ETV Bharat / health

সাৱধান! জীৱ-জন্তুৰ দেহৰ পৰা আপোনাৰ দেহলৈ আহিব পাৰে এই বেক্টেৰিয়া - Doctor Advice

author img

By ETV Bharat Health Team

Published : Sep 4, 2024, 2:37 PM IST

Leptospirosis: লেপ্ট'পাইৰ'চিছ ৰোগ কি হয় ? কেনেদৰে ই মানুহৰ দেহলৈ প্ৰৱেশ কৰে ? ইয়াৰ লক্ষণসমূহ কি কি এই সন্দৰ্ভত জনালে চিকিৎসক ডাঃ শশিভা বৰ্মনে ।

WHAT IS LEPTOSPIROSIS? LET'S KNOW ITS CAUSES, SYMPTOMS, DIAGNOSIS, AND TREATMENT FROM THE EXPERT
সাৱধান! জীৱ-জন্তুৰ দেহৰ পৰা আপোনাৰ দেহলৈ আহিব পাৰে এই বেক্টেৰিয়া (ETV Bharat Assam)

গুৱাহাটী, 4 ছেপ্টেম্বৰ: লেপ্ট’স্পাইৰ’ছিছ এনে এবিধ ৰোগ যি ৰোগ জীৱ-জন্তুৰ দেহৰ পৰা মানুহৰ দেহত প্ৰৱেশ কৰিব পাৰে ৷ এই ৰোগ দৰাচলতে লেপ্টোস্পাইৰা নামৰ এটা বেক্টেৰিয়াৰ দ্বাৰা হয় ৷ এই ৰোগৰ লক্ষণ সাধাৰণ ভাইৰেল জ্বৰৰ দৰেই ৷ সেয়ে বহু সময়ত এনেকুৱা হয় যে এই ৰোগত আক্রান্ত হোৱা ব্যক্তিয়ে প্ৰথমৱাস্থাত সাধাৰণ জ্বৰ নে অন্য কিবা বেলেগ ৰোগ ইয়াৰ কোনো সঠিক তথ্য লাভ কৰিব পৰা নাযায় লগতে বহুবাৰ মানুহে সাধাৰণ জ্বৰ, চৰ্দি বুলি গণ্য কৰি ইয়াক আওকাণ কৰে যাৰ ফলত পিচলৈ বিপদজনক পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে ৷

চিকিৎসক ডাঃ শশিভা বৰ্মন (ETV Bharat Assam)

ইয়াৰ লক্ষণ সমূহ কি কি ?

চিকিৎসক ডাঃ শশিভা বৰ্মনে কয় যে, লেপ্ট’স্পাইৰ’ছিছ ৰোগৰ লক্ষণ সাধাৰণতে ভাইৰেল জ্বৰৰ দৰে একেই ৷ এই ৰোগ হ'লে প্ৰথম অৱস্থাত ৰোগী গৰাকীৰ খুব বেছি জ্বৰ হ'ব পাৰে ৷ লগতে বমি হ'ব পাৰে আৰু পেটৰ বিষ হ'ব পাৰে, চকু জ্বলা-পোৰা কৰিব পাৰে ৷ যদিহে প্ৰাৰম্ভিক পৰ্যায়ত এই ৰোগ ধৰা নপৰে তেন্তে ক্ৰমান্বয়ে ই বাঢ়ি গৈ থাকে আৰু লাহে লাহে ব্যক্তিগৰাকীৰ যকৃত, বৃক্কত আদিত সংক্ৰমণৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰে ৷

লেপ্টোস্পাইৰা বেক্টেৰিয়া কেনেদৰে আমাৰ শৰীৰত প্ৰৱেশ কৰে ?

লেপ্টোস্পাইৰা বেক্টেৰিয়া আমাৰ শৰীৰত দুই ধৰণে প্ৰৱেশ কৰিব পাৰে-

১) যদিহে আমি লেপ্টোস্পাইৰা বেক্টেৰিয়া থকা যিকোনো খাদ্য যদি আমি গ্ৰহণ কৰো বা বাহিৰৰ খাদ্য গ্ৰহণ কৰো তাৰ পৰাও এই বেক্টেৰিয়া আমাৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে ৷

২) যদিহে আমাৰ শৰীৰৰ কোনো অংশত কটা-চিঙা অংশ আছে বা ওপৰৰ ছালখন এৰাইছে আৰু তাত যদি কোনো জীৱ-জন্তুৰ মল-মূত্ৰ য'ত লেপ্টোস্পাইৰা বেক্টেৰিয়াটো
থাকে আৰু সেয়া যদি আঘাতপ্ৰাপ্ত ঠাইডোখৰৰ সংস্পৰ্শলৈ আহে তেন্তে ইয়াৰ ফলতো এই লেপ্টোস্পাইৰা বেক্টেৰিয়া আমাৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে ৷

কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰা উচিত ?

যিহেতু এই ৰোগৰ লক্ষণসমূহ সাধাৰণ ভাইৰেল জ্বৰৰ নিচিনা সেয়ে সমান্য যদি জ্বৰ-কাহ-চৰ্দি আদি লক্ষণ দেখা দিয়ে তেন্তে তাৎক্ষণিক ভাৱে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা কৰা উচিত ৷ লগতে অত্যধিক বাহিৰৰ খাদ্য গ্ৰহণ কৰিব নালাগে আৰু খাদ্য গ্ৰহণ কৰাৰ পূৰ্বে সদায় ভালদৰে হাত ধুই খাদ্য গ্ৰহণ কৰিব লাগে ৷ মুঠতে এক কথাত ক’বলৈ গ’লে ইয়াৰ পৰা বাচি থাকিবলৈ হ’ব চাফ-চিকুনতা তথা জীৱ-জন্তু সংস্পৰ্শলৈ অহাৰ পূৰ্বেও সাৱধানতা অৱলম্বন কৰক ৷

https://my.clevelandclinic.org/health/diseases/24021-leptospirosis

লগতে পঢ়ক: মহৰ পৰা নিজকে ৰক্ষা কৰিবলৈ গৰ্ভৱতী মহিলাৰ বাবে ৫ টা গুৰুত্বপূৰ্ণ টিপছ - World Mosquito Day 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.