ETV Bharat / health

কেৱল চৰ্বিৰ বাবেই পেট ডাঙৰ হয় নেকি ? জানি লওক কাৰণ - Obesity and Bloating

author img

By ETV Bharat Health Team

Published : Sep 9, 2024, 4:53 PM IST

Updated : Sep 9, 2024, 4:59 PM IST

Obesity and Bloating: আমাৰ মাজত এনে বহুলোক আছে যিয়ে পেট ফুলাক পেটৰ চৰ্বি বৃদ্ধি বা মেদবহুলতা বুলি ভাবে ৷ কিন্তু প্ৰকৃততে, ফুলা আৰু মেদবহুলতা দুয়োটাই স্বাস্থ্যৰ সমস্যা যদিও দুয়োটাৰে সমস্যা আৰু প্ৰভাৱো পৃথক ৷ আজি ইয়াৰ পাৰ্থক্যৰ বিষয়ে জানো আহক-

what is the difference between obesity and bloating
কেৱল চৰ্বিৰ বাবেই পেট ডাঙৰ হয় নেকি ? জানি লওক কাৰণ (ETV Bharat)

অস্বাস্থ্যকৰ খাদ্যভাষ তথা ভুল জীৱনশৈলীয়ে বহু শাৰীৰিক সমস্যাক আমন্ত্ৰণ দিয়ে ৷ বহুসময়ত মানুহে পেটৰ গধুৰতা অৰ্থাৎ পেট ফুলাক পেটৰ চৰ্বি বৃদ্ধি বা মেদবহুলতা বুলি ভুল কৰে ৷ প্ৰকৃততে, ফুলা আৰু মেদবহুলতা দুয়োটাই স্বাস্থ্যৰ সমস্যা যদিও দুয়োটাৰে সমস্যা আৰু প্ৰভাৱো পৃথক ৷ আজি এই বিষয়ে জানো আহক-

পেট ফুলা

পেট ফুলা হৈছে এনে এক স্থিতি, য'ত পেটত গেছ ভৰ্তি হোৱাৰ ফলত পেট ফুলি যায় ৷ ইয়াক প্ৰায়ে খোৱাৰ পিছত অনুভৱ কৰা হয়, বিশেষকৈ যেতিয়া গধুৰ আহাৰ গ্ৰহণ কৰা হয় ৷ পেটৰ বিষ, গেছ, ডায়েৰিয়া বা কোষ্ঠকাঠিন্যৰ ফলত সাধাৰণতে পেট ফুলাৰ সমস্যা হয় ৷

পেট ফুলাৰ কাৰণ

পেট ফুলাৰ বহুতো কাৰণ থাকিব পাৰে ৷ উচ্চ আঁহযুক্ত আহাৰ খোৱা, খাদ্যৰ সৈতে বায়ু পেটলৈ যোৱা, গেষ্ট্ৰোইনটেষ্টিনেল (জিআই) সমস্যা, লেক্টোজ অসহিষ্ণুতা, ইৰিটেবল বাৱেল চিণ্ড্ৰোম (আই.বি.এছ.), বা হৰমনৰ পৰিৱৰ্তন আদি হৈছে পেট ফুলাৰ অন্যতম কাৰণ ৷পেট ফুলাৰ সমস্যা অস্থায়ী ৷ই সাধাৰণতে গুৰুতৰ নহয় যদিও যদি বহুদিন এই সমস্যা শৰীৰত থাকে, ই এক গুৰুতৰ আভ্যন্তৰীণ সমস্যাৰ লক্ষণ হ'ব পাৰে ৷

মেদবহুলতা

মেদবহুলতা হৈছে এক দীৰ্ঘম্যাদী স্থিতি য'ত শৰীৰত অত্যধিক চৰ্বি জমা হয় ৷ ইয়াক বডী মাছ ইণ্ডেক্স (বিএমআই)ৰ দ্বাৰা জোখা হয় ৷ যদি বিএমআই ৩০ বা অধিক হয়, তেন্তে এনে ব্যক্তিক মেদবহুল বুলি গণ্য কৰা হয় ৷ অত্যধিক ওজন বৃদ্ধিৰ ফলত উশাহ লোৱাত অসুবিধা, ভাগৰ, গাঁঠিৰ বিষ আৰু শৰীৰক সক্ৰিয় কৰি ৰখাত অসুবিধা হয় ৷

মেদবহুলতাৰ কাৰণ

মেদবহুলতাৰ কাৰণ বহুতো কাৰণ হ'ব পাৰে ৷ ইয়াৰ ভিতৰত উচ্চ কেলৰি যুক্ত আহাৰ গ্ৰহণ, শাৰীৰিক সক্ৰিয়তাৰ অভাৱ, আনুবংশিক কাৰক, হৰমনৰ ভাৰসাম্যহীনতা তথা অস্বাস্থ্যকৰ জীৱনশৈলী অন্যতম ৷ মেদবহুলতাৰ ফলত হৃদৰোগ, টাইপ ২ ডায়বেটিচ, উচ্চ ৰক্তচাপ, ষ্ট্ৰ’ক, কৰ্কট ৰোগ, অষ্টিওআৰ্থ্ৰাইটিছৰ দৰে বহুতো গুৰুতৰ স্বাস্থ্য সমস্যা হ'ব পাৰে ৷

পেট ফুলা আৰু মেদবহুলতাৰ কোনটোৰ বিপদাশংকা অধিক ?

মেদবহুলতা ফুলাতকৈ অধিক গুৰুতৰ স্থিতি ৷ ফুলা সাধাৰণতে অস্থায়ী আৰু কম গুৰুতৰ হয় ৷ আনহাতে, মেদবহুলতা হৈছে এক দীৰ্ঘম্যাদী স্বাস্থ্য সমস্যা, যি জীৱনৰ বাবে বিপদজনক হ'ব পাৰে ৷ মেদবহুলতাই বিভিন্ন প্ৰকাৰৰ ৰোগৰ আশংকা বৃদ্ধি কৰাৰ লগতে জীৱনৰ মানদণ্ডৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে ৷ সেয়েহে, মেদবহুলতা পৰিহাৰ কৰিবলৈ স্বাস্থ্যকৰ আহাৰ, নিয়মীয়া ব্যায়াম আৰু জীৱনশৈলীৰ উন্নত কৰাটো খুবেই জৰুৰী ৷ আনহাতে, আহাৰত কিছু পৰিৱৰ্তন কৰা আৰু সাম্ভাব্য কাৰণবোৰ চিনাক্ত কৰাটো পেট ফুলা প্ৰতিৰোধ কৰাত সহায়ক হ'ব পাৰে ৷

Ref:- https://www.ncbi.nlm.nih.gov/pmc/articles/PMC3096111/#:~:text=Obese%20patients%20were%20also%20found,%2C%20obesity%2C%20and%20IBS%20symptoms.

লগতে পঢ়ক: বিয়াৰ পিচত কিয় শকত হৈ পৰে মহিলাসকল ? পোহৰলৈ আহিল এই ৫টা ডাঙৰ কাৰণ - Women Gain weight After Marriage

Last Updated : Sep 9, 2024, 4:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.