিম'গ্লবিন ১২.৫ গ্রাম বা তাতকৈ বেছি হ'ব লাগিব ৷ ১২.৫ গ্রামৰ পৰা ১৭.৫ গ্রামলৈ হিম'গ্লবিনৰ ভিতৰৰ মানুহে ৰক্তদান কৰিব পাৰে ৷

ডায়েবেটিছ ৰোগীসকলে ৰক্তদান কৰিব পাৰেনে ?

ডায়েবেটিছ ৰোগীসকলেও ৰক্তদান কৰিব পাৰে ৷ ডায়েবেটিছৰ চিকিৎসা দুই ধৰণে হয় ৷ কিছু ডায়েবেটিছ ৰোগীয়ে চুগাৰৰ মাত্ৰা কমাই ৰাখিবলৈ ঔষধ সেৱন কৰে, আৰু কিছুমান ৰোগীয়ে ইনচুলিন ব্যৱহাৰ কৰে ৷ ইনচুলিন ব্যৱহাৰৰ কৰা ৰোগীসকলে ৰক্তদান কৰিব নোৱাৰে ৷

মহিলাৰ ক্ষেত্ৰত ৰক্তদানৰ কিবা বাধা থাকে নেকি ?

মহিলাসকলেও ৰক্তদান কৰিব পাৰে ৷ ৰক্তদানৰ ক্ষেত্ৰত পুৰুষৰ ক্ষেত্ৰত যিখিনি প্ৰয়োজন মহিলাৰ ক্ষেত্ৰতো সেই একেখিনিয়ে প্রয়োজন ৷ কেৱল মহিলাসকলে কিছুসময়ত তেওঁলোকে ৰক্তদান কৰিব নোৱাৰে ৷ সেই সময়খিনি হৈছে যেতিয়া মহিলাগৰাকীৰ মাহেকীয়া হৈ থাকে সেই সময়ত ৰক্তদান কৰিব নোৱাৰে ৷ মাহেকীয়া বন্ধ হোৱাৰ পিচত তেওঁলোকে ৰক্তদান কৰিব পাৰে ৷ গৰ্ভৱস্থাৰ সময়ছোৱাত ৰক্তদান কৰিব নোৱাৰে আৰু যদি মহিলাগৰাকীৰ ১ বছৰৰ ভিতৰত সন্তান থাকে সেইসময়চোৱাত ৰক্তদান কৰিব নোৱাৰে ৷

কোনবোৰ লোকে ৰক্তদান কৰিব নোৱাৰে ?

কোনো লোকৰ যদি হেপাটাইটিছৰ সমস্যা আছে সেইসকল ৰোগীয়ে গোটেই জীৱন ৰক্তদান কৰিব নোৱাৰে ৷ কৰ্কট ৰোগীসকলে ৰক্তদান কৰিব নোৱাৰে ৷ কাৰোবাৰ যদি HIV আছে তেওঁলোকেও ৰক্তদান কৰিব নোৱাৰে ৷ কাৰোবাৰ যদি এপেণ্ডিচাইটিছ,গ'লব্লাডাৰৰ অস্ত্ৰোপচাৰ হৈছে তেওঁলোকে এবছৰলৈ ৰক্তদান কৰিব নোৱাৰে ৷ লগতে কাৰোবাৰ যদি জ্বৰ, চৰ্দি, এলাৰ্জি আদি হৈ থাকে তেনে অৱস্থাত ৰক্তদান কৰিব নোৱাৰে ৷

ৰক্তদান কৰিলে আমাৰ কি কি উপকাৰ সাধন হয় ?

ৰক্তদান কৰিলে অকল ৰোগীজনৰে লাভ নহয় ৷ পৰোক্ষভাৱে ৰক্তদান কৰা লোকজনৰো লাভ হয় ৷ ৰক্তদান কৰাৰ ফলত ব্যক্তিজনৰ শৰীৰৰ ৰক্তসঞ্চালনৰ ক্ষেত্ৰৰ লগতেই শৰীৰৰ মেদবহুলতা কম কৰাত বহু সহায় কৰে ৷ ইয়াৰোপৰি ৰক্তদান কৰিলে কৰ্কটৰোগৰ পৰা আৰম্ভ কৰি হাৰ্ট এটাক, ষ্ট্ৰোক আদিৰো শংকা কমি যায় ৷ লগতেই শৰীৰত ৰক্ত প্ৰবাহৰ ভাল হয় ৷

উল্লেখ্য যে, ৰক্তদান কৰাৰ ৩ ঘণ্টা পিচত এজন লোকে যি স্বাভাৱিক কাম-কাজ আছে সেই সমূহ কৰিব পাৰে ৷ কেৱল কিছু সাৱধানতা অৱলম্বন কৰাটো ব্যক্তিগৰাকীৰ বাবে ভাল ৷ ৰক্তদানৰ পিচত কোনো ৰোগৰ সংক্ৰমণৰ শংকা নাথাকে ৷

লগতে পঢ়ক: ৰক্তদান কৰক আৰু জীৱন ৰক্ষা কৰাৰ প্ৰচেষ্টাত যোগদান কৰক - World Blood Donor Day 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.