ETV Bharat / health

শাওন মাহৰ এই বিশেষ দিনত পূৰ্ণ হ’ব আপোনাৰ মনৰ আশা: জানক এই দিনকেইটা কি কি - Shravana Putrada Ekadashi 2024

author img

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 8:00 PM IST

Shravana Putrada Ekadashi 2024: শাওনৰ পবিত্ৰ একাদশীক পুত্ৰদা একাদশী বোলা হয় । পুত্ৰদা একাদশী মানে পুত্ৰ জন্মৰ কামনা পূৰণ কৰা একাদশী । নিঃসন্তান লোকৰ বাবে এই একাদশীৰ বিশেষ তাৎপৰ্য আছে ৷ পঢ়ক সম্পূৰ্ণ প্ৰতিবেদন-

When will Shravan Putrada Ekadashi be celebrated, note the auspicious time and puja vidhi
শাওন মাহৰ এই বিশেষ দিনত পূৰ্ণ হ’ব আপোনাৰ মনৰ আশা: জানক এই দিনকেইটা কি কি (FREEPIK)

প্ৰতিমাহে দুবাৰকৈ একাদশী ব্ৰত পালন কৰা হয় ৷ এই ব্ৰত ভগৱান বিষ্ণুৰ প্ৰতি সমৰ্পিত ৷ ইয়াৰে এটা কৃষ্ণ পক্ষত আনটো শুক্ল পক্ষত ৷ ধৰ্মীয় বিশ্বাস অনুসৰি একাদশী ব্ৰত পালন কৰিলে মানুহে সকলো দুখৰ পৰা মুক্তি লাভ কৰে আৰু বৈবাহিক জীৱন সুখকৰ হয় ৷ শাওনৰ মাহটোত মহাদেৱৰ আৰাধনা কৰিলে সুফল পোৱা যায় বুলি বিশ্বাস কৰা হয় ৷ গতিকে শাওন মাহত কেতিয়া একাদশী ব্ৰত পালন কৰা হ’ব জানো আহক-

দুটা একাদশী

বৈদিক পঞ্জিকা অনুসৰি কামিকা আৰু পুত্ৰদা একাদশী নামৰ দুটা বিশেষ একাদশী শাওন মাহত পৰে ৷ কামিকা একাদশীৰ ব্ৰত পালন কৰিলে মানুহৰ সকলো ইচ্ছা পূৰণ হয় বুলি ধৰ্মীয় বিশ্বাস আছে ৷ একে সময়তে পুত্ৰদা একাদশীৰ ব্ৰত পালন কৰি বিবাহিত মহিলাসকলে সুখ, সৌভাগ্য আৰু সন্তান লাভ কৰে বুলি কোৱা হয় ৷

একাদশী কেতিয়া

হিন্দু পঞ্জিকা অনুসৰি শাওন মাহৰ কৃষ্ণপক্ষৰ একাদশী তিথি অহা ৩০ জুলাইৰ সন্ধিয়া ৪ বাজি ৪৪ মিনিটৰ পৰা আৰম্ভ হ’ব ৷ আনহাতে অন্ত পৰিব পিচদিনা অৰ্থাৎ ৩১ জুলাইৰ বিয়লি ৩ বাজি ৫৫ মিনিটত ৷ এই সময়ত ৩১ জুলাইত কামিকা একাদশীৰ ব্ৰত পালন কৰা হ’ব ৷

বিশ্বাস অনুসৰি এই একাদশীত ব্ৰত ৰাখিলে ভক্তৰ সকলো মনৰ আশা পূৰণ হয় আৰু পাপৰ পৰা মুক্তি লাভ কৰে ৷ শাওণ মাহত ব্ৰতৰ গুৰুত্ব অধিক আছে ৷ দেৱশয়নী একাদশীৰ পাচত এইটো প্ৰথম একাদশী যত ভগৱান বিষ্ণু যোগ নিদ্ৰাত থাকে ৷

পুত্ৰদা একাদশী

শাওণ মাহৰ দ্বিতীয়টো একাদশী পুত্ৰদা একাদশী ৷ পঞ্জিকা অনুসৰি শাওন মাহৰ শুক্লপক্ষৰ একাদশী তিথি ১৫ আগষ্টৰ পুৱা ১০ বাজি ২৬ মিনিটত আৰম্ভ হৈ ১৬ আগষ্টৰ পুৱা ৯ বাজি ৩৯ মিনিটত সমাপ্ত হ’ব ৷ গতিকে ১৬ আগষ্টত পুত্ৰদা একাদশী পালন কৰা হ’ব ৷

শাওনৰ পবিত্ৰ একাদশীক পুত্ৰদা একাদশী বোলা হয় ৷ পুত্ৰৰ একাদশী মানে পুত্ৰ জন্মৰ কামনা পূৰণ কৰা একাদশী ৷ নিঃসন্তান লোকৰ বাবে এই একাদশীৰ বিশেষ তাৎপৰ্য আছে ৷ এই দিনটোত সঁচা অন্তৰেৰে উপবাস কৰি শ্ৰী হৰি বিষ্ণুক পূজা কৰি পুত্ৰ জন্মৰ কামনা পূৰ্ণ হয় ৷ ইয়াৰ বাহিৰেও এই একাদশীত ব্ৰত পালন কৰিলে শিশুৰ লগত জড়িত সকলো বিপদ নাইকিয়া হয় আৰু সন্তান জন্ম দিয়াৰ সৰ্বোত্তম সুখ পোৱা যায় ৷ লগতে শিশুৱে দীৰ্ঘায়ু আৰু স্বাস্থ্য লাভ কৰে ৷

লগতে পঢ়ক: Sawan 2023 Monday Fast Recipe: শাওন মাহত ব্ৰতৰ সময়ত খাবৰ বাবে এনেদৰে ঘৰতে তৈয়াৰ কৰক কেঁচা কলৰ চিপছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.