সমগ্ৰ বিশ্বতে পুৰুষৰ শুক্ৰাণুৰ সংখ্যা ক্ৰমাগতভাৱে হ্ৰাস পাবলৈ ধৰিছে । বিগত ৪৫ বছৰত পৰিসংখ্যা আধাতকৈও অধিক হ্ৰাস পাইছে । বিশেষজ্ঞসকলৰ মতে, ইয়াৰ প্ৰভাৱ ভাৰতৰ পুৰুষৰ ওপৰতে বেছিকৈ পৰিছে । ‘Human Reproduction Update’ জাৰ্নেলৰ প্ৰতিবেদনত কোৱা হৈছে যে ১৯৭৩ চনৰ পৰা শুক্ৰাণুৰ সংখ্যা ক্ৰমাগতভাৱে হ্ৰাস পাইছে । যাৰ বাবে বন্ধ্যাত্বৰ সমস্যা তেনেই সাধাৰণ হৈ পৰিছে । বিজ্ঞানীসকলৰ মতে, আগন্তুক সময়ত পুৰুষৰ শুক্ৰাণুৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাব পাৰে, যিটো এক চিন্তনীয় বিষয় । এনে পৰিস্থিতিত আপোনাৰ শুক্ৰাণুৰ সংখ্যা কিমান হ’ব লাগে আজি এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক-
শুক্ৰাণুৰ সংখ্যা কিয় কমি আহিছে ?
- অন্তঃস্ৰাৱী বিঘ্নিতকাৰী ৰাসায়নিক পদাৰ্থ(Endocrine disrupting chemicals) খাদ্য আৰু বায়ুৰ জৰিয়তে শৰীৰত লাহে লাহে প্ৰৱেশ কৰিবলৈ ধৰিছে, যাৰ ফলত আন হৰম’নবোৰো প্ৰভাৱিত হয় ।
- প্ৰদূষণৰ বাবে পুৰুষৰ শুক্ৰাণুৰ সংখ্যাও দিনক দিনে কমি আহিছে ।
- অত্যধিক ধূমপান আৰু মদ্যপানেও শুক্ৰাণুৰ সংখ্যাত প্ৰভাৱ পেলাব পাৰে ।
- মেদবহুলতা আৰু মাদক দ্ৰব্য সেৱনৰ অভ্যাসৰ ফলতো শুক্ৰাণুৰ সংখ্যা হ্ৰাস পাব পাৰে ।
- পুৰুষৰ যৌন হৰম’নত টেষ্টষ্টেৰনৰ ভাৰসাম্যহীনতাই শুক্ৰাণুৰ সংখ্যাও হ্ৰাস কৰে ।
- শুক্ৰাণুৰ লগত জড়িত জিনীয় ৰোগ, ব্যক্তিগত অংগত সংক্ৰমণ আৰু যৌন ৰোগ গনোৰিয়া আদিৰ বাবে শুক্ৰাণুৰ সংখ্যা কম হোৱাৰ আশংকা থাকে ।
শুক্ৰাণুৰ সংখ্যা কম কেনেকৈ ধৰা পৰে ?
কোনো পৰীক্ষা নকৰাকৈ পুৰুষে নিজৰ শুক্ৰাণুৰ সংখ্যা কম হৈছে নে নাই ধৰা পেলোৱাটো সম্ভৱ নহয় । পুৰুষৰ বীৰ্যত শুক্ৰাণুৰ সংখ্যা কমিছে নে নাই পৰীক্ষা কৰিবলৈ বীৰ্য বিশ্লেষণ পৰীক্ষা কৰা হয় । ভাৰতত প্ৰায়বোৰ পুৰুষে প্ৰজনন ক্ষমতাৰ সমস্যাৰ সন্মুখীন হ’লেহে এই পৰীক্ষাটো কৰে ।
শুক্ৰাণুৰ সংখ্যা কিমান হ’ব লাগে ?
বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ প্ৰতিবেদন অনুসৰি শুক্ৰাণুৰ সংখ্যা, আকাৰ আৰু গতিশীলতাৰ ওপৰত নিৰ্ভৰ কৰি সুস্থ বীৰ্য নিৰ্ণয় কৰা হয় । ৩৫ বছৰ বয়সৰ পিছত বীৰ্যৰ গুণগত মান অৱনমিত হ’বলৈ ধৰে । সংখ্যাৰ ফালৰ পৰা ১ মিলিলিটাৰ বীৰ্যত ১.৫ কোটি শুক্ৰাণু থাকে । যদি ইয়াৰ সংখ্যা অত্যধিক হ্ৰাস পায় তেন্তে সংগীয়ে গৰ্ভধাৰণত অসুবিধাৰ সন্মুখীন হয় । এগৰাকী মহিলাৰ গৰ্ভধাৰণৰ বাবে পুৰুষৰ শুক্ৰাণুৰ মুভমেন্ট খুবেই প্ৰয়োজনীয় । ইয়াৰ লগতে ৪০% ডিম্ব ডিম্বাশয়লৈ যাব লাগে ।
উৎকৃষ্ট শুক্ৰাণুৰ মানদণ্ডৰ বাবে কি কৰিব লাগে ?
- সুৰাপান আৰু ধূমপান ত্যাগ কৰা ।
- কেৱল শীতল পৰিৱেশত থাকিব লাগে ।
- অতি টান কাপোৰ পৰিধান কৰা পৰা বিৰত থাকক ।
- দীঘলীয়া সময়ৰ বাবে লেপটপটো কোলাত ৰখাৰ পৰা বিৰত থাকক ।
- ভাল আৰু সুষম খাদ্য গ্ৰহণ কৰক ।
- ওজন হ্ৰাস কৰক ।
- গৰম পানীৰে অবিৰতভাৱে স্নান কৰাটো পৰিহাৰ কৰক ।
- ৰেজিন চকী, বাইক বা চাইকেল বেছিকৈ চলাব নালাগে ।
- ভজা খাদ্যৰ পৰা আঁতৰি থাকক ।