আমি প্ৰায়ে শুনি আহিছো যে ফল-মূলত ভিটামিন, খনিজ আৰু এন্টিঅক্সিডেন্ট থাকে আৰু ইয়াৰ নিয়মীয়া সেৱনে আমাৰ শৰীৰক শক্তি প্ৰদান কৰাৰ লগতে পুষ্টিকৰ উপাদানৰ যোগান ধৰে ৷ এই কাৰণেই প্ৰায়ে ইয়াক দৈনিক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিয়া হয় ৷
ফল-মূল খালে উচ্চ কলেষ্টেৰল, উচ্চ ৰক্তচাপ, হৃদৰোগ, কেন্সাৰ আদি বিপদজনক ৰোগৰ পৰা হাত সাৰিব পাৰি ৷ অৱশ্যে আপুনি নিশ্চয় শুনিছে যে যদিহে স্বাস্থ্যসন্মত খাদ্য সঠিক সময়ত নাখায়, তেন্তে ক্ষতিৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে ৷ গতিকে সতেজ ৰসাল ফল খালে কি কি উপকাৰিতা সাধন হয় পুষ্টিবিদৰ পৰা জানো আহক-
![What is the best time to eat fruits? Find out the ideal time from a nutritionist](https://etvbharatimages.akamaized.net/etvbharat/prod-images/14-10-2024/22675963_thv.jpg)
আমি কেতিয়া ফল-মূল খাব লাগে ?
পুষ্টিবিদৰ মতে, আপেল, কল, তৰমুজ, এভোকেডো, আম, আনাৰস, চাপোটা আদি ফল পুৱা খাব লাগে ৷ ইয়াৰ আঁৰৰ কাৰণ কি জানো আহক-
পুৱা ফল-মূল খোৱাৰ উপকাৰিতা
১/ ভিটামিন আৰু খনিজ পদাৰ্থ
পুৱা ফল খালে আপোনাৰ শৰীৰে প্ৰয়োজনীয় ভিটামিন আৰু খনিজ পদাৰ্থৰ মাত্ৰা আগতীয়াকৈ পোৱাটো নিশ্চিত কৰে, যাৰ ফলত দিনটোৰ বাবে আপোনাৰ শৰীৰে শক্তিলাভ কৰে ৷
২/ শৰীৰক হাইড্ৰেট কৰি ৰাখে
![What is the best time to eat fruits? Find out the ideal time from a nutritionist](https://etvbharatimages.akamaized.net/etvbharat/prod-images/14-10-2024/22675963_th.jpg)
তৰমুজ আৰু কমলাৰ দৰে ফলত পানীৰ পৰিমাণ বেছি থাকে, ই আপোনাৰ দিনটো হাইড্ৰেচনৰ সৈতে আৰম্ভ কৰাত সহায় কৰে ৷
৩/ প্ৰাকৃতিক চেনি
প্ৰাকৃতিক চেনি ফল-মূলত পোৱা যায়, যিয়ে পুৱা আপোনাৰ বিপাকীয় ক্ৰিয়া ক্ষীপ্ৰ কৰিবলৈ প্ৰয়োজনীয় শক্তি প্ৰদান কৰে ৷
৪/ হজম ক্ৰিয়া উন্নত কৰে আৰু ওজন হ্ৰাসত সহায়
ফলত থকা আঁহে হজম শক্তিত সহায় কৰে আৰু আপোনাৰ পেটতো পূৰ হৈ থকা অনুভৱ কৰাত সহায় কৰে, যদি আপুনি ওজন কমাব বিচাৰে তেন্তে নিশ্চিতভাৱে পুৱা ফল খাব পাৰে ৷