ETV Bharat / health

আপোনাৰ সন্তানেও গাখীৰ খাবলৈ দিলে মুখ কোঁচাবলৈ আৰম্ভ কৰে নেকি ? - Milk Alternatives

author img

By ETV Bharat Assamese Team

Published : Aug 3, 2024, 9:01 PM IST

Milk Alternatives for Child: এনে বহু ল’ৰা-ছোৱালী আছে যিয়ে পিতৃ-মাতৃয়ে গাখীৰ খাবলৈ দিলে খাব নিবিচাৰে বা গাখীৰ দেখিলেই পলাবলৈ আৰম্ভ কৰে ৷ চিকিৎসকে শিশুৰ দৈহিক গঠন তথা শৰীৰত কেলচিয়াম আৰু অন্য পুষ্টিকৰ উপাদানৰ যোগান ধৰিবৰ বাবে শিশুক গাখীৰ খুৱাবলৈ পৰামৰ্শ দিয়ে সেয়ে অভিভাৱকসকলে প্ৰায়ে এই বিষয়ক লৈ চিন্তিত হোৱা দেখা যায় ৷ তেনেহ’লে ইয়াৰ উপায় কি ?

What To Do When Your Child Won't Drink Milk
আপোনাৰ সন্তানেও গাখীৰ খাবলৈ দিলে মুখ কোঁচাবলৈ আৰম্ভ কৰে নেকি ? (FREEPIK)

গাখীৰক এক সম্পূৰ্ণ আহাৰ বুলি গণ্য কৰা হয় ৷ ইয়াত প্ৰ'টিন, কেলচিয়াম, কাৰ্বহাইড্ৰেট, চৰ্বি আৰু ভিটামিনৰ দৰে শৰীৰৰ বাবে লাগতিয়াল প্ৰায় সকলো পুষ্টি থাকে ৷ সেয়েহে বিশেষজ্ঞই সকলোকে গাখীৰ খাবলৈ পৰামৰ্শ দিয়ে ৷ বিশেষকৈ শিশুৰ আহাৰত গাখীৰ অন্তৰ্ভুক্ত কৰাটো খুবেই দৰকাৰী ৷ ই শিশুৰ হাড় তথা সমগ্ৰ শাৰিৰীক বিকাশৰ বাবে অতি উপকাৰী ৷ কিন্তু অসুবিধা এয়ে যে, বহু শিশুয়েই গাখীৰ খাবলৈ ভাল নাপায় ৷

অভিভাৱকসকলে প্ৰায়ে এই বিষয়ক লৈ চিন্তিত হয় ৷ তেওঁলোক আনকি সন্তানে গাখীৰ নোখোৱাৰ অভিযোগ লৈ চিকিৎসকৰ ওচৰলৈও যায় ৷ অৱশ্যে, কিছুমান গৱেষণাত প্ৰমাণ হৈছে যে একাংশ শিশুৱে গাখীৰ খোৱাৰ পিছত এচিডিটি, পেটৰ বিষ বা অস্বস্তি অনুভৱ কৰে ৷ যাৰ বাবে তেওঁলোকে গাখীৰ খাবলৈ মন নকৰে ৷

কিন্তু শিশুৰ বাবে গাখীৰ খোৱাটো অতি জৰুৰী ৷ গতিকে কিদৰে সন্তানক গাখীৰ খুৱাব, তাকে লৈ অভিভাৱকসকল চিন্তাত পৰে ৷যাৰ বাবে বহু চিকিৎসকে অভিভাৱকসকলক গাখীৰৰে তৈয়াৰী দৈ, পনীৰ, চীজ আদি খুৱাবলৈ পৰামৰ্শ দিয়ে ৷

কিন্তু আপুনি গাখীৰৰ সলনি আন কেতবোৰ স্বাস্থ্যকৰ খাদ্যও শিশুৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে ৷ যি গাখীৰৰ সমানেই তেওঁলোকক পুষ্টি প্ৰদান কৰে ৷সেই খাদ্যসমূহ হৈছে যেনে -

১) গাখীৰৰ সলনি আপুনি সন্তানক ব্ৰকলী খাবলৈ দিয়ক ৷

২) নাৰিকলৰ গাখীৰ, বাদামৰ গাখীৰ বা ছ’য়া গাখীৰ তেওঁলোকৰ আহাৰত অন্তৰ্ভুক্ত কৰিব পাৰি ৷ ই গাখীৰৰ দৰেই পুষ্টিদায়ক ৷

৩) যদি আপোনাৰ সন্তানে টফু সুস্বাদু পায়, তেনেহ'লে তেওঁলোকক গাখীৰৰ সলনি টফু খাবলৈ দিব পাৰে ৷

৪) বীন আৰু মাহজাতীয় শস্যবোৰো শিশুৰ আহাৰত অন্তৰ্ভুক্ত কৰিব ৷ কিয়নো বীন আৰু মাহজাতীয় শস্যত প্ৰ'টিন, আঁহ আৰু ভিটামিন থাকে ৷ যদি শিশুটো ১ বছৰতকৈ সৰু হয়, তেনেহ'লে তেওঁলোকক মচুৰ দাইলৰ পানী আৰু পিউৰি দিব পাৰি ৷

৫) গাখীৰ খাবলৈ বেয়া পোৱা শিশুসকলৰ খাদ্য তালিকাত আপুনি মাছ অন্তৰ্ভুক্ত কৰিব পাৰে ৷

৬) এনে শিশুক মুৰ্গী কণীও খাবলৈ দিব ৷ অৱশ্যে, ইয়াক কেনেকৈ, কেতিয়া আৰু কিমান পৰিমাণত দিব লাগে, সেই বিষয়ে বিশেষজ্ঞ বা চিকিৎসকৰ মতামত ল’ব ৷

লগতে পঢ়ক: শিশুৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই ৪বিধ বস্তু, মজবুত হৈ উঠিব হাড়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.