লিভাৰ চিৰ’ছিছ হৈছে লিভাৰৰ অন্যতম এটি ভয়াৱহ ৰোগ ৷ লিভাৰ চিৰ’ছিছৰ ক্ষেত্ৰত সাধাৰণতে লিভাৰত ঘাঁ হোৱা দেখা যায় ৷ হেপাটাইটিছ বা দীৰ্ঘদিনীয়া মদ্যপানৰ আসক্তিৰ ফলত লিভাৰ চিৰ’ছিছ হ’ব পাৰে ৷ অত্যধিক মদ্যপান কৰিলে লিভাৰ চিৰ’ছিছ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় ৷ কাৰোবাৰ লিভাৰ চিৰ’ছিছ হ’লে মাজে মাজে পৰীক্ষা কৰি চিকিৎসা কৰাব লাগে ৷
লিভাৰ চিৰ’ছিছ হ’লে কিছুমান লক্ষণ দেখাবলৈ আৰম্ভ কৰে ৷ এইবোৰ সহজে চিনাক্ত কৰি চিকিৎসা কৰাব পাৰে ৷ গতিকে এতিয়া লিভাৰ চিৰ’ছিছৰ লক্ষণসমূহৰ বিষয়ে জানো আহক, যাৰ দ্বাৰা আপুনি ইয়াক সহজে চিনাক্ত কৰিব পাৰিব আৰু সময় থাকোতে ইয়াৰ চিকিৎসা কৰিব পাৰিব ৷
ছাল বা চকু হালধীয়া হোৱা
ছাল বা চকু হালধীয়া হোৱাটো লিভাৰ চিৰ’ছিছৰ লক্ষণ হ’ব পাৰে ৷ যদি আপুনি আপোনাৰ ছাল, নখ বা চকুৰ বগা অংশ হালধীয়া হোৱা দেখা পায়, তেন্তে লগে লগে আপোনাৰ বিশেষজ্ঞৰ পৰা পৰামৰ্শ লওক আৰু সময়মতে চিকিৎসা গ্ৰহণ কৰক ৷
কিছুমান ৰোগীয়ে লিভাৰ চিৰ’ছিছৰ বাবে ভোক কম অনুভৱ কৰে ৷ যদি আপুনি কোনো কাৰণ নোহোৱাকৈ কমকৈ ভোক অনুভৱ কৰি আছে তেন্তে এবাৰ আপোনাৰ লিভাৰৰ পৰীক্ষা কৰাওক আৰু যদি কোনো সমস্যা হয় তেন্তে তৎক্ষণাত চিকিৎসা গ্ৰহণ কৰক ৷
লগতে পঢ়ক: কেইপেগ সুৰাই সুৰক্ষিত কৰি ৰাখে লিভাৰ - How Much Alcohol Can Damage Liver
ক্লান্তি আৰু দুৰ্বলতা
লিভাৰ চিৰ’ছিছৰ বাবে আপোনাৰ লিভাৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হ’ব পাৰে আৰু তাৰ পিচত ই সঠিকভাৱে কাম কৰিব নোৱাৰে ৷ ইয়াৰ বাবে ৰোগীয়ে অতি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিবলৈ আৰম্ভ কৰে ৷
ফুলা আৰু খজুৱতি
ইয়াৰ উপৰিও শৰীৰত ফুলা আৰু খজুৱতি হোৱাটোও লিভাৰ চিৰ’ছিছৰ লক্ষণ হ’ব পাৰে ৷ যদি আপুনিও এনে লক্ষণ দেখিছে তেন্তে ইয়াক বেছি দিন আওকাণ নকৰি তৎক্ষণাত চিকিৎসা গ্ৰহণ কৰক ৷
যকৃতৰ সৈতে জড়িত সমস্যাৰ ক্ষেত্ৰত খাদ্য সঠিকভাৱে হজম নহয় লগতে খোৱা-বোৱাত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় ৷ কেৱল এয়াই নহয়, কেতিয়াবা ৰোগীয়ে বমি আৰু ওকট-পাকট লগাৰ দৰে অনুভৱ হয় ৷
লগতে পঢ়ক: যদিহে নিজৰ যকৃতক সুস্থ ৰাখিব খোজে, আজিৰে পৰা খাওক এইসমূহ পাচলি... - Best vegetables for Liver