ETV Bharat / health

আপোনাৰ শৰীৰৰ বাবে ভাত শত্ৰু নে মিত্ৰ ? ভাত খালে সঁচাকৈয়ে শৰীৰৰ ক্ষতি হয় নেকি জানো আহক - White Rice

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 7:46 PM IST

White Rice Benefits: যদি আপুনি ভাতৰ অনুৰাগী আৰু নিতৌ ভাত খাই ভাল পায় তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে ৷ আপুনি হয়তো প্ৰায়েই শুনিছে যে ভাত খোৱাটো আমাৰ স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক হ’ব পাৰে ৷ কিন্তু এই কথা কিমান দূৰ সত্য আজি জানি লও আহক-

White Rice Is Not as Unhealthy as You May Think: Discover Its Amazing Benefits
আপোনাৰ শৰীৰৰ বাবে ভাত শত্ৰু নে মিত্ৰ ? ভাত খালে সঁচাকৈয়ে শৰীৰৰ ক্ষতি হয় নেকি জানো আহক (FREEPIK)

ভাতত বহু পৰিমাণে শৰ্কৰা থাকে । ভাত শক্তিবৰ্ধক খাদ্য । অধিক শাৰীৰিক শ্ৰম কৰা লোকৰ বাবে সাধাৰণতে ভাত এক উপযুক্ত খাদ্য । গাঁৱৰ শ্ৰমজীৱী লোকসকলে ভাতক প্ৰধান খাদ্য হিচাপে গ্ৰহণ কৰে । ভাতত থকা বিভিন্ন পুষ্টিকৰ দিশসমূহৰ বিষয়ে জানো আহক-

ভাত প্ৰস্তুত কৰাটো সহজেই নহয় বৰঞ্চ ইয়াৰ পৰা বহু ধৰণৰ ব্যঞ্জন প্ৰস্তুত কৰিব পাৰি, যিটো খাবলৈও অতি সোৱাদযুক্ত হয় । এই কাৰণেই ভাৰতীয় খাদ্যৰ ভিতৰত ভাত নিশ্চিতভাৱে অন্তৰ্ভুক্ত কৰা এবিধ প্ৰধান খাদ্য। কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে । ভাত অবিহনে ৯৯ শতাংশ ভাৰতীয় লোকৰ খাদ্যাভ্যাস অসম্পূৰ্ণ । ইয়াৰ পিচতো ভাত খোৱা সন্দৰ্ভতো বহু ধৰণৰ মিথ শুনা যায় । যেনে ই ওজন বৃদ্ধি কৰে বা পেটত হজম কৰাত অসুবিধাৰ সৃষ্টি কৰে বা ই মেদবহুলতা । এই কাৰণেই বহুতে ইয়াক স্বাস্থ্যকৰ বুলি নাভাবে । কিন্তু ভাতে সঁচাকৈয়ে স্বাস্থ্যৰ ক্ষতি কৰে নেকি ?

ইয়াৰ উত্তৰটো হ’ল নহয় ! ভাতৰ প্ৰতিটো গৰাহৰ পৰা আমাৰ শৰীৰে ৪-৫ গ্ৰাম প্ৰ’টিন আৰু ভাল চৰ্বি লাভ কৰে । আনহাতে, ই ভিটামিন বি আৰু এন্টিঅক্সিডেন্টেৰেও ভৰপূৰ ।

যদি আপুনি এতিয়াও বিশ্বাস নকৰে, তেন্তে বগা ভাতৰ উপকাৰিতাৰ বিষয়ে বিতংভাৱে জানো আহক-

১/ ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণৰ কাম কৰে

আপুনি হয়তো শুনিছে যে ভাতত ষ্টাৰচ থাকে আৰু ইয়াৰ গ্লাইচেমিক ইনডেক্সো বেছি, কিন্তু সত্যটো হ’ল শাক-পাচলি মিহলাই খালে তেজত চেনিৰ মাত্ৰা বৃদ্ধি নহয় । যদি আপুনি এগৰাকী ডায়েবেটিছ ৰোগী তেন্তে চিকিৎসকক সোধাৰ পিচতহে খোৱাটো উচিত ।

২/ ভাত হজম হোৱাটো অতি সহজ

ভাত প্ৰস্তুত কৰাটো যিমানেই সহজ হয়, সিমানেই সহজে হজমো হয় । ব্ৰাউন ৰাইচৰ দৰে বগা ভাততো ফাইটিক এচিড নামৰ যৌগ নাথাকে, যাৰ ফলত পাচনতন্ত্ৰৰ সমস্যাৰ সৃষ্টি হয় ।

পুষ্টিবিদসকলেও পৰামৰ্শ দিয়ে যে যেতিয়া আপোনাৰ ৰাতিৰ আহাৰ খোৱাত পলম হয় তেতিয়া কেৱল দালি আৰু ভাত খাব লাগে । ই কেৱল আপোনাৰ পেটটো লঘু কৰি ৰখাই নহয়, টোপনিৰ ক্ষেত্ৰতো অশান্তিৰ সৃষ্টি নকৰে ।

৩/ হৃদযন্ত্ৰৰ স্বাস্থ্য বৃদ্ধি কৰে

যদি আপুনি খাদ্য তালিকাত ভাত অন্তৰ্ভুক্ত কৰে তেন্তে ই আপোনাৰ হৃদযন্ত্ৰৰ বাবেও উপকাৰী । আনকি আমেৰিকান হাৰ্ট এছ’চিয়েশ্যনেও বিশ্বাস কৰে যে, গোটা শস্যই তেজৰ কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰে, যাৰ ফলত হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ সম্ভাৱনা হ্ৰাস পায় ।

৪/ অন্ত্ৰ সুস্থ কৰি ৰাখে

ৰিফাইন চাউলৰ পৰা তৈয়াৰী ভাত খালেও ইয়াৰ পৰা ভাল পৰিমাণৰ আঁহ পোৱা যায় । যাৰ বাবে আপোনাৰ অন্ত্ৰত কোনোধৰণৰ প্ৰদাহৰ সমস্যাৰ সৃষ্টি নহয় আৰু ইয়াৰ ফলত স্বাস্থ্যৰো উন্নতি সাধন হয় । এই কাৰণেই ডায়েৰিয়া বা পেটৰ বিষ হ’লে সিজোৱা ভাত খোৱাটো বাঞ্ছনীয় ।

৫/ হাড়ৰ বাবে উপকাৰী

ভাত খালে আমাৰ শৰীৰে ভিটামিন C আৰু ভিটামিন D লাভ কৰে যি আমাৰ শৰীৰ তথা আমাৰ হাড়ৰ বাবে খুবেই লাভদায়ক ৷

৬/ শক্তিৰে ভৰা

যিহেতু ভাত কাৰ্ব সমৃদ্ধ খাদ্য, গতিকে ইয়াক খালে তৎক্ষণাত শক্তি পোৱা যায় আৰু ভাতৰ সৈতে আমি যি তৰকাৰী গ্ৰহণ কৰো যেনে- দালি ভাত, মাংস ভাত, নিৰামিষ তৰকাৰীৰ সৈতে ভাত ৷ ই এক পূৰ্ণাংগ আহাৰ যিয়ে আমাৰ শৰীৰত পুষ্টি প্ৰদান কৰাত সহায় কৰে ৷

সেইবাবেই খেলুৱৈসকলেও ব্ৰাউন ৰাইচৰ সলনি হোৱাইট ৰাইচ অৰ্থাৎ বগা ভাত খোৱাটো পছন্দ কৰে, কাৰণ ই তৎক্ষণাত আমাৰ শৰীৰক শক্তি প্ৰদান কৰে ।

লগতে পঢ়ক: ডায়েবেটিছ ৰোগীয়ে স্বাস্থ্যৰ কোনো ক্ষতি নোহোৱাকৈ কেনেদৰে ভাত খোৱা উচিত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.