পানী খোৱাটো আমাৰ বাবে কিমান গুৰুত্বপূৰ্ণ তাৰ বিষয়ে হয়তো নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই । বিশেষজ্ঞসকলৰ মতে, এজন মানুহে খাদ্য অবিহনে প্ৰায় ৩ সপ্তাহ জীয়াই থাকিব পাৰে, কিন্তু পানী অবিহনে ৩ দিনৰ ভিতৰতে তেওঁৰ মৃত্যু ঘটিব পাৰে । এনে পৰিস্থিতিত পানী আমাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু হৈ পৰিছে । কিন্তু পানী আমাৰ বাবে জীৱনদায়ক হ’লেও কিন্তু ইয়াক খোৱাৰ ভুল পদ্ধতিয়ে আমাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে ।
ইয়াৰে এটা পদ্ধতি হ’ল থিয় হৈ পানী খোৱা । আমি প্ৰায়ে দেখিছো মানুহে থিয় হৈ পানী খোৱা, কিন্তু আমাৰ ঘৰৰ বয়োজ্যেষ্ঠসকলে বহি পানী খাবলৈ আমাক প্ৰায়েই পৰামৰ্শ দিয়ে । কিন্তু আপুনি জানেনে আমি কিয় বহি লৈ পানী খাব লাগে ? বহি পানী খালে আমাৰ শৰীৰৰ কি লাভ হয় আৰু ইয়াৰ আঁৰৰ বিজ্ঞান কি ? জানো আহক-
![Why Elders Say You Should Drink Water While Sitting](https://etvbharatimages.akamaized.net/etvbharat/prod-images/22-06-2024/21768827_water5.jpg)
- শৰীৰৰ তৰল পদাৰ্থৰ ভাৰসাম্য বিঘ্নিত হয়
চিকিৎসকৰ মতে, থিয় হৈ পানী খোৱাৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে । থিয় হ’লে আপোনাৰ শৰীৰ আৰু কোষবোৰত চাপ পৰে । এনে পৰিস্থিতিত পানী খালে আপোনাৰ শৰীৰত পানী দ্ৰুতগতিত শৰীৰৰ পৰা বৈ যাবলৈ আৰম্ভ কৰে, যাৰ ফলত শৰীৰত থকা তৰল পদাৰ্থসমূহে ভাৰসাম্যতা বজাই ৰখাত অসুবিধাৰ সৃষ্টি হয় ।
- পাচনতন্ত্ৰৰো অৱনতি ঘটেপাচনতন্ত্ৰৰ সমস্যা (ETV Bharat)
ইয়াৰ বাহিৰেও যদি আপুনি থিয় হৈ পানী খায় তেন্তে ই আপোনাৰ পাচনতন্ত্ৰতো বেয়া প্ৰভাৱ পেলাব পাৰে । কাৰণ থিয় হৈ পানী খালে মাধ্যাকৰ্ষণ শক্তিৰ বাবে খাদ্যৰ পাইপৰ মাজেৰে আৰু পোনে পোনে পেটৰ তলৰ অংশত অতি বল আৰু বেগেৰে পৰি যায়, যিটো অতি ক্ষতিকাৰক । চিকিৎসকৰ মতে, থিয় হৈ পানী খালে স্নায়ুত চাপ পৰে, যাৰ ফলত তৰল পদাৰ্থৰ ভাৰসাম্য বিঘ্নিত হয় আৰু বিষাক্ত পদাৰ্থ শৰীৰত বৃদ্ধি পায় ।
- বাতবিষক প্ৰসাৰিত কৰেবাতবিষ সমস্যা (ETV Bharat)
আমি কোৱাৰ দৰে থিয় হৈ পানী খালে শৰীৰৰ তৰল পদাৰ্থৰ ভাৰসাম্য বিঘ্নিত হয়, আৰু কেতিয়াবা ইয়াৰ ফলত গাঁঠিত তৰল পদাৰ্থও জমা হয়, যাৰ ফলত বেছিভাগ ক্ষেত্ৰতে বাতবিষৰ সমস্যাই দেখা দিয়ে । চিকিৎসকে কয় যে থিয় হৈ পানী খালে গাঁঠিৰ যথেষ্ট ক্ষতি হ’ব পাৰে ।
- হৃদযন্ত্ৰৰ সমস্যাহৃদযন্ত্ৰৰ সমস্যা (ETV Bharat)
যেতিয়া আপুনি থিয় হৈ পানী খায় তেতিয়া পানীৰ পুষ্টি আৰু ভিটামিন আপোনাৰ যকৃত আৰু পাচনতন্ত্ৰত নপৰে । কাৰণ থিয় হৈ পানী খালে ই আপোনাৰ শৰীৰৰ মাজেৰে অতি দ্ৰুতগতিত পাৰ হৈ যায়, যিয়ে আপোনাৰ হাওঁফাওঁ আৰু হৃদযন্ত্ৰৰ কাৰ্যকলাপকো বিপদত পেলাব পাৰে । থিয় হৈ পানী খালে অক্সিজেনৰ মাত্ৰা অৱনতি ঘটে ।
- বৃক্কৰ সমস্যা হ’ব পাৰেবৃক্কৰ সমস্যা (ETV Bharat)
চিকিৎসকে কয় যে, আমি বহিলে আমাৰ বৃক্কই ভালদৰে কাম কৰে । এনে পৰিস্থিতিত আমি যেতিয়া থিয় হৈ পানী খাওঁ তেতিয়া কোনো ধৰণৰ পৰিশোধন নোহোৱাকৈ উচ্চ চাপৰ বাবে তৰল পদাৰ্থটো পেটৰ তলৰ অংশলৈ যায় । ইয়াৰ বাবে পানীত থকা অশুদ্ধিবোৰ মূত্ৰাশয়ত জমা হৈ বৃক্কৰ কাৰ্যকলাপত প্ৰভাৱ পেলায় । এনে পৰিস্থিতিত বৃক্ক সম্পৰ্কীয় বহু ৰোগৰ আশংকাৰ সৃষ্টি হয় ।
গতিকে এতিয়া আপুনি নিশ্চয় গম পাইছে যে থিয় হৈ পানী খালে আপুনি কি কি সমস্যাৰ সন্মুখীন হ’ব পাৰে । গতিকে এতিয়া যেতিয়াই আপোনাৰ বয়োজ্যেষ্ঠসকলে আপোনাক বহি পানী খাবলৈ কয় তেতিয়াই তেওঁলোকক ধন্যবাদ জনাওক আৰু তাৰ পিচত বহি পানী খাওক ।
লগতে পঢ়ক: পুৱা খালী পেটত পানী খোৱাৰ এই উপকাৰিতা জানি আচৰিত হৈ পৰিব আপুনিও - Drinking Water on Empty Stomach