ETV Bharat / health

নিজৰ সৌন্দৰ্য বজাই ৰাখিবলৈ কি কৰে নোৰা ফাতেহীয়ে ? - নোৰা ফাতেহী

Nora Fatehi: নোৰা ফাতেহীৰ ছাল ইমানেই উজ্জ্বল যে, সকলোৱে তেওঁৰ উজ্জ্বল ছালৰ ৰহস্যৰ বিষয়ে জানিবলৈ বিচাৰে আৰু নোৰাই শেহতীয়াকৈ তেওঁৰ নিখুঁত ছালৰ ৰহস্য ৰাজহুৱা কৰিছে ৷ উজ্জ্বল ছাল-চুলিৰে কেনেকৈ নো নোৰা ইমান সুন্দৰী হৈ আছে, আজি জানো আহক-

What is Nora Fatehi's beauty secret, glowing skin?
নিজৰ সৌন্দৰ্যতা বজাই ৰাখিবলৈ কি কৰে নোৰা ফাতেহীয়ে ?
author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 5:28 PM IST

নোৰা ফাতেহী, নামেই যাৰ পৰিচয় ! সুদক্ষ অভিনয়, অতুলনীয় নৃত্য-শৈলীৰ লগতে অপূৰ্ব সৌন্দৰ্যৰ গৰাকী ন'ৰাই খুব কম সময়তে বলীউডত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ বিশেষকৈ, অভিনেত্ৰীগৰাকীৰ ছাল ইমানেই উজ্জ্বল যে, সকলোৱে তেওঁৰ উজ্জ্বল ছালৰ ৰহস্যৰ বিষয়ে জানিবলৈ বিচাৰে আৰু নোৰাই শেহতীয়াকৈ তেওঁৰ নিখুঁত ছালৰ ৰহস্য ৰাজহুৱা কৰিছে ৷ উজ্জ্বল ছাল-চুলিৰে কেনেকৈনো নোৰা ইমান সুন্দৰী হৈ আছে, আজি জানো আহক-

  • সতেজ কৰি ৰাখে ছাল

এক সাক্ষাৎকাৰত নোৰাই জনোৱা মতে, তেওঁ যেতিয়াই ঘৰত থাকে, তেতিয়াই ছালখন সতেজ কৰি ৰাখিবলৈ চেষ্টা কৰে ৷ আনহাতে, মেকআপ আঁতৰ কৰাৰ পিছত সদায় ছাল ভালদৰে পৰিস্কাৰ কৰে ৷ মুখ পৰিস্কাৰ কৰিবলৈ অভিনেত্ৰীগৰাকীয়ে ক্লিনজাৰ ব্যৱহাৰ কৰে, যাতে ছালৰ লেতেৰাবোৰ সহজতে পৰিস্কাৰ হৈ পৰে ৷

  • ব্যৱহাৰ কৰে চিৰাম

নোৰাই ছালৰ বাবে ট’নাৰ ব্যৱহাৰ কৰে ৷ ইয়াৰ বাবে তেওঁ ছালত স্প্ৰে কৰি কপাহৰে চাফা কৰে আৰু তাৰ পিছত ছালত চিৰাম প্ৰয়োগ কৰে ৷ তেওঁ সদায় প্ৰাকৃতিক উপাদানৰে তৈয়াৰী সৌন্দৰ্য সামগ্ৰী ব্যৱহাৰ কৰে ৷

অভিনেত্ৰীগৰাকীয়ে বিশ্বাস কৰে যে যদি ছালখনক হাইড্ৰেটড কৰি ৰখা নহয়, তেতিয়া অতি সোনকালে ছালত বয়সৰ চাপ পৰে ৷ এনে পৰিস্থিতিত, ছালখন হাইড্ৰেটেড কৰি ৰখাটো অতি গুৰুত্বপূৰ্ণ ৷ নোৰাই ছালখন হাইড্ৰেটেড ৰাখিবলৈ গ্ৰীণ টি এণ্টিঅক্সিডেণ্ট মাস্ক প্ৰয়োগ কৰে ৷ অভিনেত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰা মতে, তেওঁৰ সৌন্দৰ্য সামগ্ৰীবোৰত মুখ্যতঃ আৰ্গান তেল অন্তৰ্ভুক্ত থাকে, যি তাইৰ ছাল স্বাস্থ্যৱান ৰখাত সহায় কৰে ৷

  • এইদৰে কৰে ফেচ স্ক্ৰাবৰ ব্যৱহাৰ

নোৰাই সদায় গ্ৰীণ টি থকা স্ক্ৰাব ব্যৱহাৰ কৰে ৷ এই স্ক্ৰাবে মুখখন গভীৰভাৱে পৰিস্কাৰ কৰাৰ লগতে অভিনেত্ৰীগৰাকীক চাপমুক্ত কৰি ৰাখে ৷ তেওঁ স্ক্ৰাব পাতল হাতেৰে বৃত্তাকাৰ গতিত ছালত প্ৰয়োগ কৰে ৷

নোৰাৰ মতে, ছালৰ যত্নৰ ৰুটিন অনুসৰণ কৰাৰ লগতে তেওঁ দৈনিক নৃত্য কৰে, যি তেওঁৰ ‘মুড’ ভাল আৰু ছাল উজ্জ্বল কৰি ৰাখে ৷ তদুপৰি, তেওঁ যথেষ্ট পানী খায় আৰু যিমান সম্ভৱ ফল আৰু তৰল পদাৰ্থবোৰ আহাৰত অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰে ৷ তেওঁলোকে সকলো সময়তে সক্ৰিয় হৈ থাকিবলৈ ভাল পায়, যিয়ে তেওঁক ভিতৰৰ পৰা সুখ দিয়ে আৰু ছালো জিলিকাই ৰাখে ৷

লগতে পঢ়ক: প্ৰথমবাৰৰ বাবে মুখ্য অভিনেত্ৰীৰ চৰিত্ৰত দেখা যাব নোৰা ফাতেহীক, সম্পূৰ্ণ হ’ল ছবিখনৰ শ্বুটিং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.